Home অসম মদ নালাগে, ভেকচিন লাগে, সদনত বিৰোধীৰ হাল্লাবল

মদ নালাগে, ভেকচিন লাগে, সদনত বিৰোধীৰ হাল্লাবল

77
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ জুলাহ : অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি উচ্চাৰিত হ’ল ‘ঘৰে ঘৰে মদ নালাগে, লাগে ভেকচিন’। এই প্ৰশংগক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে। বিৰোধীয়ে সদনৰ মজিয়াত ‘ঘৰে ঘৰে মদ নালাগে, ভেকচিন লাগে’ ধবনিৰে সদনৰ মজিয়া উত্তাল কৰি তোলে। বিৰোধীৰ এনে প্ৰতিবাদৰ বাবে অধ্যক্ষই দিনৰ ৩ বজালৈ সদন স্থগিত ঘোষণা কৰে। উল্লেখ্য যে আজি প্ৰশ্নোত্তৰ কালত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্যৰ কিমান লোকক ক’ভিড টিকাকৰণ প্ৰদান কৰা হ’ল আৰু এতিয়ালৈ কিমান বাকী আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই সদনত জানিবলৈ দি কয় যে অসমত প্ৰথম আৰু দ্বিতীয় মুঠ ৪,৬২,০০,০০০ পালি ক’ভিড প্ৰতিষেধকৰ প্ৰয়োজন হ’ব। ৩০ জুনলৈকে ৰাজ্যত ৫৭,৯০,৯২১জন লোকক প্ৰথম পালি টিকা প্ৰদান কৰাৰ বিপৰীতে ১২,৩০,৪০১জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীৰ এই উত্তৰৰ পিছতেই কংগ্ৰেছ বিধায়ক ভৰত নৰহে প্ৰতিষেধক প্ৰদানৰ হাৰ জানিব বিচাৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যত ৩০ শতাংশ লোকক প্ৰথম পালি ভেকচিন দিয়া হৈছে আৰু ৭ শতাংশ লোকক দ্বিতীয় পালি ভেকচিন দিয়া হৈছে। ক’ভিড ভেকচিনৰ হাৰক লৈ কংগ্ৰেছ বিধায়কসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী পীয়ূষ হাজৰিকা। সেই সময়ত নিজৰ আসনৰ পৰা উঠি মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে যে ভেকচিন দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে অপপ্ৰচাৰ চলাইছিল। ভেকচিন ল’ব নালাগে বুলি অপপ্ৰচাৰ চলাইছিল ৰাইজৰ মাজত। মন্ত্ৰীয়ে সদনৰ মজিয়াত মুকলিকৈ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ অনাত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ৱাজেদ আলী চৌধুৰী সৰৱ হৈ পৰে আৰু তথ্য ৰাজ্যহুৱা কৰিবলৈ দাবী জনায়। এনে হুলস্থ²লীয়া পৰিৱেশৰ মাজতেই মন্ত্ৰীকেশৱ মহন্তই ভৰত নৰহক উদ্দেশ্যি কয় যে বিৰোধী দলপতিৰ পৰিপূৰক প্ৰশ্নক লৈ বিধায়ক ভৰত নৰহে হস্তক্ষেপ কৰিছে। মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই পুনৰবাৰ বিৰোধী দল সৰৱ হৈ পৰে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত ভেকচিনৰ নাটনি হৈছে। চৰ অঞ্চলসমূহত ভেকচিনৰ বাবে মোবাইল ভেকচিন চেণ্টাৰৰ দাবী উত্থাপন কৰে। শাসকীয় দলৰ বিধায়ক ৰূপক শৰ্মায়ো ভেকচিনক লৈ মন্তব্য কৰে। মন্ত্ৰী কেশৱ মহন্তই সদনৰ মজিয়াত জানিবলৈ দি কয় যে প্ৰতিগৰাকী বিধায়ককে সমষ্টিসমূহৰ অধ্যক্ষ পাতি দিয়া হৈছে। মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই বিৰোধী দল কংগ্ৰেছৰ বিধায়কসকল সৰৱ হৈ পৰে। কমিটীৰ অধ্যক্ষ নিৰ্বাচিত কৰাৰ প্ৰসংগত কংগ্ৰেছৰ বিধায়কসকল অৱগত নহয়। আনকি এই সন্দৰ্ভত এতিয়ালৈকে কোনো অধিসূচনা জাৰি হোৱা নাই। মন্ত্ৰীৰ এনে মিথ্যাচাৰৰ বিৰুদ্ধে বিধায়কসকল সৰৱ হৈ পৰে আৰু শ্ল’গান দিয়ে যে এতিয়া ঘৰে ঘৰে মদ নালাগে। ভেকচিন লাগে। পিছত অধ্যক্ষই সদন স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here