Home Main Stories ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

107
0

অসমলৈ ভেকচিনৰ আৱণ্টন বৃদ্ধি কৰিবৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

গুৱাহাটী, ১৩ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ শেহতীয়া ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অঞ্চলটোৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়োজন কৰা ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ভিডিঅ’ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীয়ে ক’ভিড অতিমাৰীৰ দুয়োটা ঢৌৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অসমে ভাল প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত এই ৰোগ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। চাহ বাগিচা এলেকাসমূহত এই ৰোগ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপৰ লগতে বাগিচাৰ ৰাইজক টিকাকৰণৰ বাবে লোৱা প্ৰচেষ্টাৰ বিষয়েও তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ক’ভিড-১৯ৰ চিকিৎসা আন্তঃগাঁথনিৰ অংশ হিচাপে মেডিকেল অক্সিজেনৰ উৎপাদন, আইচিইউ বিছনা, অক্সিজেনৰ সুবিধাযুক্ত বিছনা, আইছ’লেচন ৱাৰ্ড আদিৰ স্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। ৰাজ্যখনৰ সকলো লোককে অতি সোনকালে টিকাকৰণৰ অধীনত সামৰি ল’ব পৰাকৈ অসমলৈ ভেকচিনৰ আবণ্টন বৃদ্ধি কৰিবৰ বাবেও তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ ‘টেষ্টিং-Îট্ৰকিং-ট্ৰীটমেণ্ট’ নীতি অনুসৰণ কৰিছে আৰু সম্পূৰ্ণ লকডাউন ঘোষণাৰ পৰ্যায়লৈ নোযোৱাকৈ ৬ হাজাৰতকৈও অধিক মাইক্ৰ’ কেণ্টইনমেণ্ট জ’ন ঘোষণা কৰি মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। অৰ্থনীতি আৰু ক’ভিডৰ বিৰুদ্ধে যুঁজ একেলগে চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ ক’ভিড পজিটিভিটীৰ হাৰ অতি সোনকালে ১ শতাংশৰ তললৈ নমাই আনিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে। আজিৰ এই ভিডিঅ’ কনফাৰেন্সত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মণ্ডাৱিয়া, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাইও অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here