Friday , September 25 2020
শেহতীয়া খবৰ

হাজাৰোধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত যোৰহাট আছুৰ 

গণবাৰ্তা বিশেষ, যোৰহাট ১৩ আগষ্ট :  কৰ’ণা মহামাৰীয়ে গ্ৰাস কৰি পেলোৱা এই জটিল সময়ৰ মাজতেই দেখা দিয়া অন্য এক জটিলতাই ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি এক অন্ধকাৰ নমাই আনিছে । ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাতে অসমৰ মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা তেনেই সীমিত আৰু শিক্ষা বিভাগৰ এই ব্যৰ্থতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যন্ত্ৰণা ভোগ কৰি আহিবলগা হৈছে। যোৰহাটতো এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ  হাজাৰোধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাত  ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ এক অনিশ্চয়তা নামি অহাযেন পৰিলক্ষিত হৈছে আৰু তাৰ বিৰুদ্ধে গৰজি উঠি আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা,পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা ,উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিতভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত ১১ বজাৰ পৰা ১ বজাৰলৈকে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি  ‘প্ৰকৃতাৰ্থত শিক্ষাবিভাগৰ আন্তঃগাঁঠনি উন্নয়ন কৰক ‘ , ‘ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুবিধা প্ৰদান কৰিবই লাগিব ‘ , ‘ মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰক ‘ , ‘দাম্ভিক শিক্ষামন্ত্ৰী হায় হায় ‘ ইত্যাদি লিখিত প্লে’কাৰ্ড প্ৰদৰ্শনেৰে হাজাৰোধিক ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবীত পাঁচোখন আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ জিলা উপায়ুক্ত মহোদয়াৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু শিক্ষামন্ত্ৰীলৈ পৃথকে দুখন স্মৰকপত্ৰ প্ৰদান কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড উপস্থিত থকা অৱস্থান ধৰ্মঘটস্থলীত  উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈ আৰু জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰাজীৱ বৰাই কয়  , মহাবিদ্যালয় সমূহৰ সীমিত আসন আৰু দুৰ্বল আন্তঃগাঁঠনিৰ বিষয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক বাৰম্বাৰে জনাই অহা হৈছে ।  শিক্ষামন্ত্ৰী মহোদয়ে য’তেই  ভাষণ দিয়ে তাতেই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপনৰ কথা কয় কিন্তু বৰ্তমানে থকা  বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল । যাৰ ফলত অতি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীও উচ্চশিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে আৰু যোৰহাটত এইবাৰ হাজাৰোধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰা নাই । গতিকে আমি এনেকুৱা এখন ৰাজ্যত বসবাস কৰিছোঁ য’ত কোৱা হয় যে ভাল শিক্ষা ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ কিন্তু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বাবেও ৰাজপথত আন্দোলন কৰিব লগীয়া হৈছে যিটো অতি দুৰ্ভাগ্যজনক কথা । গতিকে ৰাজ্যত শিক্ষাগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে সংগ্ৰাম কৰিব লগা হোৱা ঘটনাই  বাহিৰে ৰঙীন আৰু ভিতৰে ফোপোলা হৈ থকা অসমৰ শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে । সেয়েহে আজি আমি পাঁচোখন আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিত প্ৰতিবাদেৰে কেৱল কথাৰে চলি থকা চৰকাৰখনক ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা নিশ্চিত কৰি শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ । বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য বিতোপন বৰাই কয়, ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব নোৱাৰা দাম্ভিক শিক্ষামন্ত্ৰীজন আচলতে গৰিহণাৰ যোগ্য ৷ যোৰহাটৰ হাজাৰোধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত বৰ্তমানে এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । গতিকে আমাৰ স্পষ্ট দাবী যিকোনো মূল্যৰ বিনিময়ত এই ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদানৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । একেতা বিবৃতিতে বালিগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিত হাজৰিকা,উত্তৰ-পশ্চিম আঞ্চলিক যোৰহাট সন্থাৰ সভাপতি অসীম বৰবৰাই কয়, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতত যাতে ব্যাঘাত নজন্মে তাৰবাবে মহাবিদ্যালয় সমূহত আসনত শিক্ষা বৃদ্ধি কৰিব লাগে । পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰক্তিম ৰঞ্জন বৰাই স্মাৰক পত্ৰ পাঠ কৰি কয়, হাজাৰোধিক ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানে এক চৰম অনিশ্চয়তাত থাকিব লগীয়া হৈছে সেইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে মহাবিদ্যালয় সমূহত নৈশ শ্ৰেণীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । প্ৰতিবাদস্থলীত উপস্থিত থাকি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুম মনি ভূঞা আৰু পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধূৰ্য্য দত্তই কয় , বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষাবিভাগে যিকোনো উপায়েৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সমূহ ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰিব লাগে ।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাঁচোখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক তথা বিষয়ববীয়া উপস্থিত থাকি স্বাস্থ্য বিভাগৰ এনে অমনোযোগীতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *