Home অসম নেলীলৈ গৈছিলোঁ …

নেলীলৈ গৈছিলোঁ …

260
0

এম আব্দুল মজিদ খান: সম্প্ৰতি মধ্য অসমৰ অবিভক্ত নগাঁও জিলাৰ [বৰ্তমান মৰিগাঁও জিলাৰ] জাগীৰোড থানাৰ অন্তৰ্গত নেলী অঞ্চলত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নিচেই ৰাতিপুৱাৰ পৰা প্ৰায় ছঘণ্টা সময়জুৰি মানৱ সভ্যতাৰ ইতিহাসক কলংকিত কৰা গণহত্যা সংঘটিত হয়৷ ২ য় মহাসমৰৰ পিছত সংঘটিত সৰ্ববৃহৎ এই জঘন্য তথা বৰ্বৰ গণহত্যাত হত্যাকাৰীসকলে নেলী অঞ্চলৰ ৰ.আলিছিঙা ২.কুলাপথাৰ ৩. বসুন্ধৰী ৪. ভোগডোবাবিল ৫. ভোগডোবাহাবি ৬. বৰজোলা ৭.ভুতুনি ৮.দোঙ্গাবৰি ৯.ইন্দুমাৰী ১০.মাটিপৰ্বত ১১. জ্জ্বনং মাটিপৰ্বত ১২. মূলাধাৰী ১৩. শিলভেটা ১৪. বৰবৰি আদি গাঁৱত প্ৰশাসনৰ অজ্ঞতা তথা দুৰ্বলতাৰ সুযোগ লৈ একে সময়তে পৰিকল্পিতভাৱে আক্ৰমণ চলাই দহ হেজাৰৰো অধিক [চৰকাৰী হিচাপত ২,১৯১জন]নিৰীহ মানুহক দিনৰ পোহৰত নিষ্ঠুৰভাৱে হত্যা কৰে৷ উক্ত গণহত্যাৰ বলি হৈ প্ৰাণ হেৰুৱা অসহায় লোকসকল আছিল দুৰ্ভগীয়া বংগমূলীয় মুছলমান৷ আশীৰ দশকত অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমজুৰি চলা ‘বহিৰাগত বিতাৰণ’ [পিছলৈ বিদেশী বিতাৰণ] আন্দোলনৰ ফলস্বৰূপে সংঘটিত এই জঘন্যতম সাম্প্ৰদায়িক গণহত্যাত মুছলমানৰ বাহিৰে আন কোনো সম্প্ৰদায়ৰ এজন লোকৰো প্ৰাণ যোৱা নাছিল৷ সেয়ে মানৱতাৰ চিৰশত্ৰু উগ্ৰ সাম্প্ৰদায়িক নেতাসকল উক্ত ঘটনাৰ বাবে উৎফুল্ল হৈ ডিঙিৰ শিৰ ফুলাই গৰ্বেৰে দিহিঙে-দিপাঙে ভাষণ দি ফুৰাৰ কথা আজিও বহুতৰে মনত সজীৱ হৈ আছে৷কিন্তু পৰিতাপৰ কথা যে উক্ত কলংকিত গণহত্যা সম্পৰ্কে তৎকালীন মিডিয়াই প্ৰায় নীৰৱতা তথা অজ্ঞতাহে প্ৰদৰ্শন কৰিছিল৷ অৱশ্যে হেমেন্দ্ৰ নাৰায়ণ [ইণ্ডিয়ান এক্সপ্ৰেছ], বেদব্ৰত লহকৰ [দি আছাম ট্ৰিবিউন], এবিচি নিউজৰ জনৈক শৰ্মাই তুলনামূলকভাৱে ব্যতিক্ৰমী ব্যক্তি ৰূপে মানৱতাৰ পূজাৰী প্ৰগতিশীল মানুহৰ মনত সাঁচ বহুৱা পৰিলক্ষিত হয়৷পক্ষপাতদুষ্ট এচাম সাম্প্ৰদায়িক ৰাজনীতিকৰ পৰিকল্পিত উচটনিত স্থানীয় আদিবাসীসকলে জঘন্যতম গণহত্যাটো সংঘটিত কৰে৷ উল্লেখ্য যে অসমৰ মঙলদৈ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ‘প্ৰজেক্ট ব্ৰহ্মপুত্ৰৰ’ৰূপকাৰৰ আঙুলিৰ ঠাৰত ৰাজ্যজুৰি আবাল-বৃদ্ধ-বনিতাই আন্দোলনত জঁপিয়াই পৰে৷
সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলি থকা অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত চৰকাৰে ঘোষণা কৰা অসম বিধানসভাৰ নিৰ্বাচনক আন্দোলনকাৰীসকলে ‘অবৈধ নিৰ্বাচন’ ঘোষণা কৰি ৰাজ্যৰ সকলো শ্ৰেণীৰ ভোটাৰক নিৰ্বাচন বৰ্জন কৰিবলৈ আহ৩ান জনায়৷ একাংশ আন্দোলনকাৰীয়ে বংগমূলীয় মুছলমানসকলক স্বপ্ৰণোদিতভাৱে বিদেশী আখ্যায়িত কৰে৷ আনহাতে, চৰকাৰে এই দুৰ্ভগীয়া বংগমূলীয় মুছলমান মানুহখিনিক নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বিনিময়ত সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়ে৷চৰকাৰৰ আশ্বাসত বংগমূলীয় মুছলমান মানুহখিনিয়ে আন্দোলনকাৰীসকলৰ নিৰ্দেশ অমান্য কৰি নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ শাস্তি স্বৰূপে একাংশ মানৱতাৰ শত্ৰু ৰাজনীতিৰ ক্ৰীড়ানকে জনগোষ্ঠীটোক সমূলি নিঃশেষ কৰাৰ উদ্দেশ্যে এই কলংকিত গণহত্যা সংঘটিত কৰে৷নেলীৰ এই হত্যাকাণ্ডত মানুহৰ নিষ্ঠুৰতাৰ বলি হোৱা দুৰ্ভগীয়া মানুহখিনিৰ বাবে ন্যায় আজিও আকাশ কুসুম হৈয়ে আছে৷ উক্ত গণহত্যাৰ পিছত ভুক্তভোগীসকলে তথা তেওঁলোকৰ আত্মীয়ই থানাত ৬৮৮টা গোচৰ ৰুজু কৰে৷ তাৰে ৩৭৮টা গোচৰ কোনো পতিয়নযোগ্য প্ৰমাণৰ অভাৱত চৰকাৰীভাৱে বন্ধ কৰি দিয়ে৷ আনহাতে, বাকী থকা ৩১০টা গোচৰো তৎকালীন চৰকাৰে এককক্ষীয়ভাৱে প্ৰত্যাহাৰ কৰাত ইতিহাস কঁপোৱা গণহত্যাৰ বলি হোৱাসকলে ন্যায়ৰ নামত অদ্যপৰিমিত একোৱে পোৱা নাই৷ আনকি উক্ত গণহত্যাত নিহত হোৱা নিৰীহ শ্ৰমজীৱী মানুহখিনি মুছলমান হোৱা বাবেই চৰকাৰে তেওঁলোকক ছহিদৰ মৰ্যাদাও প্ৰদান কৰা নাই৷শংকৰ-আজানৰ দেশত সংঘটিত উক্ত বৰ্বৰ গণহত্যাৰ বিষয়ে তদন্ত কৰিবৰ বাবে তৎকালীন চৰকাৰে ত্ৰিভুবন প্ৰসাদ তিৱাৰীৰ নেতৃত্বত গঠন কৰি দিয়া ‘তিৱাৰী আয়োগ’-এ তদন্ত তথা অধ্যয়ন সমাপ্ত কৰি বিগত ১৯৮৫ চনতে চৰকাৰৰ ঘৰত যথাৰীতিভাৱে দাখিল কৰা ৬০০ পৃষ্ঠাৰ প্ৰতিবেদনখন এম আব্দুল মজিদ খান আজিলৈকে ৰাজহুৱা কৰা হোৱা নাই৷ বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে, নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে তৎকালীন হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ভুক্তভোগীসকল