Friday , September 25 2020
শেহতীয়া খবৰ

Video | স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

Assam Cabinet Minister Dr Himanta Biswa Sarma reviews Flood situation at Kaziranga National Park

ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কি কলে । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Monday, 20 July 2020

গণ বাৰ্তা , বোকাখাত, ২০ জুলাই:  অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীটো এটা আবেগিক কথা৷ কেৱল ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলেই সমস্যা সমাধান হ’ব নোৱাৰে৷” আজি কাজিৰঙাত এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তবিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উদাৰভাৱে সহায় আগবাঢ়াই আহিছে৷ ৰাজ্য চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে কিবা আঁচনি দিলে সহায় কৰি আহিছে আৰু সহায় কৰি থাকিব৷ ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে যিমান পোৱা যাব এতিয়া তাতকৈ কোনোগুণে কম পোৱা নাই বুলিও তেওঁ মন্তব্য কৰে৷ অৱশ্যে অধিক সুবিধাৰ বাবে অধিক আঁচনি প্ৰস্তুত কৰিব লাগিব বুলিও তেওঁ কথা প্ৰসংগত উল্লেখ কৰে৷ উল্লেখ্য যে, আজি সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়৷
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি কিছু স্থিৰ অৱস্থালৈ আহিছে যদিও বৰ্তমানেও জলমগ্ন হৈ আছে ৰাষ্ট্ৰীয় উদ্যান খনৰ ৭০ শতাংশতকৈয়ো অধিক স্থান৷ আজি মন্ত্ৰী দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰাৰ সন্দৰ্ভত উপস্থিত হয় মিহিমুখত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তভাগলৈ সোমাব লওতেই মন্ত্ৰী গৰাকীৰ জিপ্ছীখনখন আগভেটি ধৰে এটা প্ৰকাণ্ড গঁড়ে ৷ প্ৰায় ১০ মিনিটমান সময় আগুছি ধৰি ৰাখে মন্ত্ৰী গৰাকীৰ জিপ্ছীখন ৷ পৰৱৰ্তী সময়ত বনকৰ্মীৰ দলে শূন্যলৈ গুলী চালনা কৰি গঁড়টো খেদাবলৈ সক্ষম ৷ ইয়াৰ পাছতে মিহিমুখত নাৱত উঠি উদ্যানৰ ভিতৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে বনকৰ্মীৰ সৈতে মত বিনিময় কৰে৷ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰোতেই ৷ কাজিৰঙাত কৰ্মৰত অস্থায়ী কৰ্মী আছে সেইসকলৰ পাৰিতোষিক বৃদ্ধিৰ বাবেও চিন্তা চৰ্চা কৰা হ’ব বুলিও আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীজনক সংগ দিয়ে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, কাৰ্বি আংলঙৰ সাংসদ হৰেণচিং বে, কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বনবিভাগৰ শীৰ্ষ বিষয়াসকলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *