Home Editor's Pick হোমেন বৰগোহাঞিয়ে চৰ-চাপৰিবাসী অসমীয়া মুছলমানক কি দিছিল

হোমেন বৰগোহাঞিয়ে চৰ-চাপৰিবাসী অসমীয়া মুছলমানক কি দিছিল

35
0

✍️ ৰেজাউল কৰিম

হোমেন বৰগোহাঞি বৰ্তমান অসমৰ সবাতোকৈ জনপ্ৰিয় সাহিত্যিক, সাংবাদিক, কথাশিল্পী— এই কথাত কাৰোৱেই দ্বিমত নাই। আজিৰ অসমত নতুন প্ৰতিভাসম্পন্ন যুৱশক্তিৰ বাবে তেওঁ অভিভাৱকসদৃশ আছিল। এই কথাও কোনেও অস্বীকাৰ নকৰে। অসমৰ সকলো জনগোষ্ঠীৰ প্ৰতি থকা সদ্ভাৱৰ বাবে সকলো জনগোষ্ঠীৰ লোকৰ মাজত তেওঁ আছিল অলিখিত মাৰ্গ দৰ্শকসদৃশ। সৌভাগ্যক্ৰমে মই নিজে হোমেন বৰগোহাঞি ছাৰৰ সান্নিধ্য লাভ কৰি তেখেতৰ কৰ্মৰাজি আৰু চিন্তা-চৰ্চা ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাই ধন্য হৈছো। বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ এখন সুস্থিৰ অসম তেওঁৰ কাম্য আছিল। অসমত বংগমূলীয় অসমীয়া মুছলমানসকলৰ সৈতে থলুৱা অসমীয়া লোকৰ মানসিক সংঘাতে অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত হেঙাৰ হৈ পৰিছিল। ৰাজনৈতিক পাকচক্ৰত এই সংঘাতৰ অৱসান হোৱাত বিভিন্ন জটিলতাই দেখা দিছিল। আজিও সেই জটিলতা বিদ্যমান। হোমেন বৰগোহাঞিয়ে এই  বিষয়টো  অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল। সমস্যাটো ৰাজনৈতিক। কিন্তু ইয়াৰ ৰাজনৈতিক সমাধানৰ পথ ইমান মসৃণ নহয়। হোমেন বৰগোহাঞিৰো নিজস্ব ৰাজনৈতিক দৰ্শন আছে যদিও ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ নিজস্ব দৰ্শনেৰে সাংঘাতিক সফলতা লাভ কৰা নাছিল। গতিকে অসমত  বংগমূলীয় অসমীয়া  সমাজখনক থলুৱা অসমীয়া সমাজৰ ওচৰ চপাই আনিবলৈ বিকল্প পথৰ সন্ধানত আছিল। অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁ যেন সেই বিকল্প পথৰ সন্ধান পাই গৈছিল। তেওঁ যে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছিল তাৰ প্ৰমাণ আমি পাইছিলো। সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া চলি থাকোতে তেওঁ সভাপতি হোৱাটো নিশ্চিত হৈছিল আৰু সভাপতি হৈ বংগমূলীয় অসমীয়া মুছলমানৰ হৈ কিবা এটা ভাল কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। এইটো আছিল হোমেন বৰগোহাঞিৰ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱাৰ আগৰ চিন্তা-চৰ্চা। এই সম্পৰ্কত তেতিয়াৰ সাংবাদিক আৰু বৰ্তমান বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ সৈতে মত তেওঁ বিনিময় কৰিছিল। উল্লেখ নিষ্প্ৰয়োজন যে আব্দুল খালেক হোমেন বৰগোহাঞিৰ অনেক প্ৰিয়ভাজনৰ ভিতৰত এজন আছিল।  