ডাঃ অনুপ বৈশ্যসহযোগী, অধ্যাপকচৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
গণ বাৰ্তা,স্বাস্থ্য, ১৬ মাৰ্চ:– কঁকালৰ বিষ সম্পৰ্কে ইতিমধ্যে বহু কেইটা লিখনি আগবঢ়োইছিলো।সকলোৱে আদৰি লোৱা যেন লাগিছে। আজি কঁকালৰ পৰা ওপৰ অংশৰ বিষ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। পিঠিৰ বিষ সম্পৰ্কে প্ৰায়বোৰ ৰোগীয়ে গেষ্ট্ৰিক ৰ বাবে হোৱা বুলি ভাবে। কঁকালৰ দৰেই পিঠিখন কেতবোৰ ৰাজহাড় ৰ টুকুৰা এটাৰ লগত আনটো লাগি থাকে। এই অংশক thorasic vertebrae বুলি কোৱা হয়। এই অংশৰ ৰাজ হাড় ডালৰ বেছিকৈ চলন (movement) কৰাৰ ক্ষমতা নাথাকে কিয়নো এই অংশৰ হাড় বোৰ আমাৰ বুকুৰ কামীহাৰৰ লগত লাগি থাকে।লগতে কামিহাৰৰ ভিতৰত হাওঁফাওঁ থাকে।সেয়েহে।উশাহ নিশাহ ললে ৰাজ হাড় ডাল শৰীৰৰ সন্মুখৰ পিনে আৰু পিছফালে লৰচৰ কৰে। হালিলে সন্মুখৰ পিনে বক্র হয়।পিছফালে হালি কাম খুব কমেই কৰা যায়। এই অংশৰ বিষৰ প্ৰধান কাৰণ হৈছে এনেধৰণৰ – ১. মহিলাসকলে যিহেতু সন্মুখৰ পিনে হালি কাম কৰে।তাৰ বাবেও এনে হয়। ২. অফিচত কাম কৰা ব্যক্তিয়ে আজিকালি প্ৰয়োগ হোৱা চকীত বহু সময় বহি থাকিল বিষ হব পাৰে। ৩. বহু সময় মটৰ চাইকেল বা অন্য বাহন চলালেও পিঠিখন সন্মুখৰ পিনে বহু সময় হালি থাকে বাবে বিষ হয়। ৪. কেঁচুৱাক মাকে স্তন পান কৰাবলৈ বহু সময় একটি হৈ থাকিলেও পিঠিৰ বিষ হব পাৰে। ৫. ঠেকেছা খাই পৰিলে কেতিয়াবা এই অংশৰ ৰাজহাড় নষ্ট হবলৈ ধৰে।যাক collapse of vertebrae বুলি কোৱা হয়। এনে অৱস্থাত পিঠিৰ অংশৰ ৰাজ হাড় ডাল বেঁকা হবলৈ ধৰে বাবেও পিঠিৰ বিষ হয়। ৬.হাড় ৰ ক্ষয় হৈ কাঁইট ৰ দৰে হাড় বাঢ়িব পাৰে।যাক osteophyte বুলি কোৱা হয়।এই কাঁইটে মাংসপেশী আৰু নাৰ্ভ বোৰক হেঁচি থাকিলেও পিঠিৰ বিষ হব পাৰে। ৭.হাৰ দুৰ্বল হলে(osteoporosis) ও পিঠিৰ বিষ হয়। ৮. ৰাজহাড় ত বীজাণুৰ সংক্ৰমণ হলেও বিষ হব পাৰে।ৰাজ হাড় ত যক্ষ্মা ৰোগ হোৱা ৰোগীৰো প্ৰাৰম্ভিক অৱস্থাত পিঠিৰ বিষ হব পাৰে। ৯.হাওঁফাওঁৰ বিভিন্ন ৰোগটো পিঠিৰ বিষ হয়। ১০.গেষ্ট্ৰাইতিজ হোৱা ৰোগী আৰু পিত্তশয়(gall bladder)ৰ ৰোগৰ বাবেও পিঠিৰ কোনো অংশত বিষ হব পাৰে। ১১.পিঠিত আঘাত লাগিলেও বিষ হয়। মুঠৰ ওপৰত পিঠিৰ বিষৰ কাৰণ ভিন্ন।পিঠিৰ ৰাজ হাড়ৰ টুকুৰাবোৰৰ মাজত থকা স্পঞ্জ সদৃশ ডিস্ক খুব পাতল হয় বাবে ইয়াৰ ক্ষয় হোৱা সম্ভাৱনা অধিক।তদুপৰি আমাৰ আধুনিক জীৱন শৈলীয়ে আমাক সন্মুখৰ পিনে হালিবলৈ বাধ্য কৰাইছে। পৰিত্ৰাণৰ উপায়, আমি আমাৰ ৰাজহাড় ডাল সদায় পোন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।অন্তত সদায় সন্ধিয়া আৰু ৰাতিপুৱা অতি সহজ যোগাসন bhujanga san কৰিব লাগে। এনে কৰিলে ৰাজ হাড় ডাল পিছফাললৈ বক্র কৰা হয় আৰু নাৰ্ভৰ চেপা খোৱা কমি যায় লগতে ডিস্ক খন ক্ষয় নাযায়।ইয়াৰোপৰি অভিজ্ঞ চিকিৎসকে বা physiotherapist য়ে spinal manipulation নামৰ এবিধ ব্যায়াম কৰাই দিয়ে।যি খুব ফলপ্ৰসূ। এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকে এই ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰি লগতে মেৰুদণ্ড দালৰ ব্যায়াম কৰাই দি এই ৰোগৰ পৰা মুক্তি দিব পাৰে।সামান্য চিকিৎসাৰৰে এই ৰোগ সমূলে নষ্ট কৰিব পাৰি।