Home Main Stories জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কলং বোৱতীকৰণ প্ৰকল্প স্থলী পৰিদৰ্শন ◾️ “কলং আমাৰ...

জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কলং বোৱতীকৰণ প্ৰকল্প স্থলী পৰিদৰ্শন ◾️ “কলং আমাৰ সকলোৰে আত্মাত আছে “

34
0

নৱেম্বৰৰ পৰা জলসম্পদ বিভাগৰ কাম দ্ৰুতগতিত চলিব

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৩ মে’ : “নগাঁও তথা মধ্য অসমৰ কলং খন সকলোৰে প্ৰাণৰ। ময়ো কলঙৰ লগত জড়িত। মোৰ ঘৰ ৰহা আৰু আঁহতগুৰিত। মোৰ ঘৰৰ কাষেদিয়েই কলং খন বৈ গৈছে। ৰহাৰ বিধায়ক হৈ থকাৰ সময়ত মই কলঙৰ লগত বেছিকৈ জড়িত আছিলোঁ।” নিৰ্মাণ কৰি থকা কলং বোৱতীকৰণ প্ৰকল্প স্থান কলিয়াবৰৰ হাতীমুৰাত উপস্থিত হৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এই মন্তব্য কৰে। কলং বোৱতী কৰণ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “কলং নৈৰ দুটা চৰিত্ৰ আছে। কলং আৰম্ভ হোৱা স্থানৰ পৰা ৰহাৰ হাৰিয়ামুখলৈ কলঙৰ চৰিত্ৰ বেলেগ। হাৰিয়াৰ পৰা কাজলি মুখলৈ য’ত ব্ৰহ্মপুত্ৰত বিলীন হৈ পৰিছে তাৰ চৰিত্ৰ বেলেগ। ইয়াত কলং নাইকিয়া হৈ গৈছে। কলং খান্দিব লাগে। মাটি, মানুহ বচাব লাগিব। কলঙৰ দুটা চৰিত্ৰ বিশ্লেষণ কৰিব লাগিব।” কলঙক উৎসতে বন্ধ কৰি দিয়াৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, “সেই সময়ত কলঙক উৎসতে বান্ধিলে নগাঁও বাচিব বুলি একাংশ লোকে চিন্তা কৰিছিল। এতিয়া চিন্তা হৈছে কলঙক বচাব লাগিব। কলং নগাঁও বাসীৰ লগতে সকলোৰে আত্মাত আছে। সেয়ে কলঙক বচাব লাগিব। সেই লক্ষ্যৰে কলিয়াবৰৰ বিধায়ক তথা পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত কলং নৈক বোৱাই ৰখাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, “ৰহাত কলং নৈৰ খহনীয়া আছে। সেয়া বন্ধ কৰিব লাগিব।” অসমৰ বান গৰা-খহনীয়াৰ সমস্যা প্ৰধান সমস্যা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, “বান গৰা-খহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰিলে অসমক দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাতো সম্ভৱ নহয়। সেয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো চিৰিয়াছ হিচাপে লৈ অসমক বান মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰিছে। অসম চৰকাৰেও বিষয়টো চিৰিয়াছ হিচাপে লৈছে। এতিয়া বাৰিষা আহিছে। বাৰিষাৰ সময়ত স্থায়ী সুৰক্ষাৰ কাম কৰাত সমস্যা আছে। কাৰণ বানপানী চলি থকাৰ সময়ত কাম কৰিলে বানপানীয়ে খহাই লৈ যাব। সেয়ে নৱেম্বৰ মাহৰ পৰা দ্ৰুতগতিত জলসম্পদ বিভাগৰ কাম-কাজ চলিব।” আজি কলঙক পুনৰ প্ৰবাহিত কৰাৰ বাবে লোৱা ১৩৫ টকাৰ আঁচনিৰ কামৰ বুজ লবলৈ অহা জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক সংগ দিয়ে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। পূৰ্বতে ৯০ দিনৰ ভিতৰতে শ্লুইচ গেটৰ কাম সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছিল যদিও কাৰিকৰী দিশৰ কিছু অসুবিধাৰ বাবে সম্পূৰ্ণ হওঁতে কিছু পলম হব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় জলসম্পদ বিভাগক পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বহুদূৰ আগুৱাই নিলে। বিভাগীয় বিষয়াক সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্দেশ দি মন্ত্ৰী গৰাকীয়ে কয়, “কলঙক লৈ কলিয়াবৰীয়া ৰাইজৰ যিদৰে আবেগ আছে, সেইদৰে মোৰো আবেগ আছে। গতিকে অতি সুন্দৰকৈ কলং মুকলিৰ কাম কৰা হব আৰু কলঙক সোনকালে প্ৰবাহিত কৰিম।” ইপিনে মন্ত্ৰী কেশৱ মহন্তই কলঙক লৈ তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। কলং মুখ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীৰ লগত জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়া সকলো উপস্থিত আছিল। ইপিনে জলসম্পদ বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, “চলিত বৰ্ষৰ বাৰিষাৰ আগে আগে কলং নিয়ন্ত্ৰিত ৰূপত বোৱাৰ আশা কৰা হৈছিল যদিও বিভিন্ন কাৰণত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এইবাৰ কলঙেদি নিয়ন্ত্ৰিত ৰূপত ব্ৰহ্মপুত্ৰৰ পানী বোৱাব পৰা নাযাব। সূত্ৰটোৱে জনোৱা মতে, অহা বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here