অকল মুছলমান হোৱা হেতুকেই যে চৰকাৰে তেনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল সেইটো সহজেই অনুমেয়৷পিছে আজি এইটো স্পষ্ট হৈ পৰিছে যে পক্ষপাতদুষ্ট ৰাজনীতিকৰ নিখুঁত পৰিকল্পনাৰে সংঘটিত কৰা নেলী গণহত্যাৰ ভুক্তভোগীসকলে আজিকোপতি ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ থাকিলেও এই জনগোষ্ঠীৰ এচাম নোম টেঙৰ ৰাজনীতিকে নেলীৰ গণহত্যাক নিজৰ ৰাজনৈতিক উত্তৰণৰ জখলা হিচাপে ব্যৱহাৰ কৰি বিধায়ক, সাংসদ, মন্ত্ৰী আদি হৈ নিজৰ তকদিৰ ঠিকেই চমকাইছে৷ শিয়ালসদৃশ টেঙৰ এই ৰাজনীতিৰ ক্ৰীড়ানকসকলক ৰাইজে নিজৰ আদালতত গণতান্ত্ৰিক ব্যৱস্থাৰ আলমত বিচাৰ কৰাটো সাম্প্ৰতিক সময়ৰ দাবী৷নেলীলৈ আগতেও গৈছিলোঁ৷ ২৭য০২য২০২২ তাৰিখেও গৈছিলোঁ৷ সিদিনা কিলিং নদীৰ পাৰৰ মূলাধাৰীত স্থাপিত নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুলৰ নতুন ভৱনৰ দ্বাৰ উন্মোচন উপলক্ষে এখন বিশাল সভা অনুষ্ঠিত হয়৷ উদ্যোক্তাসকলৰ আমন্ত্ৰণত গোৱালপাৰাৰ পৰা ড॰ আবুল হুছেইন, ডাঃ ছাহিদুল ইছলাম আৰু সৰবৰহী যুৱক আব্দুল বাতেনৰ সৈতে অভাজনে নেলীলৈ গৈছিলোঁ৷ আমাৰ লগত গুৱাহাটীৰ পৰা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট সাহিত্যিক তথা ‘দৈনিক গণ অধিকাৰ’ কাকতৰ মুখ্য সম্পাদক খবিৰ আহমেদ, বিশিষ্ট লেখিকা ৰমিছা বেগম, সাহিত্য সংগঠক, অধ্যক্ষ মজিবৰ ৰহমানো নেলীলৈ গৈছিল৷ নেলীৰ বাট-পথৰ অৱস্থাৰ কোনো পৰিৱৰ্তনেই চকুত নপৰিল৷ আজিকালি নদীৰ বুকুৰ দুৰ্গম চৰাঞ্চলতো পকী পথ নিৰ্মাণ হৈ আছে যদিও ৰাষ্ট্ৰীয় উচ্ছ পথৰ নিচেই কাষত থকা নেলী অঞ্চলৰ বাট পথৰ কোনো চকুত লগা উন্নয়ন আজিও হোৱা নাই৷ লুংলুঙীয়া কেঁচা ৰাস্তা৷ ৰাস্তাৰ মাজত ঠায়ে ঠায়ে দ’ গাঁত৷ বৰষুণ দিলে গাড়ী চলাচল কৰাৰ আশা ক্ষীণ৷ সম্ভৱতঃ ভৰি দুখনেই তেতিয়া যাতায়াতৰ বাবে অঞ্চলবাসীৰ একমাত্ৰ নিৰ্ভৰযোগ্য বাহন হৈ পৰে৷ কিন্তু সেই জৰাজীৰ্ণ ৰাস্তাৰ দুয়োকাষে দৃষ্টিয়ে ঢুকি পোৱালৈকে লহপহকৈ বাঢ়ি থকা সেউজীয়া ধাননিপথাৰ দেখি মনত বৰ ভাল লাগিছে৷ এই সময়ত কোনোবাই তালৈ গ’লে গণহত্যাৰ বলি হোৱা সত্ত্বেও তাৰ মানুহবোৰে যে কৰ্মোদ্যম হেৰুৱা নাই তাৰ প্ৰমাণ নিজ চকুৰে চাবলৈ পাব৷নেলীৰ গণহত্যাৰ ভয়াৱহতাক পাহৰিবলৈ হ’লে