Home ক্ৰীড়া আইপিএল ২০২১ৰ পিছত আৰচিবিৰ অধিনায়ক পদ এৰিব বিৰাট কোহলীয়ে

আইপিএল ২০২১ৰ পিছত আৰচিবিৰ অধিনায়ক পদ এৰিব বিৰাট কোহলীয়ে

97
0

ডুবাই, ২০ ছেপ্টেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনৰ পিছত বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ অধিনায়ক পদ ত্যাগ কৰিব। অহা মাহত টি-২০ বিশ্বকাপৰ পিছত ৰাষ্ট্ৰীয় টি-২০ দলৰ অধিনায়ক পদ ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ দুদিন পিছত দেওবাৰে কোহলীয়ে আৰচিবিৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।ফ্ৰেঞ্চাইজিৰ অন্যতম সফল খেলুৱৈ ৩২ বছৰীয়া কোহলীয়ে অৱশ্যে আৰচিবিৰ দলৰ অংশ হৈ থাকিব।আৰচিবিৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোহলীয়ে কয়, ‘আৰচিবিৰ অধিনায়ক হিচাপে এয়া মোৰ অন্তিম আইপিএল হ’ব। মই মোৰ অন্তিম খন আইপিএল খেললৈকে আৰচিবিৰ খেলুৱৈ হৈ থাকিম। মোক বিশ্বাস কৰা আৰু মোক সমৰ্থন কৰাৰ বাবে মই আৰচিবিৰ অনুৰাগীসকলক ধন্যবাদ জনাইছো।’ তেওঁ লগতে কয়- আৰচিবি দলৰ প্ৰতিভাশালী খেলুৱৈৰ এটা গোটৰ অধিনায়কৰূপে দায়িত্ব গ্ৰহণ কৰাটো এটা মহান আৰু অনুপ্ৰেৰণাদায়ক যাত্ৰা। মই এই সুযোগত আৰচিবি মেনেজমেণ্ট, প্ৰশিক্ষক, পেৰামেডিক্স, খেলুৱৈ আৰু ফ্ৰেঞ্চাইজিৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সমগ্ৰ আৰচিবি পৰিয়ালক ধন্যবাদ জনাইছো।এইটো এটা সহজ সিদ্ধান্ত নাছিল কিন্তু যথেষ্ট চিন্তাৰে, সিদ্ধান্তটো লোৱা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here