আব্দুল খালেকে সেই সময়ৰ বৰগোহাঞি ছাৰৰ মনৰ ইচ্ছাৰ কথা আমাৰ আগত ব্যক্ত কৰি একধৰণৰ কাৰ্যপন্থা এটাও যুগুত কৰি উলিয়াইছিল। সেইমতে আমি বৰগোহাঞি ছাৰক কলগাছিয়ালৈ নিমন্ত্ৰণ কৰি লৈ গৈছিলো। তেখেতে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত এখন জনাকীৰ্ণ সভাত জনগোষ্ঠীটোক উদ্বুদ্ধ কৰি দীঘলীয়া ভাষণ দিছিল। দিনটো আছিল দুহেজাৰ চনৰ নৱেম্বৰ মাহৰ চাৰি তাৰিখ। সভাখনৰ আয়োজন কৰিছিল কলগাছিয়াৰ নৱোদয় পুথিভঁৰালে। সভাখনলৈ গুৱাহাটীৰ পৰা আহি থাকোতে বৰগোহাঞি ছাৰে কৈছিল যে তেওঁ গোলাম ওচমানীৰ লগত অসমৰ সংখ্যালঘু মুছলমানপ্ৰধান অঞ্চলসমূহ ভ্ৰমণ কৰিছে। তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত কয় যে অসমৰ এটা অতি পৰিশ্ৰমী জাতি আৰু অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰিও মৌলবাদী শক্তিৰ আগ্ৰাসনত পৰি তেওঁলোকে অসমৰ থলুৱা মানুহৰ মানসিকতা অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই। সম্প্ৰদায়ৰ লোকসকলে যি অনগ্ৰসৰতাৰ কথা কয় তাতকৈও অধিক দৰিদ্ৰ, অশিক্ষিত আৰু অনগ্ৰসৰ লোক মিচিং সম্প্ৰদায়ৰ মাজত আছে।  তেওঁ বিচাৰে বংগমূলীয় অসমীয়া মুছলমান  সম্প্ৰদায়টোৰ সৈতে অসমৰ থলুৱা লোকৰ মাজৰ ভুল বুজাবুজিৰ অৱসান হওক আৰু ভেদাভেদ নোহোৱা হওক। এই কামৰ বাবে তেওঁক সম্প্ৰদায়টোৰ উঠি অহা লোকসকলে সহযোগিতা আগবঢ়াব লাগে।হোমেন বৰগোহাঞি ছাৰে অসমৰ সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত মোক সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটীৰ সদস্য হিচাপে মনোনীত কৰে। ইতিমধ্যে আব্দুল খালেকে বৰগোহাঞি ছাৰক অসম সাহিত্য সভাৰ অন্তৰ্ৱৰ্তীকালীন বিশেষ বাৰ্ষিক অধিৱেশনখন কলগাছিয়াত পাতিবলৈ অনুৰোধ জনাই থৈছিল। সাহিত্য সভাৰ ইতিহাসত এশ শতাংশ বংগমূলীয় অসমীয়া মুছলমানপ্ৰধান অঞ্চলত ইয়াৰ আগতে কোনো অধিৱেশন হোৱা নাছিল। গতিকে সাহিত্য সভাৰ জৰিয়তে সভাপতি হোমেন বৰগোহাঞিৰ নেতৃত্বত অসমত এক নতুন যুগৰ আৰম্ভণি হোৱাৰ সপোন দেখা গৈছিল। সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত সভাপতি বৰগোহাঞিয়ে নিজেই কলগাছিয়াত অন্তৰ্ৱৰ্তীকালীন বিশেষ বাৰ্ষিক অধিৱেশনো পতাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। তেতিয়াৰ কাৰ্যনিৰ্বাহক সমিতিৰ সকলোৱে অকল সমৰ্থন কৰাই নহয়, বৰং সফল কৰিবলৈ সকলো প্ৰকাৰে আগবাঢ়ি আহিছিল। প্ৰধান সম্পাদক বসন্ত গোস্বামীয়ে কলগাছিয়া ভ্ৰমণ কৰি এনেকুৱা পিছপৰা ঠাই আৰু আন্তঃগাঁথনি নথকা, ভাল বাট-পথ নথকা অঞ্চলত সাহিত্য সভাৰ দৰে বিয়াগোম অনুষ্ঠানৰ অধিৱেশন সফলতাৰে অনুষ্ঠিত কৰিব পৰা যাব নে নাই সেই বিষয়ে সন্দিহান আছিল। কিন্তু সফলতাৰে সভা অনুষ্ঠিত হোৱাৰ পাছত তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিছিল। এই অধিৱেশন চলিছিল ২০০২ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০, ১১ আৰু ১২ তাৰিখে।  