Home Main Stories লাহৰীঘাটৰ বানখহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

লাহৰীঘাটৰ বানখহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

41
0

বাবু মনি শৰ্মা, মৰিগাঁও, ১১ জুন :

জিলা খনৰ বান গড়াখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি সমস্যা সমূ্হ বুজ লোৱাৰ উদ্দেশ্য আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই লাহৰীঘাট, ভূৰাগাঁও, বৰালিমাৰী অঞ্চলত উপস্থিত হয়।মন্ত্ৰী গৰাকীয়ে লাহৰীঘাট ভুৰাগাঁওৰ বৰালিমাৰীৰ জেংপুৰিত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাও যাত্ৰাৰে উপস্থিত হৈ ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়া বুজ লয়।লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ লগতে বান পানী নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই।লাহৰীঘাটৰ প্ৰায় ১৪ কিল’ মিটাৰ উন্মুক্ত মথাউৰি অতি কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি অঞ্চলটো বানমুক্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।ইফালে, বৰ্তমান বাৰিষাৰ বতৰত মথাউৰি নিৰ্মাণ কৰাটো সম্ভৱ নহয়, সেই কাৰণে এই বছৰটোত কেনেকৈ বান ফিৰাব পাৰি তাৰ চেষ্টা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।উল্লেখ যে- বিগত ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গঢ়াখহনীয়াৰ কবলত পৰি নিজৰ পৈত্ৰিক সম্পত্তি ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট আৰু ভুৰাগাঁও অঞ্চলৰ হেজাৰ হেজাৰ লোক বাটৰ ভিক্ষাৰী হৈ দশক দশক ধৰি বিভিন্ন ঠাইত কাম বন কৰি কোনোমতে জীৱন নিৰ্বাহ কৰাৰ লগতে বহু লোক মথাউৰিৰ ওপৰত ওখ ঠাইত আশ্ৰয় লৈ আছে। গৰাখহনীয়াগ্ৰস্থ অঞ্চলসমূহ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত সংগ দিয়ে লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰ, জিলা উপায়ুক্ত সীমাৰেখা ভূঞা,জিলা মূখ্যকাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৰ লগতে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here