Home স্থানীয় কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত ভাৰ্চুৱেল প্রশিক্ষণ সমপন্ন

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত ভাৰ্চুৱেল প্রশিক্ষণ সমপন্ন

49
0

গুৱাহাটী, ৩১ মে’ : যোৱা ইং, ৩১ মে’ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ভাৰছুৱেল যোগে কেইবাটাও কৃষি প্রশিক্ষণ দিয়া সমপন্ন হয়। কৃষি বিজ্ঞান কেন্দ্রৰ পথাৰ শস্য বিশেষজ্ঞ ৰিজু হেলিমে আঁত ধৰা ” বিজ্ঞানসম্মত শালিধানৰ খেতি” প্রশিক্ষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সহযোগী সনচালক ড° মৃণাল শইকীয়াই ধানৰ উণণত মানৰ জাত, বছৰেকত দুটা শস্যৰ কথা কয়। হেলিমে ধানৰ কঠিয়াতলী, বীজ গাঁও, বীজ প্রমাণিতকৰণৰ বিষয়ে কয়। এই প্রশিক্ষণটিত কৃষি বিষয়া, এ. এছ. আৰ. এল. এম. ৰ বিষয়া, কৃষি সখী, এফ. পি. চি.ৰ সদস্য আদি ৪০ জনৰো অধিক উপস্থিত । দৰদী প্রিয়ম দুৱৰা বিষয়বস্তু বিশেষজ্ঞা (উদা ন শস্য) ই বিজ্ঞানসম্মত অমিতা খেতিৰ ওপৰত ২৫ জনৰো অধিক যুৱক তথা উদমী মহিলাক প্রশিক্ষণ দিয়ে। মীন বিশেষজ্ঞ পৰাগ শইকীয়াই সৃষ্টি এফ. পি. চি. ৰ সদস্যক মাছৰ খেতি, পোনা আৰু খাদ্যৰ ওপৰত বিতং আলোচনা কৰে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ ৰাহুল ভৰদৱাজে নগদ বিহীন লেনদেন আৰু মধুসমিতা ডেকাই থলুৱা ফলৰ মূল্য সংযোজনৰ ওপৰত প্রশিক্ষণ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here