বৰগোহাঞি ছাৰ সভাখনক লৈ অতি উৎসাহী আছিল। লগতে সভাৰ আৰম্ভণিৰ আগদিনা বিভিন্ন ভিতৰুৱা গাঁও ভ্ৰমণ কৰি অঞ্চলটোৰ মানুহৰ মনৰ বুজ লৈছিল। তেওঁ মোক এটা গুৰুদায়িত্ব দি সুধিছিল যে  সভাৰ স্মৃতি যুগমীয়া কৰিবলৈ আৰু অসমৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হোৱাটো স্থায়ী কাম এটাৰ পৰিকল্পনা কৰি তেওঁক জনাব লাগে। মই তেখেতক কৈছিলো যে চৰ-চাপৰিৰ লোকৰ জনজীৱনৰ লগত সংপৃক্ত হৈ থকা সংস্কৃতিৰ দিশসমূহৰ লগত অসমৰ থলুৱা সংস্কৃতি অধ্যয়ন কৰা অৰু গৱেষণা কৰিব পৰাকৈ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিব পাৰিলে অসমৰ থলুৱা লোক আৰু চৰ-চাপৰিৰ লোকসকল সাংস্কৃতিকভাৱে ওচৰ চাপি অহাত সুবিধা হ’ব আৰু অসমত এটা নতুন ধাৰাৰ সাংস্কৃতিক আন্দোলন গঢ়ি উঠিব। বৰগোহাঞি ছাৰে একে উশ¸াহতে মোৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰি তেওঁৰ কাৰ্যকালৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব বুলি দৃঢ়তাৰে কৈছিল। অতি কম দিনৰ ভিতৰতে দুই কোটি টকাৰ প্ৰাক্‌কলনেৰে এই কাম আৰম্ভ কৰি প্ৰথম বছৰটোত সাংস্কৃতিক প্ৰকল্পৰ প্ৰথম মহলা সম্পূৰ্ণ কৰি উদ্বোধন কৰিবলৈ তেওঁ সকলো পক্ষকে তাগিদা দিছিল। তেওঁ আমাৰ আগত কৈছিল যে এই কামটোৰ বাবে জনগোষ্ঠীটোৰ সকলো মানুহক জড়িত কৰিব লাগে, যাতে সকলোৱে এই প্ৰকল্প আৰু সাংস্কৃতিক আন্দোলনটোক লৈ গৌৰৱ কৰিব পাৰে। প্ৰকল্পটো যিটো ভৱনত চলিব সেই  ভৱনটোৰ নাম হ’ব ফখৰুদ্দিন আলী আহমেদ সংহতি ভৱন। বিশেষ বাৰ্ষিক অধিৱেশনখনৰ সৈতে জড়িত ব্যক্তিসকল এই প্ৰস্তাৱক লৈ উৎফুল্ল হৈছিল।  কিন্তু এই ধনৰাশি ক’ৰ পৰা কিদৰে সংগ্ৰহ কৰা সম্ভৱ হ’ব তাৰ কোনো উৱাদিহ পোৱা নাছিল। কিন্তু হোমেন বৰগোহাঞি ছাৰে আমাক সকলোকে আচৰিত কৰি দি কৈছিল যে তেওঁ অসমীয়া বিশ্বকোষ প্ৰস্তুত কৰিবলৈ যিদৰে মানুহৰ ওচৰত হাত পাতিছিল এই সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণ কৰিবলৈও আন এবাৰ ভিক্ষা কৰিবলৈ প্ৰস্তুত। এই প্ৰকল্পটো তেওঁৰ কাৰ্যকালত সমাপ্ত কৰাটো ইচ্ছা অছিল। এই ইচ্ছা অনুসৰি তেওঁ প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰিবলৈ ২০০২ চনৰ পহিলা জুন তাৰিখটো ঠিক কৰিছিল। মোক তেওঁ ফোন কৰি আগদিনাই কলগাছিয়ালৈ যাবলৈ নিৰ্দেশ দিছিল। সেই মৰ্মে মই আগদিনাই কলগাছিয়ালৈ গৈছিলো। কিন্তু কলগাছিয়া গৈ যি শুনিলো সেইটো বিশ্বাস কৰিবলৈ টান পাইছিলো। গম