Home অসম ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত বিশেষ সভা আমি পূৰ্ববংগীয় মূলৰ নহয়, আমি...

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত বিশেষ সভা আমি পূৰ্ববংগীয় মূলৰ নহয়, আমি প্ৰাচীন অসমৰ বাসিন্দাঃ ইছমাইল হোছেইন

293
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : আজি এক ঐতিহাসিক দিন। কাৰণ অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ লগত অংগাংগীভাৱে জড়িত বংগমূলীয় মুছলমানসকলৰ মাজত বিভিন্ন মতানৈক্য পৰিহাৰ কৰি সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যেৰে আজি লক্ষীধৰ বৰুৱা ক্ষেত্ৰৰ সিদ্ধিনাথ শৰ্মা ভৱনত এখন সভাৰ আয়োজন কৰে ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটীয়ে। ছ’চাইটীৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ড০ আতোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিভিন্ন বিষয়ৰ ওপৰত বিশদ আলোচনা হয়। সভাৰ আৰম্ভণিতে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উদ্দেশ্য ব্যাখ্যাত ছাহজাহান তালুকদাৰে মুছলমানসকলৰ এই বঞ্চিত জনগোষ্ঠীৰ ইতিহাস উদ্ধাৰৰ বাবে গৱেষণামূলক গ্ৰন্থ প্ৰণয়ন, জনগোষ্ঠীটোৰ ভাগ ভাগ হৈ থকা লোকসকলক একত্ৰিত কৰি এখন চাঁদৰ তললৈ অনাৰ প্ৰয়াস আৰু গৰুখুঁটিত সংঘটিত শোকাৱহ ঘটনাৰ শোক প্ৰস্তাৱৰ প্ৰসংগ সদৰী কৰে। সভাত  লেখক, চিন্তাবিদ আৰু পশু চিকিৎসক ৰেজাউল কৰিমে ভাষণত কয় যে অসমত যিমান জাতি-জনগোষ্ঠী আছে তাৰ ভিতৰত অসমীয়া-মুছলমানেও বৃহত্তৰ অসমীয়া জাতি গঠন কৰাত অৱদান আগবঢ়াইছে। অসমৰ সমাজ গঠনৰ প্ৰক্ৰিয়াত অসমীয়া কোন সেই সংজ্ঞা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে, ক’ব পাৰি যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। অসমৰ ভৌগলিক চাৰিসীমাৰ বাহিৰৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ তুলনাত অবিভক্ত বংগৰ পৰা অহা মুছলমানসকল অতি কম সময়ৰ ভিতৰত অসমত জীণ গৈছে। ডাঃ ৰেজাউল কৰিমে ওচমান আলী সদাগৰ ১৯৩৭ চনত বিধান পৰিষদলৈ নিৰ্বাচিত হোৱাৰ প্ৰসংগৰ উপৰি অন্যান্য জনগোষ্ঠীৰ দৰে এই মুছলমানসকলকো সমান সা-সুবিধা আৰু মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰা কুতুবুদ্দিন আহমেদৰ কথা উল্লেখ কৰে। ডাঃ ৰেজাউল কৰিমে আৰু কয় যে মুছলমানসকলৰ মাজত জাইগীৰ কথা প্ৰচলন আছিল। জাইগীৰ প্ৰথাত ছাত্ৰসকলে থাকি অধ্যয়ন কৰিছিল। সেই সময়ত জাইগীৰ প্ৰথাই নৱ জাগৰণৰ সৃষ্টি কৰিছিল। কিন্তু কালক্ৰমত এই প্ৰথাত আধুনিক শিক্ষা আৰু ধৰ্মীয় শিক্ষাৰ সংঘাত সৃষ্টি হয় আৰু মুছলমানসকলে শৈক্ষিকভাৱে পশ্চাদপদলৈ গমন কৰে। তেওঁ আৰু কয় যে অসমৰ ভূমিত অসমৰ কলা, সংস্কৃতি-কৃষ্টি আদিৰে মিলি গৈ সমাজ গঠনত অৰিহণা যোগাব লাগিব। যি কৃষ্টি বংগৰ পৰা মুছলমানে লগত লৈ আহিছিল সেই কৃষ্টি আজি তেওঁলোকৰ নাই। গতিকে, আমি ক’ৰবাত ভুল কৰিছো নেকি নিজৰ গাত এবাৰ চিকুটি দি চোৱা প্ৰয়োজন। চিকিৎসক ৰেজাউল কৰিমে আৰু কয় যে সকলোকে সেৱা আগবঢ়াব পৰাকৈ আমাৰো এটা দাতব্য অনুষ্ঠান থকা দৰকাৰ। বৰ্তমান আমি যিবোৰ সমস্যাত ভুগি আছো সেইবোৰ কম সামাজিক বেছি ৰাজনৈতিক। সভাত লেখক আৰু  কবি খবিৰ আহমেদে মুছলমানসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক, বৌদ্ধিক দিশত নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহবান জনায়। বৃহত্তৰ অসমীয়া সমাজত  আমাৰ জনগোষ্ঠীৰ অংশীদাৰিত্ব কিমান সেইটো আমি থিৰাং কৰিব লাগিব। কৃষি অৰ্থনীতিত