Home অসম উৎকোচ লৈ হাত দাঙিয়েই আছে : ভূমি পঞ্জীয়নৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ...

উৎকোচ লৈ হাত দাঙিয়েই আছে : ভূমি পঞ্জীয়নৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিশ্বনাথ উপ-পঞ্জীয়কৰ কৰ্মচাৰী

185
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ আগষ্ট ঃ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান৷ এজনৰ পিছত এজনকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ তালিকাত প্ৰতিমুহূৰ্তত দীঘলীয়া হৈ গৈ থকাৰ সময়তে এইবাৰ ভেঁটী লৈ গ্ৰেপ্তাৰ হ’ল বিশ্ব উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহা৷ দুখণ্ড ভূমি পঞ্জীয়ন কৰাৰ বাবদ জ্জ,০০০ টকাৰ উৎকোচ বিচাৰিছিল এই গৰাকী ঘোচখোৰ কৰ্মচাৰী তপন সাহাই৷ পৰিকল্পনা অনুসৰি লোকজন উক্ত বিষয়টো দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখাক অৱগত কৰে৷ আজি দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাৰ দলটোৱে বিশ্বনাথ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ৬,০০০ টকা ঘোচ লৈ থকা অৱস্থাতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে সাহাক৷ সম্প্ৰতি দলটোৱে ৩১য২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া যে দৈনিক এজনৰ পিছত এজনকৈ বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে৷ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ থকাৰ পিছতো একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে লুণ্ঠন চলাবলৈ এৰা নাই৷ দৰমহাৰ ধনেৰে পেট নভৰা এইসকল ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে আজিও সৰ্বসাধাৰণ ৰাইজৰ পৰা অবাধে লুণ্ঠন চলাই আছে৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া কাৰাগাৰৰ বন্ধ কুঠৰীত দিন কটাবলগীয়া হৈছে এইসকল কৰ্মচাৰীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here