Home স্থানীয় আন্তৰ্জাতিক ব্যৱসায়ী হাজী নুৰুদ্দিনৰ মৃত্যুত শোকস্তব্ধ হোজাই

আন্তৰ্জাতিক ব্যৱসায়ী হাজী নুৰুদ্দিনৰ মৃত্যুত শোকস্তব্ধ হোজাই

29
0

হোজাই, ০৯ জুন : হোজাই চহৰৰ মৰ্কজ ৰোডৰ বাসিন্দা, আন্তৰ্জাতিক ব্যৱসায়ী, বিশিষ্ট সমাজকৰ্মী হাজী নুৰুদ্দিনৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু ঘটাত হোজাইত শোকৰ ছাঁ পৰে৷

মোৰাঝাৰ থানাৰ অনৰ্গত কৰৈয়নি গাঁৱৰ প্ৰয়াত মিচিৰ আলীৰ পুত্ৰ হাজী নুৰুদ্দিনে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি কৰি আন্তৰ্জাতিক ব্যৱসায়ী হৈছিলগৈ৷ মুম্বাই চহৰত নিজা ফ্লেট কিনি ব্যৱসায় কৰি এইজন অসম সন্তানে কুৱেইট, ডুবাই, চৌদি আদি দেশতো ব্যৱসায় চলাই গৈছিল৷

গৰীব দুখীয়াৰ বাবে তেওঁ সদায় দক্ষিণা আগবঢ়াইছিল৷ হিউমেন কেয়াৰ চচাইটি নামৰ NGOৰ মুখ্য উপদেষ্টা ৰূপে শিক্ষামুলক পদক্ষেপ আৰু দুখীয়াক সহায় কৰাৰ কামত ব্ৰতী আছিল৷ আজমল পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকা হাজী নুৰুদ্দিনৰ মৃত্যুত মৌলানা বদৰুদ্দিন আজমলে শোক প্ৰকাশ কৰিছে৷৷ দুয়োটা লকডাউনত তেওঁ দৰিদ্ৰ লোকলৈ বহু সহায় আগবঢ়াইছিল৷ সৌ সিদিনা মাত্ৰ লকডাউনত দুখীয়া ৰাইজ জুৰুলা হোৱালৈ চাই শ শ পৰিয়াললৈ খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছিল তেওঁ৷ তিনি পুত্ৰ আৰু এজনী কন্যাক ইহ সংসাৰত এৰি থৈ কৰনাৰ বলি হৈ হাজী নুৰুদ্দিন চাহাবে অকালতে এৰি গল এই ধৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here