Home Main Stories দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাওঁ বুঢ়া নিযুক্তি কেলেংকাৰীৰ পুনৰ খোল খালে নতুন...

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাওঁ বুঢ়া নিযুক্তি কেলেংকাৰীৰ পুনৰ খোল খালে নতুন ক’লা অধ্যায় : জিলা খনৰ উপায়ুক্ত কাৰ্যালয়ৰ ১১ গৰাকী কৰ্মচাৰীক মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দ্বাৰা জেৰা

304
0

মানকাচৰ,২৮ ডিচেম্বৰ : ৰাজ্য চৰকাৰে দূৰ্নীতি, ভ্ৰষ্টাচাৰ, দালালৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ। দূৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া, কৰ্মচাৰী, ৰাজনৈতিক নেতা পালি নেতা,দালালক  গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি ৰাজ্য খনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নজিৰ সৃষ্টি কৰিছে। সমান্তৰাল ভাৱে দক্ষিণ শালমাৰা মানকাচৰ জিলখনতো চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ফলত  আৰক্ষী, জিলা প্ৰশাসনে কেইবা গৰাকী দালালক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।এইবাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ কলা অধ্যায় খোল খাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন  অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক  মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন বিভাগত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি,দালালৰাজৰ নতুন কলা অধ্যায় পোহৰ লৈ আহিছে।২০১৮ চনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিধান সভা সমষ্টিত  ৭০ গৰাকী গাওঁ বুঢ়াক বিভিন্ন ল’টত নিযুক্তি দিয়াৰ বাবে সেই সময়ৰ জিলা উপায়ুক্ত আতিকা সুলতানাই বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। কিন্তু লক্ষ্যনীয় যে, বাছনিকৃত ৭০ গৰাকী গাওঁ বুঢ়া প্ৰাৰ্থী নিজৰ নিজৰ দলীয় নেতাৰ নেতৃত্বত  প্ৰতি গৰাকী বাছনি কৃত প্ৰাৰ্থীৰ  চাৰি লাখৰ পৰা দহ  লাখ টকা কৈ উৎকোচ সংগ্ৰহ কৰি জিলা উপায়ুক্ত আতিকা সুলতানাৰ লগত বজাবুজি কৰি গাওঁ বুঢ়া প্ৰাৰ্থীৰ  চুড়ান্ত তালিকা ঘোষণা কৰিছিল বুলি জানিব পৰা গৈছে। বহু বছৰৰ পৰা গাওঁ বুঢ়া হিচাপে কাম কৰি থকা ব্যক্তি সকলক বিভিন্ন কৌশলেৰে উপায়ুক্ত গৰাকীয়ে বঞ্চিত কৰাত তেওঁ লোকে গুৱাহাটী হাই কোৰ্টৰ দ্বাৰস্থ হয়। যাৰ ফলত উপায়ুক্ত গৰাকীয়ে চুড়ান্ত ভাবে বাচনি কৰা গাওঁ বুঢ়া সকলক নিযুক্তি প্ৰদান কৰিব পৰা নাছিল।উল্লেখযোগ্য যে,আইনী মেৰপেছৰ বাবে  ২০২১ চনত তদানীন্তন উপায়ুক্ত গুৰুদ্বীপ পানেশৰৰ নেতৃত্বত বাছনি কৃত প্ৰাৰ্থীৰ ভিতৰত ৬৮ গৰাকী গাওঁ বুঢ়া প্ৰাৰ্থীক ৫৬ হেজাৰৰ পৰা ৬০ হেজাৰ টকা কৈ সংগ্ৰহ কৰি নিযুক্তি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে।আনহাতে গাওঁ বুঢ়া বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি আৰু বহু ল’টত ব্যাপক অনিয়ম কৰি সমষ্টি খনৰ প্ৰায় সকলো বোৰ নেতাৰ আশীষ তথা হস্তক্ষেপত মোটা অংকৰ ধনৰ লেনদেন কৰি এনে কাৰ্য্য সম্পাদন কৰে বুলি পুৰণি বেচৰকাৰী গাওঁ বুঢ়া সকলে গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে। মানকাচৰ সমষ্টিৰ  গাওঁ বুঢ়া প্ৰাৰ্থী বাছনি আৰু নিযুক্তি কেলেংকাৰীত মহা নায়িকা তদানীন্তন উপায়ুক্ত আতিকা সুলতানা, তদানীন্তন উপায়ুক্ত গুৰুদ্বীপ পানেশৰ আৰু  এই কেলেংকাৰীত সক্ৰিয় ভাবে জড়িত ৰাজনৈতিক নেতা সকলক মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্তৰ আওতালৈ আনি স্বচ্ছ ,নিকা তদন্ত মৰ্মে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মুলক শাস্তি বিহাৰ লগতে বহু বছৰ ধৰি গাওঁ বুঢ়া হিচাপে কাম কৰি অহা ব্যক্তি সকলক ন্যায় প্ৰদান কৰিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ওচৰত  দাবী উত্থাপন কৰিছিল। ইয়াৰ অংশ হিচাপে  মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ১১ গৰাকী কৰ্মচাৰীক গুৱাহাটীস্থিত কাৰ্যালয়ত জেৰা কৰা হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে গাওঁ বুঢ়া কেলেংকাৰীৰ সন্দৰ্ভত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমান, মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোত ৰখা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here