গণবার্তা, দোলাবাৰী,১৯এপ্ৰিল: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পাঁচমাইল আঞ্চলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ও শপত গ্ৰহণ অনুষ্ঠান তেজপুৰ পাঁচমাইলস্থিত সামাজিক সাংস্কৃতিক অনুষ্ঠান পাঁচমাইল ইয়ংব্লু ক্লাবত অনুষ্ঠিত হয়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন,আমছু পাঁচমাইল আঞ্চলিক সমিতিৰ সভাপতি জেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠান আৰু কাৰ্যনিৰ্বাহক সভাত আমছু শোণিতপুৰ জিলা সমিতিৰ সভাপতি  শুকুৰ আলী সম্পাদকদ্বয় ক্ৰমে আফতাব আলম ডাঙৰীয়া আৰু আইনুল ইছলামৰ লগতে উপ-সভাপতি ক্ৰমে হবিবুৰ ৰহমান,ৰমজান আনচাৰী, আইনুল ইছলাম আনচাৰী,আচৰাৰুল হক,আব্দুৰ ৰৌফ,নেকিব আহমেদ স:সা:সম্পাদক ক্ৰমে মোজাম্মিল আলী হাজৰিকা,ছহিদুল ইছলাম, হাফিজ উদ্দিন আহমেদ,মতিউৰ ৰহমান আৰু ইনামুল আহমেদ উপস্থিত থাকি নৱগঠিত আমছু পাঁচমাইল আঞ্চলিক সমিতিৰ বিষয়ববীয়াক আমছুৰ সংবিধানৰ শপত বাক্য পাঠ কৰোৱাৰ লগতে স্থানীয় ৰাইজ আৰু আমছুৰ নেতৃত্বৰ সৈতে সমূহীয়া ইফতাৰ মেহফিল সমবেত হৈ বিশ্ব শান্তিৰ বাবে দোৱা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here