Home Main Stories জলন্ত সমস্যাকলৈ অসম চিভিল ছ’চাইটিৰ ভাৰ্চুৱেল বৈঠক

জলন্ত সমস্যাকলৈ অসম চিভিল ছ’চাইটিৰ ভাৰ্চুৱেল বৈঠক

179
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : কোৰোনা মহামাৰীৰ বাবে অসম চিভিল ছ’চাইটীয়ে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। শুকুৰবাৰে অনুষ্ঠিত এই ভাৰ্চুৱেল বৈঠকৰ আঁত ধৰে আফ্ৰিদা হুছেইনে। উক্ত মিটিংখনত ছ’চাইটীৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে সভাপতিত্ব কৰে। গুৱাহাটীত অনুষ্ঠিত এই ভাৰ্চুৱেল বৈঠকত যোৰহাট, নগাঁও, গোৱালপাৰা, ধুবুৰী, তেজপুৰকে আদি কৰি বিভিন্ন জিলাৰ ছ’চাইটীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এইসমূহ জিলাৰ প্ৰতিনিধিসকলক ছ’চাইটীৰ সম্পাদক ছাহজাহান তালুকদাৰে চিনাকি কৰি দিয়াৰ উপৰি সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। এই বৈঠকত সৰ্বপ্ৰথমে ছ’চাইটীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত থকা অন্যতম উদ্যোক্তা আইএএছ বিষয়া তথা ছ’চাইটীৰ কাৰ্যকৰী সভাপতি মাহতাব উদ্দিন আহমেদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। এই বৈঠকত উপস্থিত থকা প্ৰতিনিধিসকলৰ ভিতৰত ছ’চাইটীৰ সম্পাদক আফ্ৰিদা হুছেইনে ছিপাঝাৰৰ উেচ্ছদিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি তাৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বৈঠকত অৱগত কৰে। তেওঁ কয় যে চৰকাৰে উেচ্ছদ অভিযান চলাবলৈ প্ৰস্তাৱ লোৱাৰ ভিতৰত ১৯৫ পৰিয়ালৰ ভূমি পট্টা আছে। উেচ্ছদিত পৰিয়ালসকলক তেওঁ সাহায্যও বিতৰণ কৰে। আনহাতে আন এগৰাকী প্ৰতিনিধি তথা অধিবক্তা ইমতিয়াজ হাজৰিকাই কয় যে এটি সন্তানৰ সন্মুখত তেওঁৰ আপোন ঘৰখন ভাঙি দিলে পুত্ৰৰ মনত ক্ষোভৰ উদ্‌গিৰণ হোৱাটো স্বাভাৱিক ঘটনা। ইয়াৰ ফলত যদি সন্তানটো বিপথগামী হয় তেন্তে ইয়াৰ দায়িত্ব কোনে গ্ৰহণ কৰিব বুলিও প্ৰশ্ন কৰে। লগতে চৰকাৰে এটা সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি চলাই থকা অভিযানক গৰিহণা জনায়। আনহাতে ডাঃ ৰেজাউল কৰিমে কয় যে এনআৰচিৰ অনেক তথ্যৰ ভিতৰত দুই-এখন ইফাল-সিফাল হ’ব পাৰে। সেইসমূহ সঠিকভাৱে পৰীক্ষা কৰিব লাগে। তাৰ অজুহাত লৈ এজনৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰাটো কেতিয়াও ভাল কথা হ’ব নোৱাৰে। প্ৰাক্তন এচিএছ বিষয়া এ এইচ খন্দকাৰে কয় যে এনআৰচিখন ইতিমধ্যে পুনৰীক্ষণ হৈ গৈছে। গৃহ মন্ত্ৰালয়ে এনআৰচিখনক চূড়ান্ত বুলি ঘোষণা কৰিছে। কিন্তু ইমানৰ পিছতো এটা লবীয়ে এনআৰচিৰ প্ৰসংগক লৈ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আছে। এই কাৰ্য বন্ধ হ’ব লাগে। আনহাতে অধ্যাপক আব্দুল কায়ুম আল আমানে কয় যে যিসকলক উেচ্ছদ কৰা হৈছে সেইসকলৰ ভূমিৰ নথি-পত্ৰ স্বাধীনোত্তৰ কালৰ পৰাই আছিলে। ইমানৰ পিছতো এটা