Thursday , August 13 2020
শেহতীয়া খবৰ

Video | যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত দুজন কৰ্মচাৰী কোৰো’নাত আক্ৰান্ত।

আৰক্ষী অধীক্ষকসহ কাৰ্য্যালয়টোৰ সকলো কৰ্মচাৰী হোম কোৱাৰেনটাইণ্টত।

যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কার্যলয়ত কি হৈছে , জিলা উপায়ুক্তই কি ক'লে । চাওক এই প্ৰতিবেদন । Ganaadhikar. Com | Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Friday, 3 July 2020

গণ বার্তা, গণ বার্তা বিশেষ. যোৰহাট, ৪ জুলাই : গণ সংক্ৰমণৰ দিশে যোৰহাট নগৰ । ভ্ৰমণ বৃত্তান্ত নথকা ১৭ জন লোকৰ দেহত কভিডৰ অৱস্থিতি পোৱাৰ লগতে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কার্যলয়ত দুজনকৈ কৰ্মচাৰী কোৰো’নাত আক্ৰান্ত হোৱাত কার্যলয়টোত আতংকময় পৰিৱেশ সৃষ্টি হৈছে। এতিয়া যোৰহাট নগৰৰ যতে ততে সমাজিক দূৰত্বৰ নীতি ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে   যোৰহাট আৰক্ষী অধীক্ষকৰ  কাৰ্য্যালয়ত কৰ্মৰত দুজন কৰ্মচাৰীৰ দেহত মাৰাত্মক কভিড ১৯ৰ অৱস্থি ধৰা পৰাৰ লগে লগে কাৰ্য্যালয়তোৰ লগতে  সমগ্ৰ জিলাখনল আৰু সমগ্ৰ উজনি অসমত  চঞ্চল্যৰ সৃষ্টি হয়। কভিড ১৯ পজিটিভ কৰ্মচাৰী দুজন হৈছে তপন দত্ত আৰু পবিত্র মাধৱ শইকীয়া। যোৰহাট জিলা প্ৰশাসনৰ এক সূত্ৰে জনোৱা মতে কিছু দিনৰ পূৰ্বে  অসম আৰক্ষীৰ লোক সকলৰ স্বাৱৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰোৱা হৈছিল আৰু আজি অহা এই ফলাফলত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ দুজন কৰ্মচাৰী ক্ৰমে তপন দত্ত আৰু পবিত্র মাধৱ শইকীয়াৰ টেষ্ট ৰিপৰ্টত  কভিড ১৯ পজিটিভ আহে। লগে লগে আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ চেনিটাইজ কৰা হয় আৰু কভিড ১৯ পজিটিভ দুয়োজনৰ ব্যক্তিৰ সংস্পৰ্শলৈ অহা যোৰহাট আৰক্ষী অধীক্ষকক, উপ আৰক্ষী অধীক্ষকৰ লগতে কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকলক হোম কোৱাৰেনটাইণ্ট কৰা হয়। এই সকল কৰ্মচাৰীৰ ইতিমধ্যে স্বাৱ সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে এই ঘটনাৰ পিচতে যোৰহাট জিলা উপায়ুক্তই জনোৱা মতে ক্ৰমাৎ গণ সংক্ৰমণৰ দিশত আগবাঢ়িছে যোৰহাট জিলা। যোৰহাটত সাম্প্রতিক কোনো ভ্ৰমণ বৃত্তান্ত নথকা প্ৰায় ১৭ জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কভিড ১৯ৰ অৱস্থিতি। ইয়াৰে পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। পূৰ্বতে শণিবাৰে আৰু দেওবাৰে জিলাখনৰ পৌৰ এলেকা সমূহত সম্পূর্ণ লক ডাউনৰ ব্যৱস্থা কৰা হৈছিল যদিও বৰ্তমানৰ জিলাখনৰ পৰিস্থিতিলৈ চাই উপ নগৰীয় অঞ্চল সমূহলৈও বৃদ্ধি কৰা হৈছে। তদুপৰি সোমবাৰৰ পৰা পূৰ্বৰ দ্বিতীয় পৰ্য্যায়ৰ লক ডাউনৰ দৰে নগৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ   পঞ্চাশ শতাংশ খুলাৰ ব্যৱস্থা কৰা হ’ব। সাপ্তাহিক বজাৰ সমূহ: মূলত গ্ৰাম্যাঞ্চলৰ সম্পূর্ণ ৰূপে বন্ধ কৰা হ’ব। অড-ইভেন নম্বৰ আৰু মাস্ক পৰিধানৰ ক্ষেত্রত অতি কঠোৰ হ’ব জিলা প্ৰশাসন। উল্লেখ্য যে যদিহে এনেদৰে গণ সংক্ৰমণৰ বৃদ্ধি হৈ থাকে তেনেহ’লে অতি সোনকালে যোৰহাট জিলা সম্পূর্ণ ৰূপে লক ডাউন হ’ব পাৰে বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে। আনহাতে যোৰহাট নগৰৰ ৰজাবাৰীৰ ৰাজদ্বীপ দাসৰ আৰু নগৰৰ ৰেল লাইন ফাঁচি আলিৰ আব্দুল ৱাচিম নামৰ এজন যুৱকৰ দেহত কভিড পজেটিভ পোৱাৰ এই দুয়োটা অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে । ইতিমধ্যে স্বাস্থ্য বিভাগে লোক দুজনৰ বাসগৃহৰ বাহিৰত  কণ্টেইনমেণ্ট জ’ন বুলি ফলক আঁৰি ছীল কৰি দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *