পুনৰ সংস্থাপন অবিহনে বন্ধ কৰক উেচ্ছদ অভিযান ঃ মিন্নাতুল ইছলাম
গণ বাৰ্তা, ধিং, ১৮ ডিচেম্বৰ ঃ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত দুঘণ্টাকৈ ধৰ্ণা কৰ্যসূচী ৰূপায়ণ কৰিলে নগাঁও আৰু মৰিগাঁও জিলাৰ আমছুৰ কৰ্মীয়ে । শহস্ৰাধিক আমছুৰ কৰ্মীৰ দ্বাৰা ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ সংখ্যালঘু লোকসকলক লক্ষ্য কৰি বেদখলৰ নামত নানা ধৰণৰ হাৰাশাস্তি কৰিছে বুলিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত উল্লেখ কৰে আমছুৰ বিভিন্নজন বক্তাই । ইয়াৰ লগে লগে বৰ্তমানৰ চৰকাৰখনক এখন ফেচিষ্ট চৰকাৰ বুলি উল্লেখ কৰি বেদখলমুক্ত স্থানত থকা লোকসকলক পুনৰ সংস্থানৰ দাবী উত্থাপন কৰিছে আমছুয়ে । নীতিবৰ্হিভূতভাৱে বৰ্ণ-বৈষ্যমৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কাৰ্যপন্থা হাতত লৈছে বুলি অভিযোগ কৰিছে আমছুৱে। আমছুৱে বেদখলমুক্ত হোৱাতো বিছাৰে কিন্তু বেদখলৰ নামত একমাত্ৰ সংখ্যালঘু লোকসকলক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক। অতি শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ানকভাৱে গণতান্ত্ৰিক আন্দোলন কৰা হ’ব বুলি সকীয়নি প্ৰদান কৰে। প্ৰতিবাদস্থলীৰ পৰাই হিমন্তু বিশ্ব শৰ্মা হাই হাই, বিজেপি মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে নগাঁও আৰু মৰিগাঁও আমছুৰ কৰ্মীবৃন্দই । এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰেজাউল কৰিম প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই ভাষণ ৰাখে ।