সম্প্ৰদায়ক আক্ৰোশমূলকভাৱে উেচ্ছদ কৰা হৈছে। আনহাতে ডাঃ ছহিদুল ইছলামে কয় যে আমি নীতিগতভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছো আৰু কৰি যাম। অসম চিভিল ছ’চাইটীয়ে এটা আইটি চেল গঠন কৰিব লাগে আৰু সংখ্যালঘু লোকসকলৰ সৈতে যোগাযোগ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে আব্দুল ৱাৰিছ চৌধুৰীয়ে কয় যে নতুন চৰকাৰখনে কংগ্ৰেছ-বিজেপি বুলি বিভাজন নানি ৩.৩ কোটি জনগণক নেতৃত্ব প্ৰদানত আগভাগ ল’ব লাগে। সকলোকে সমদৃষ্টিৰে চাব লাগে। এইক্ষেত্ৰত কোনো বিভাজন আনিব নালাগে। জাতি-জনজাতি নিৰ্বিশেষে সকলোৰে বাবে সম-উন্নয়নৰ কাম কৰিব লাগে নতুন চৰকাৰখনে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি এই বিষয়ক লৈ চিভিল ছ’চাইটীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ আহবান জনায়। ছ’চাইটীৰ আন এগৰাকী প্ৰতিনিধি এছ আৰ শইকীয়াই কয় যে ড্ৰাগ্‌ছ-মদ অচিৰেই ৰাজ্যত বন্ধ হ’ব লাগে। এনে মাদক দ্ৰব্য বন্ধ কৰিবলৈ ছ’চাইটীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও উল্লেখ কৰি কয় যে আমি ড্ৰাগ্‌ছ-মদৰ বিৰোধী। আনহাতে ছিৰাজুদ্দিন আহমেদে কয় যে ইছলাম ধৰ্মত হাৰাম খোৱা নিষেধ আছে। এইক্ষেত্ৰত এজন মুছলমানে মদ-ভাং সেৱন কৰিব নালাগে। যদি কৰে সেয়া ইছলামবিৰোধী কাৰ্য বুলি উল্লেখ কৰে। আনহাতে ড০ চৈয়দ ইফটিকাৰ আহমেদে কয় যে বৰ্তমান অসমত চলি থকা বিভেদকামী আৰু সাম্প্ৰদায়িক কাম-কাজৰ বিৰোধ কৰা উচিত। তেজপুৰৰ তাৰিক আনচাৰীয়ে কয় যে বৰ্তমান অসমত বহুক্ষেত্ৰত মানৱ অধিকাৰ ভংগ হৈ আছে। ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে আবচাৰ হাজৰিকাই কয় যে উেচ্ছদিত লোকসকলক সাহায্য বিতৰণৰ বাবে ছ’চাইটীয়ে এটা সাহায্য কোষ গঠন কৰিব লাগে। লগতে এই সম্পৰ্কত চৰকাৰলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব লাগে বুলিও উল্লেখ কৰে। উল্লেখ্য যে আজিৰ বৈঠকত ছ’চাইটীৰ সভাপতি জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনক উপদেষ্টা, প্ৰাক্তন উপায়ুক্ত আবচাৰ হাজৰিকাক সভাপতি, প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখক সাধাৰণ সম্পাদক আৰু ডাঃ চৈয়দ ইফটিকাৰ আহমেদক কাৰ্যকৰী সভাপতি ৰূপে এখন কমিটী গঠন কৰে। এই কমিটীখন পুৰণি কমিটীৰ সৈতে সংযুক্ত কৰি গঠন কৰা হৈছে। উল্লেখ্য যে আজিৰ বৈঠকত ক’ভিড কালত মৃত্যু ঘটা বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি, ড০ লক্ষ্মীনন্দন বৰাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি পৰিয়ালবৰ্গলৈ এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰে।

অসম চিভিল ছ’চাইটীৰ শোক প্ৰস্তাৱ :

