Home ৰাজনীতি ঘগ্ৰাপাৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজত আজি কেঞ্চাৰ চিকিৎসালয়ৰ ভাৰ্চুৱেলি শিলান‍্যাস

ঘগ্ৰাপাৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজত আজি কেঞ্চাৰ চিকিৎসালয়ৰ ভাৰ্চুৱেলি শিলান‍্যাস

81
0

গণ বাৰ্তা, ঘগ্ৰাপাৰ,২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নলবাৰীৰ ঘগ্ৰাপাৰত নিৰ্মাণ হ’বলগীয়া কেঞ্চাৰ চিকিৎসালয়খনৰ ভাৰ্চুৱেলি শিলান্যাস কৰে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি অসমৰ ৭ খন জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৭ খন কেঞ্চাৰ হস্পিতাল উদ্বোধন কৰে। তদুপৰি নলবাৰীৰ ঘগ্ৰাপাৰৰ বড়িগাঁৱত নিৰ্মীয়মাণ মেডিকেল কলেজৰ চৌহদতো এখন কেঞ্চাৰ চিকিৎসালয়ৰ ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী মোদীয়ে শিলান‍্যাস কৰে। এই উপলক্ষে আজি দুপৰীয়া ঘগ্ৰাপাৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ চৌহদত কেঞ্চাৰ চিকিৎসালয়ৰ ভাৰ্চুৱেলি আধাশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি  নলবাৰী জিলা প্ৰশাসনৰ উদ‍্যোগত এখন সভা অনুষ্ঠিত হয়। নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে আদৰনি ভাষণৰে আৰম্ভণি কৰা অনুষ্ঠানটিত সাংসদ কুইন ওজা,নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ভাষণত আজিৰ দিনতো অসমৰ বাবে গৌৰৱৰ দিন বুলি অভিহিত কৰাৰ লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত কয় যে এই কেঞ্চাৰ চিকিৎসালয়খনে অঞ্চলটোৰ কেঞ্চাৰ ৰোগীসকল উপকৃত হব বুলি আশা কৰে।আজি এই আধাৰ শিলা অনুষ্ঠানত উপস্থিত থাকে ৰাজ‍্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, জি এম ডিৰ অধ‍্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে ধৰি যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here