Home ক্ৰীড়া আইপিএল-২০২১ৰ মুম্বাই চেম্পিয়ন হোৱাৰ ভৱিষ্যতবাণী বীৰেন্দ্ৰ ছেহৱাগৰ

আইপিএল-২০২১ৰ মুম্বাই চেম্পিয়ন হোৱাৰ ভৱিষ্যতবাণী বীৰেন্দ্ৰ ছেহৱাগৰ

64
0

নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ:  আই পি এল-২০২১ৰ চতুৰ্দশ ছিজনৰ দ্বিতীয় পৰ্যায় আজিৰে পৰা আৰম্ভ হ’ব ইউএইত আৰম্ভ হৈছে। আৰম্ভৰ প্ৰাকক্ষণত প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগে প্ৰতিযোগিতাখনৰ চেম্পিয়ন হোৱাৰ ভৱিষ্যতবাণী কৰিছে।ডুবাইত চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু মুম্বাই ইণ্ডিয়ানছৰ (এমআই) মাজত সংঘৰ্ষৰে ছিজনৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। নজফগড়ৰ নৱাব নামেৰে জনাজাত এই অভিজ্ঞ ক্ৰিকেটাৰ গৰাকীয়ে কয় যে যিহেতু আই পি এল এতিয়া ইউএইলৈ স্থানান্তৰিত হৈছে, মুম্বাই ইণ্ডিয়ানছ দলটো আইপিএল ট্ৰফী জয়ৰ সুযোগ আছে।  ইয়াৰ উপৰিও দিল্লীৰ কেপিটেলচৰো যথেষ্ট সুযোগ আছে।চেহৱাগে হিন্দুস্তান টাইমছৰ আগত কয়, ‘দ্বিতীয়াৰ্ধটো ডুবাই আৰু আবু ধাবিলৈ স্থানান্তৰিত কৰা হৈছে (শাৰজাহত কিছুমান মেচখেলিব লাগিব), মই ভাবো দিল্লী আৰু মুম্বাই দলবোৰ আকৌ এবাৰ ফেভাৰিট হ’ব। পাঁচবাৰৰ চেম্পিয়ন দল মুম্বাই অলপ আগবাঢ়ি আছে। প্ৰথম লেগৰ সময়ত ভাৰতত চেন্নাইৰ গড় স্ক’ৰ আছিল ২০১, কিন্তু মই ভাবো যেতিয়া ইউএই পিটছৰ কথা আহে, তেওঁলোকৰ বেটিং প্ৰভাৱিত হ’ব। যদি মই এটা দল বাছনি কৰিব লগা হয়, সেয়া মুম্বাই হ’ব।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here