নৰ্থ চাউণ্ড, ২০ জুন: অপেনাৰ জন কেম্পবেলৰ অৰ্ধশতক আৰু জাৰ্মাইন ব্লেকউডৰ সৈতে তেওঁৰ অৰ্ধশতকীয় অংশীদাৰীত্বৰ ফলত ৱেষ্ট ইণ্ডিজে প্ৰথম ক্ৰিকেট টেষ্টৰ চতুৰ্থ দিনা প্ৰথম অধিৱেশনত বাংলাদেশক সাত উইকেটত পৰাস্ত কৰি দুখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে। বাংলাদেশৰ ৮৪ ৰানৰ লক্ষ্যৰ পিছ কৰি ৱেষ্ট ইণ্ডিজে ন ৰানত তিনিটা উইকেট হেৰুৱাইছিল কিন্তু কেম্পবেল (৫৮ নট আউট) আৰু ব্লেকউডে (২৬ নট আউট) চতুৰ্থ উইকেটৰ বাবে ৭৯ ৰানৰ অংশীদাৰীত্ব কৰি আয়োজক দলৰ স্ক’ৰ তিনি উইকেটত ৮৮ ৰানলৈ লৈ যায় আৰু তেওঁলোকক বিজয় প্ৰদান কৰে।কেম্পবেলে তেওঁৰ ৬৭ বলৰ ইনিংছত নটা চাৰি আৰু এটা ছয় মাৰিছিল। ব্লেকউডে ৫৩ টা বলৰ সন্মুখীন হৈছিল আৰু দুটা চাৰি মাৰিছিল। উল্লেখ্য যে ৱেষ্ট ইণ্ডিজে দিনটো তিনি উইকেটত ৪৯ ৰানত আৰম্ভ কৰিছিল আৰু কেম্পবেল আৰু ব্লেকউডে সাত অভাৰত প্ৰয়োজনীয় ৩৫ ৰান সংগ্ৰহ কৰি দলটোক বিজয় প্ৰদান কৰিছিল। কেম্পবেলে নাজমুল হোছেইন শান্তোৰ বলত এটা ছয় মাৰি ৱেষ্ট ইণ্ডিজক লক্ষ্যলৈ লৈ গৈছিল। কেম্পবেলে একেটা অভাৰত এটা চাৰিৰে ৬৩ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। বাংলাদেশৰ হৈ খলিল আহমেদে তিনিওটা উইকেট ২৭ ৰানত দখল কৰে।