Home Main Stories এন আৰ চি ৰ পুনৰীক্ষণৰ আঁৰৰ অভিপ্ৰায় কি ?

এন আৰ চি ৰ পুনৰীক্ষণৰ আঁৰৰ অভিপ্ৰায় কি ?

26
0

✍️ ড. চুলতান আলী আহমেদ 

আমি সদায় শুনি থাকো যে কোভিড মহামাৰীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যোৱা ডেৰ বছৰে ‘কা’ আইনৰ বিধি বা নিয়মাৱলী প্ৰস্তুত কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰিব নোৱাৰিলে। আমি আৰু শুনি আছো যে কোভিড মহামাৰীৰ কাৰণে যোৱা এবছৰতকৈ অধিক কাল ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৬ নং দফা কমিটিৰ প্ৰতিবেদন খন মেলি চাবলৈকে সময় পোৱা নাই। অথচ, সেই একেই কোভিড মহামাৰীৰ দ্বিতীয় লহৰে যেতিয়া সমগ্ৰ দেশত এক মহা প্ৰলয়ৰ সৃষ্টি কৰিছে, সেই সময়ত অসমৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে ২০১৯ চনত প্ৰকাশিত চূড়ান্ত নাগৰিক পঞ্জীখনক নিজৰ ধৰনে “খচৰা” নাগৰিক পঞ্জী আখ্যা দি ইয়াৰ এশ শতাংশ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ বাতৰিয়ে সচেতন মহলৰ মনত দুই এটা প্ৰশ্নৰ অৱতাৰণা কৰিছে। এই একে সময়তে অসম চৰকাৰেও সীমামূৰীয়া জিলাত ২০ শতাংশ আৰু অন্যান্য জিলাত ১০ শতাংশ পুনৰীক্ষণ বিচাৰি প্ৰথম কেবিনেট বৈঠকত সিদ্ধান্ত লৈছে বুলি গম পোৱা গৈছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ঘোষণা কৰিছে যে ১৯৭১ চনৰ পৰিৱৰ্তে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসম চৰকাৰে নতুনকৈ পুনৰ এন আৰ চি প্ৰস্তুত কৰিব বিচাৰে।

এই কেইটা প্ৰসংগতে আমি সাধাৰণ নাগৰিক হিচাপে দুটামান প্ৰশ্ন ৰাইজৰ বিবেচনাৰ বাবে উত্থাপন কৰিলো।

১. প্ৰথম প্ৰশ্নটো হৈছে, এন আৰ চিৰ যিটো এশ শতাংশ “পুনৰীক্ষণ” ৰাজ্যিক সমন্বয়কে বিচাৰিছে সেইটো কেনেধৰনৰ পুনৰীক্ষণ হব? যিসকলৰ নাম ইতিমধ্যে দহ পোন্ধৰটাকৈ শুনানিৰ শেষত বহু চালি জাৰি চোৱাৰ পিছত এন আৰ চিত অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোকে পুনৰীক্ষণৰ অংশ হিচাপে আকৌ শুনানীৰ সন্মুখীন হব লাগিব নেকি? এন আৰ চিৰ কাগজপাতি যোগাৰ কৰাকে ধৰি বাৰে বাৰে শুনানীত উপস্থিত হবলৈ গৈ অসমৰ বিশেষ বিশেষ দুই এটা সম্প্ৰদায়ৰ লাখ লাখ মানুহ ইতিমধ্যে শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে সম্পূৰ্ণ জুৰুলা হৈ পৰিছে। সেই একে মানুহখিনিক আকৌ তেওঁলোকৰ ধন আৰু সময় খৰচ কৰি শুনানীত হাজিৰ হবলৈ দি  হাৰাশাস্তি কৰাটো এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ পক্ষে যথোচিত হয় নে? এজন ব্যক্তিয়ে তেওঁৰ নাগৰিকত্বৰ পৰীক্ষা কিমানবাৰ দিব লাগিব? নাগৰিকত্বৰ পৰীক্ষা পতাসকলে যেতিয়া দেখিলে যে সেই পৰীক্ষাত তেওঁঁলোকে ভবামতে পৰীক্ষাৰ্থীসকল অনুত্তীৰ্ণ নহল, তেতিয়াই তেওঁলোকে নিজে পতা পৰীক্ষাটোকে সন্দেহ কৰিবলৈ আৰম্ভ কৰাৰ নিচিনা হোৱা নাই নে? এতিয়া পুনৰ পৰীক্ষা পতাৰ উদ্দেশ্য উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক কিবাকৈ অনুত্তীৰ্ণ কৰি দিয়া নহয়তো ? 

