Home Main Stories পুঠিমাৰি নৈৰ নির্মিয়মান মথাউৰি পৰিদর্শন কালত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা

পুঠিমাৰি নৈৰ নির্মিয়মান মথাউৰি পৰিদর্শন কালত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা

30
0

মথাউৰি নির্মানত কোৱালিটিৰ ক্ষেত্ৰত কাৰো সতে আপোচ কৰা নহব

বিচিত্র নাৰায়ণ ,বাইহাটা চাৰিআলি , ১৭ মে : আজি কামৰূপ জিলাৰ কমলপুৰ আৰু হাজো বিধান সভা সমষ্টিৰ মাজৰে বৈ যোৱা পুথিমাৰী নদীৰ নির্মিয়মান মথাউৰি পৰিদর্শন কৰে ৰাজ্যৰ নব নির্বাচিত জলসম্পদ বিভাগৰ মন্ত্রী পিযুষ হাজৰিকাই। উক্ত মথাউৰিৰ নির্মান কার্যস্থলীত নিজে উপস্থিত হৈ নির্মিয়মান মথাউৰি প্রত্যক্ষ কৰি মন্ত্রী হাজৰিকাই সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাৱে প্রকাশ কৰে যে – মথাউৰি নির্মানত গুনা গুনৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহব। আনহাতে ভৰ বাৰিষা নৌপৰোতেই অর্থাত অহা তিনি সপ্তাহৰ ভিতৰত মথাউৰি নির্মাণৰ অসমাপ্ত কাম সমাপ্ত কৰিবলৈ নির্মিয়মান ঠিকাদাৰ সকলক উদ্দেশ্যি কঠোৰ ভাৱে নির্দেশ প্রদান কৰে ।আৰু অনাগত তিনি সপ্তাহৰ ভিতৰত যদি মথাউৰি নির্মানৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে এই ঠিকাদাৰ সকলক ব্লেক লিষ্টেড কৰা হব। অকল জলসম্পদ বিভাগতে নহয় ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগতে এই ঠিকাদাৰ সকলক ব্লেক লিষ্টেড কৰা হব বুলিও মন্ত্রী হাজৰিকাই প্রকাশ কৰে। আনহাতে নৈ পৰীয়া অসমীয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলিলে সেয়া কোনো কাৰণত সহজ ভাবে গ্ৰহণ কৰা নহব, এই সন্দৰ্ভত ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু পর্যন্ত কৰা হব। পুঠিমাৰি নদীৰ দুয়োকাষে অৱস্থিত প্রায় ৪৮ কিঃমিঃ দূৰত্বৰ মথাউৰি ৭০ কৌটি টকাৰ বিপৰীতে নির্মান কৰি থকা হৈছে। জলসম্পদ মন্ত্ৰী জনে নিজে নির্মান কার্য অতি লেহেমীয়া হোৱা প্রত্যক্ষ কৰি অনাগত তিনি সপ্তাহৰ ভিতৰত এই নির্মান কার্য সম্পূৰ্ণ নহলে নৈৰ পাৰত বাস কৰি থকা লোকসকল মহা সমস্যাত পৰিব বুলি মন্ত্রী গৰাকীয়ে ব্যাক্ত কৰে। যাৰ বাবে অহা তিনিটা সপ্তাহৰ ভিতৰত মথাউৰি নির্মাণৰ কাম সম্পূৰ্ণ নহলে ঠিকাদাৰ সকলক ৰাজ্য চৰকাৰৰ প্রতিটো বিভাগৰ নির্মান কার্যৰ পৰা ব্লেক লিষ্টেড কৰা হব বুলি ঘোষণা কৰে। ইয়াৰ পিচত বিগত বানপানীৰ সময় ছোৱাত এই একেটা নদীৰ মথাউৰি ভাঙি হাজো বাসীক ত্রাহি মধুসুধন সুৱৰিব লগীয়া কৰা মনাহকুছিৰ লগতে কচুৱাৰবঢ়িৰ পুঠিমাৰিৰ ভগ্ন মথাউৰিস্থলীও পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী গৰাকীয়ে।উক্ত মথাউৰি পৰিদর্শন কৰাৰ অন্তত সাংবাদিকৰ সতে হোৱা মত বিনিময়ৰ সময়ত মন্ত্রী হাজৰিকাই এক প্রকাৰ ঠিকাদাৰ সকলক সকীয়নি প্রদান কৰি কয় যে – মথাউৰি নির্মানৰ কোৱালিটিৰ ক্ষেত্রত কোনো কাৰণতে কম্প্রমাইজ কৰা নহব। গাইড লাইন মতে মথাউৰিৰ সকলো কামেই হব লাগিব। ইয়াৰোপৰি ইয়াৰ আগৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গ্ৰহণ কৰা কিছু ইতিবাচক পদক্ষেপৰ বাবে মন্ত্রী গৰাকীয়ে বিভাগটোৰ কাম কাজ বোৰ অতি নিয়াৰিকৈ চলাই যাব বুলি মন্ত্ৰী গৰাকীয়ে দৃহটাৰে উল্লেখ কৰে। মথাউৰি পৰিদর্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে- কমলপুৰ বিধান সভা সমষ্টিৰ নব নির্বাচিত বিধায়ক দিগন্ত কলিতা, হাজো বিধান সভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰাতুল শর্মা, দিগন্ত পটোৱাৰী , জলসম্পদ বিভাগৰ ৰঙিয়া সং মণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গণেশ কলিতাৰ লগতে বিভাগটোৰ অন্যান্য কেবাগৰাকীও কর্মচাৰীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here