অসম চিভিল ছ’চাইটীৰ যোৱা ১১ জুন, ২০২১ তাৰিখে অনলাইন যোগে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই তলৰ শোক প্ৰস্তাৱটো গ্ৰহণ কৰে আৰু মৃতকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰে। অসম চিভিল ছ’চাইটীয়ে যোৱা সময়ছোৱাত যিসকল শিল্পী-সাহিত্যিক, বুদ্ধিজীৱীৰ মৃত্যু হৈছে, সেই আটাইসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । যোৱা ১২ মে’, ২০২১ তাৰিখে অসমীয়া সাহিত্যৰ দিগগজ হোমেন বৰগোহাঞিদেৱৰ মৃত্যু হয়। হোমেন বৰগোহাঞিদেৱৰ মৃত্যু আমাৰ সকলোৰে বাবে বেদনাদায়ক আছিল । অসমৰ সমূহ জাতি, জনগোষ্ঠীক সামৰি এক সামগ্ৰিক (Inclusive) অসমীয়া জাতিৰ সপোন দেখিছিল বৰগোহাঞিয়ে । অসমৰ ৰাজনীতি তথা সমাজ জীৱনৰ এক জটিল সন্ধিক্ষণত প্ৰয়াত বৰগোহাঞিয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ হকে নিজ জীৱনকো বিপদাপন্ন কৰিছিল । অসমীয়া সাহিত্যৰ মহীৰূহগৰাকীয়ে পূৰ্ববঙ্গীয় মুছলমানসকলৰ নতুন প্ৰজন্মৰ মাজত বহুত সম্ভাৱনা লক্ষ্য কৰিছিল আৰু তেওঁলোকক অসমীয়া সাহিত্যৰ জগতখনলৈ উলিয়াই অনাত অহোপুৰুষাৰ্থ কৰিছিল । তেখেতৰ কাৰ্যকালতে অসম সাহিত্য সভাৰ অধিৱেশন কলগাছিয়াত অনুষ্ঠিত কৰি অসমীয়া সমাজ-জীৱনৰ পৰিসৰ বঢ়াই তুলিছিল । ‘ইছমাইল শ্বেখৰ সন্ধানত’ গল্পৰ মাধ্যমত বৰগোহাঞিয়ে অসমৰ জনগোষ্ঠীয় সমাজখনৰ সম্পৰ্কত তেখেতৰ স্থিতি ঘোষণা কৰিছিল। এই মাহৰ আৰম্ভণিতে অসমীয়া সাহিত্যৰ আন এগৰাকী কাণ্ডাৰী ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু হয় । অসমত জাতীয়তাবাদী আদৰ্শ আৰু ৰাজনীতিৰ অন্যতম পৃষ্ঠপোষক আছিল প্ৰয়াত বৰাদেৱ। যোৱা ২ মাৰ্চত অসমৰ সঙ্গীত জগতে হেৰুৱালে বাঁহীবাদক আৰু অসমৰ পৰম্পৰাগত বাদ্যৰ গুৰু প্ৰভাত শৰ্মাক। ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি, প্ৰখ্যাত অভিনেতা অনিল দাস, দৰদী কণ্ঠশিল্পী কুল বৰুৱা, অসমীয়া চিনেমাক সফলতাৰ বাট দেখুৱাওঁতা চিনেমা পৰিচালক দাৰা আহমেদ, বিশিষ্ট অসমীয়া চিনেমা পৰিচালক শম্ভু গুপ্তা, গোৱালপৰীয়া লোকসঙ্গীতৰ সাধক শিল্পী নিখিলেশ বৰুৱা, বিহু সংস্কৃতিৰ বিশিষ্ট গৱেষক জয়কান্ত গন্ধীয়া, ৰামধেনু যুগৰ আগশাৰীৰ কবি ডঃ দিলীপ কুমাৰ বৰুৱাক এইটো বছৰতে কিছু অগা-পিছাকৈ আমি হেৰুৱাবলগীয়া হৈছে। ক’ভিড-১৯ৰ সাম্প্ৰতিক দ্বিতীয় ঢৌত অসম তথা ভাৰতত বহু লোকৰ মৃত্যু হয় । সমগ্ৰ বিশ্বতে ক’ভিড অতিমাৰীয়ে লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিছে । অসহায়ভাৱে এই মৃত্যুসমূহক আমি চাই থাকিবলগীয়া হৈছে । মানৱ জাতিৰ এই বিপৰ্যয়ত সকলোৰে লগতে অসম চিভিল ছ’চাইটীও সমব্যথী। অসম চিভিল ছ’চাইটীয়ে এই আটাইসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে, সকলোৰে চিৰশান্তি কামনা কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি নিকট আত্মীয়ক হেৰুও¸ৱাৰ মনোবেদনা সহিব পৰা শক্তি দিবলৈ সৰ্বশক্তিমানজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here