গণ বাৰ্তা, গোৱালপাৰা ১২ নৱেম্বৰ :গোৱালপাৰা বিভিন্ন ধাননি পথাৰত জল এন্দুৰৰ তাণ্ডৱে খেতিৰ ধান গছ কাটি তহলিং কৰিবলৈ ধৰিছে।ফলত কৃষকসকলে মূৰে- কপালে হাত দিবলগীয়া হৈছে।জানিব পৰা মতে চহৰ খনৰ গাতে লাগি থকা মিলন নগৰ, শান্তিপূৰ,হাচিলা বিল গাঁওৰ একাংশ শালি ধানৰ খেতি কৰিবলৈ মূৰৰ ঘাম মাটিত পেলাই খেতিৰ কাম আৰম্ভ কৰিছিল কৃষকসকলে। বৰ্তমান সময়ত লপ-লপকৈ বাঢ়ি অহা ধাননিয়ে যোৰ মেলিবলৈ আৰম্ভ কৰিছেহে মাত্ৰ।এই বাঢ়ি অহা খেতি পথাৰ সমূহত নিশাৰ ভাগত জল এন্দুৰে তাণ্ডৱ চলাই এফালৰ পৰা শালি ধানৰ খেতি সমূহৰ ধানবোৰ কাটি তহিলং কৰিব লৈছে। যাৰ ফলত ঘোৰ অন্ধকাৰ নামি আহিছে কৃষক সকলৰ আশাত ।সেয়েহে অতি শীঘ্ৰেই এই জল এন্দুৰৰ পৰা শালি খেতি সমূহ ৰক্ষা কৰিবলৈ জিলা কৃষি বিভাগৰ পৰা পৰ্যামানে ঔষধ যোগান ধৰিবলৈ ভুক্তভোগী কৃষক সকলে দাবী জনাইছে।