পালো যে প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত অদূৰদৰ্শী কিছু ৰাজনৈতিক শক্তিয়ে হেঙাৰ হৈ থিয় দিছে আৰু সমগ্ৰ কাম-কাজ স্থগিত ৰাখিব লগা হৈছে। এই ঘটনাটোৰ বাবে হোমেন বৰগোহাঞি ছাৰ খং, ক্ষোভ আৰু হতাশাত ফাটি পৰি সেই খং আমাৰ ওপৰত প্ৰকাশ কৰিছিল। এই ঘটনাৰ পিছৰ পৰা তেওঁ যেতিয়াই আমাক লগ পাইছিল তেতিয়াই  এবাৰ হ’লেও এই কথা মনত পেলাই আমাক কৈছিল যে জনগোষ্ঠীটোৰ নেতৃত্বৰ অদূৰদৰ্শিতাৰ বাবেই আৰু দীৰ্ঘদিন এওঁলোকে দুৰ্ভোগ ভুগিব লাগিব। উল্লেখ নিষ্প্ৰয়োজন যে অসমত এক নতুন সাংস্কৃতিক আন্দোলন গঢ়ি উঠিব পৰা সম্ভাৱনা এটাক কলিতে ধবংস কৰা হ’ল। কলগাছিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ সভাপতিৰ ভাষণৰ লগতে সাহিত্য সভাৰ দ্বাৰা ঘোষণা কৰা এক প্ৰস্তাৱত কোৱা হৈছিল যে চৰ-চাপৰিৰ অসমীয়া মুছলমান লোকসকলক ইমান দিনে ‘ন-অসমীয়া’ বুলি কোৱা হৈছিল। কিন্তু এতিয়াৰ পৰা এওঁলোকক কেৱল অসমীয়া বুলি কোৱা হ’ব। হোমেন বৰগোহাঞি ছাৰে হেজাৰ হেজাৰ জনতাৰ সন্মুখত সাহিত্য সভাৰ মঞ্চৰ পৰা নিজে এই ঘোষণা কৰিছিল। অসমৰ পৰা বিদেশী বহিষ্কাৰ আন্দোলন চলি থকা সময়ত চৰ-চাপৰিৰ অসমীয়া মুছলমানসকলক বিভিন্ন নামেৰে সমালোচনা কৰি জনমানসত হেয় প্ৰতিপন্ন কৰা হৈছিল। কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠনৰ স্বাৰ্থত সমগ্ৰ জনগোষ্ঠীটোক মূল সুঁতিৰ অসমীয়াৰ ওচৰ চপাই আনিবলৈ বৰগোহাঞি ছাৰে তেওঁলোকক ‘অসমীয়া’ বুলি ঘোষণা কৰি অসমৰ সকলো স্তৰৰ ৰাইজক এই কথা সমৰ্থন কৰিবলৈ আহবান জনাইছিল। দুৰ্ভাগ্যবশতঃ পৰৱৰ্তী সময়ত অসমৰ সমাজ-জীৱনত ইয়াৰ প্ৰভাৱ দেখা নগ’ল। অসম সাহিত্য সভাৰ মজিয়াতে ইয়াৰ কোনো প্ৰতিফলন দেখা নাই। আমি ভাবো যে ব্যক্তি হোমেন বৰগোহাঞি আৰু অসম সাহিত্য সভাৰ সভাপতি হোমেন বৰগোহাঞিৰ অসমৰ বৃহত্তৰ চৰ-চাপৰিবাসী অসমীয়া মুছলমান সমাজখনক থলুৱা অসমীয়া সমাজৰ সৈতে একাত্ম কৰিবলৈ কৰা এই প্ৰয়াস জনগোষ্ঠীটোৰ বাবে মূল্যৱান অৱদান। সময়ৰ জটিল ৰূপ এয়ে যে চৰ-চাপৰিবাসী অসমীয়া মুছলমানৰ একাংশ তথাকথিত নেতাই ন্যস্তস্বাৰ্থৰ বাবে অসমত হ’ব লগা সম্ভাব্য সাংস্কৃতিক আন্দোলনৰ পৃষ্ঠভূমি ৰচনা কৰিব খোজা এটা গৱেষণা কেন্দ্ৰ স্থাপনত সহযোগিতা নকৰিলে। ইয়াৰ বিপৰীতে উক্ত সময়ৰ পৰা প্ৰায় কুৰি বছৰ পিছত জনগোষ্ঠীটোৰ একাংশ নেতাই মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰি সমগ্ৰ জনগোষ্ঠীটোৰ নিৰ্দোষী সাধাৰণ জনতাক মূল সুঁতিৰ থলুৱা অসমীয়াৰ পৰা বহু দূৰলৈ লৈ গ’ল।

দূৰভাষ : 📞 ৯৪৩৫০-৬৮৭০২

LEAVE A REPLY

Please enter your comment!
Please enter your name here