মুছলমানসকলৰ অৱদান থাকিলেও নতুন প্ৰজন্মই পঢ়িব পৰাকৈ বা জানিব পৰাকৈ কোনো প্ৰামাণ্য দলিল আমাৰ হাতত নাই। বাল্যবিবাহ, বহু বিবাহ আদিৰ দৰে সমস্যাৰে জৰ্জৰিত আমাৰ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে এটা মাষ্টাৰ প্লেনৰ দৰকাৰ। আমাৰ মাজত ৰাজনৈতিক মতানৈক্য থাকিব পাৰে; কিন্তু ভাষা, সাহিত্য আৰু কলা-সংস্কৃতিত একোৱে মতভেদ থাকিব নালাগে। অসমৰ সত্ৰীয়া-সংস্কৃতিৰ লগত জড়িত তথা সাহিত্যিক, কবি লেখক ইছমাইল হোছেইনে কয় যে অসমৰ অৰ্থনীতিত অৱদান যোগোৱা জনগোষ্ঠীটো আজি মহা সংকটত ভুগিছে। তেওঁ পুনৰ কয় — আমাক মানসিকভাৱে কোনোবাই আক্ৰমণ কৰিলেও আমি তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আক্ৰমণাত্মক হোৱা উচিত নহয়। আমালৈ কোনোবাই শিল গুটি দলিয়ালে আমি প্ৰত্যুত্তৰত শিলগুটি দলিয়াব নালাগে। বৰঞ্চ শিলগুটি ভৰিৰ তলত ৰাখি ভেটি নিৰ্মাণ কৰিব লাগে।  ইচমাইল হোছেইনে আৰু কয় যে নতুন চামৰ মাজত দুটা সন্তানৰ চেতনা আহিছে। সময় পৰিৱৰ্তন হৈছে, আমি আৰু অধিক চেতনা আনিব লাগিব। ইয়াৰ বাবে গাঁৱে গাঁৱে গাঁওসভা গঠন কৰি নতুন প্ৰজন্মক দায়িত্ব দিব লাগিব। বংগীয় মূলৰ মুছলমানৰ ঐতিহাসিক বিষয় উত্থাপন কৰি ইছমাইল হোছেইনে কয় যে কৈবৰ্ত, কোচ-ৰাজবংশীসকল যদি খিলঞ্জীয়া হয় আমি কিয় নহ’ম? আমি পূৰ্ববংগীয় মূলৰ নহয়। আমি প্ৰাচীন অসমৰ বাসিন্দা। ইছমাইল হোছেইনে লাঞ্ছিত-বঞ্চিত এই জনগোষ্ঠীৰ নতুন প্ৰজন্মৰ পুথি অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শংকৰদেৱৰ বৰগীতত ভাটিয়ালিৰ সুৰ আছে। শংকৰদেৱৰ বৰগীতৰ লগত ভাটিয়ালি গীতৰ মিল আছে সেয়ে আমি স্থানান্তৰৰ ইতিহাস লিখিব লাগিব। আমাৰ তেজত, ভাষাত,  সংস্কৃতিত সোমাই আছে হিন্দু-মুছলমানৰ সমন্বয়ৰ ইতিহাস। আধুনিকতাৰ দৃষ্টিৰে ইহুদীৰ দৰ্শন বুজিব লাগিব আৰু আমাৰ দুৰ্বলতা কি তাক জানিবলৈ এদল বৌদ্ধিক লোক তৈয়াৰ কৰিব লাগিব। আমাৰ সংস্কৃতিক থলুৱাকৰণ কৰিলেহে আমাৰ অসমৰ সাংস্কৃতিৰ সংকট দূৰ হ’ব বুলি ইছমাইল হোছেইনে দৃঢ়তাৰে মন্তব্য কৰে। অনুষ্ঠানত প্ৰাক্তন আৰক্ষী অধীক্ষক আব্দুল কদ্দুছে কয় — ‘আমাৰ জনগোষ্ঠী ভাৰতবৰ্ষৰ প্ৰাচীন জনগোষ্ঠী, আমি যিয়ে যি কৰি আছো সেই কাম যদি মনোযোগেৰে কৰো তেন্তে সফল হ’ম। শিক্ষা অবিহনে আমাৰ গত্যান্তৰ নাই।’  সভাত সভাপতিৰ ভাষণত ড০ আতোৱাৰ ৰহমানে কয় —‘আমি  চেষ্টা কৰি যাব লাগিব। চাউলখোৱাৰ পৰা নেলীলৈ গৈছো, সকলোতে দুখ-দুৰ্দশা আৰু একে ছবি প্ৰত্যক্ষ কৰিছো। তেতিয়া ঘটনাসমূহ বাতৰি কাকতত প্ৰকাশ কৰা নাছিল। এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে। আগৰ দিন নাই। আমি আশাহত হ’ব নালাগে। যি জানে তাকে অস্ত্ৰ হিচাপে লৈ আগবাঢ়িব লাগে।’ সভাত লেখিকা ৰমিছা বেগম, প্ৰাক্তন এচিএছ বিষয়া এ এইচ খন্দকাৰ, যুৱ সমাজকৰ্মী ছাহজাহান আলী আহমেদ, অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ নেতা মহম্মদ আলী খলিফা, অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কায়ুম আল আমান, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মিজানুৰ ৰহমান, তছিমুদ্দিন চৌধুৰী, লেখক তথা শিক্ষাবিদ ফজল আলী আহমেদ, আৰক্ষী বিষয়া আবু চুফিয়ান, সমাজকৰ্মী মীৰ সোমেজুদ্দিন, তাইজুদ্দিন আহমেদ, মইনুল হক চৌধুৰী, নাজিৰুল ইছলাম, মইনুদ্দিনকে আদি কৰি বিভিন্ন অঞ্চলৰ লোকসকল উপস্থিত থাকে। সভাত ছিপাঝাৰৰ গৰুখুঁটিত নিহত তিনিওজন লোকৰ আত্মাৰ সদ্‌গতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here