যাতায়াত আৰু শিক্ষা ব্যৱস্থাৰ উন্নতি কৰাৰ লগতে সেই নিমাখিত পিছপৰা মানুহখিনিক আৰ্থিক তথা সাংস্কৃতিকভাৱেও টনকিয়াল কৰিব লাগিব৷শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো নেলী অঞ্চলটো নদীৰ বুকুৰ চৰাঞ্চলতকৈও পিছপৰা৷ ১৯৮৩ চনত সংঘটিত সেই জঘন্যতম গণহত্যাৰ সময়লৈকে সেই বিস্তীৰ্ণ অঞ্চলত কেইখনমান প্ৰাইমাৰী বিদ্যালয়ৰ বাহিৰে কোনো শিক্ষা অনুষ্ঠানেই নাছিল৷ গণহত্যাৰ পিছত ১৯৮৬ চনত নেলীৰ মূলাধাৰীত কিলিং নদীৰ পাৰত স্থাপিত মূলাধাৰী আঞ্চলিক এম ই স্কুল আৰু বসুন্ধৰী গাঁৱত ১৯৯৪ চনত স্থাপিত বসুন্ধৰী এম ই মাদ্ৰাছাৰ বাহিৰে ২০১৮ চনলৈ আন কোনো উচ্ছ শিক্ষাৰ অনুষ্ঠান নাছিল৷ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটী আৰু নেলী ডেভলপমেণ্ট কমিটীৰ প্ৰচেষ্টাত মূলাধাৰীৰ কিলিং নদীৰ পাৰত স্থাপিত হৈছে ‘নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুল’৷ এই স্কুলখন স্থাপন হোৱাৰ পিছত দুৰ্গম তথা পিছপৰা অঞ্চলটোলৈ শৈক্ষিক উত্তৰণৰ বাবে আশাৰ বাতৰি কঢ়িয়াই আনিছে৷ ইতিমধ্যে নেলী মেম’ৰিয়েল ছেকেণ্ডাৰী স্কুলৰ পৰা দুটা বেটচ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ভালেমান ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ সৰহসংখ্যকেই ছোৱালী হোৱাটোও এটা উল্লেখযোগ্য দিশ৷ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটী আৰু নেলী ডেভেলপমেKI× কমিটীৰ অহোপুৰুষাৰ্থত অঞ্চলটোলৈ শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তনৰ জোৱাৰ আহিব ধৰিছে তাৰ মূল মানুহজন ছাহজাহান তালুকদাৰ৷ ছাহজাহান তালুকদাৰে দেহে-কেহে খাটি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাবে তেওঁ শলাগৰ পাত্ৰ হৈছে৷ অভিশপ্ত নেলী অঞ্চলৰ শৈক্ষিক-সামাজিক উত্তৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে ভৱিষ্যতে ছাহজাহান তালুকদাৰৰ শ্ৰমৰ মূল্যাংকন নি(য় হ’ব৷ অনাগত দিনত নেলী অঞ্চলৰ বাট-পথৰ লগতে আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশত উত্তৰণ ঘটাব পাৰিলে ভেদাভেদ,হিংসা আৰু অবিশ্বাসৰ প্ৰাচীৰ ভাঙি সমন্বয় তথা সম্প্ৰীতিৰ সাঁকো নি(য় নিৰ্মাণ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here