২. এন আৰ চি ৰ ৰাজ্যিক সমন্বয়কে দাবী কৰিছে যে দহ হাজাৰতকৈ অধিক এনে মানুহৰ নাম এন আৰ চিত সোমাইছে যিসকলৰ নাম আচলতে এন আৰ চিত থকাৰ যোগ্য নহয়। আমাৰ প্ৰশ্ন হল এই দহ হাজাৰ মানুহৰ নাম তেখেতে কি পদ্ধতিত কেনেকৈ বাহিৰ কৰি উলিয়ালে? যদি তেখেতে কিবা বিজ্ঞানসন্মত পদ্ধতিৰে এন আৰ চি খন ভালদৰে চালিজাৰি চাই এই নামখিনি বিচাৰি উলিয়াইছে তেন্তে সেই একেটা পদ্ধতিৰেই দেখোন এন আৰ চি খন সম্পূৰ্ণৰূপে পুনৰীক্ষণ কৰিব পাৰি। তাৰ বাবে আকৌ এশ শতাংশ “পুনৰীক্ষণ” বিচৰাৰ কাৰণ কি? এন আৰ চিৰ সমন্বয়কে যদি কব খোজে যে উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে সম্পূৰ্ণ এন আৰ চি খন পৰীক্ষা কৰিব নোৱাৰি, তেনহলে প্ৰশ্ন হয় উচ্চতম ন্যায়ালয়ৰ অনুমতি নোহোৱাকৈ তেখেতে এন আৰ চিৰ কোনখিনি অংশ পৰীক্ষা কৰি দহ হাজাৰ অবৈধ মানুহৰ নাম বিচাৰি উলিয়ালে? সেই গোটেইখিনি নাম এটা বিশেষ অঞ্চলত থুপ খাই আছিল নেকি? যদি আছিল, তেন্তে সেই অঞ্চলৰ দায়িত্ব প্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলৰ পৰা কৈফিয়ৎ বিচৰা হৈছে নেকি? আৰু যদি সেই অবৈধ মানুহখিনি কোনো বিশেষ অঞ্চলৰ নহয় বৰঞ্চ বিভিন্ন ঠাইত সিচঁৰতি হৈ আছে, তেনেহলে সেই নামখিনি উলিয়াবৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ এন আৰ চি খন এবাৰ ভালদৰে পৰীক্ষা কৰি চোৱা হোৱা নাই জানো? আমাৰ কথা হল, কোনো ভাৰতীয় নাগৰিকক শুনানীৰ নামত বাৰে বাৰে হাৰাশাস্তি নকৰাকৈ চৰকাৰে যদি এন আৰ চিৰ বিসংগতি ধৰা পেলাব পাৰে, তাত হয়তো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু এন আৰ চি ত কিছু মানুহৰ নাম ভুলক্ৰমে অন্তৰ্ভুক্ত হোৱাৰ সন্দেহত ইতিমধ্যে বহুবাৰ শুনানীত হাজিৰ হৈ নাকনি কাননি খোৱা লাখ লাখ মানুহক আকৌ বিচাৰৰ কাঠগড়াত থিয় কৰোৱা কাৰ্যক সমৰ্থন কৰিব পাৰি নে? 


এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমত এন আৰ চিৰ উন্নীতকৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা প্ৰদীপ ভূঞা (এতিয়া প্ৰয়াত) ডাঙৰীয়াই চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছত কেইবাখনো কাকতত প্ৰবন্ধ লিখি সন্তুষ্টি প্ৰকাশ কৰিছিল আৰু বিগত তিনিটা দশকৰ লোকপিয়লৰ তথ্য বিশ্লেষণ কৰি দেখুৱাইছিল যে অসমত বসবাস কৰা কমেও ৩০/৪০ লাখ মানুহে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদনেই কৰা নাই আৰু সেই খিনি মানুহহে আচলতে বিদেশী। গতিকে এন আৰ চি প্ৰস্তুত কৰাৰ উদ্দেশ্য সফল হৈছে। সেইবাবে যিখিনি ত্ৰুটি বিচ্যুতি আছে সেইখিনি শুধৰাই এইখন এন আৰ চিক এটা মান্য নথি হিচাপে গ্ৰহণ কৰিব লাগে। তেতিয়া অন্ততঃ ভবিষ্যতে অসমত অবৈধভাৱে প্ৰবেশ কৰা বিদেশীক চিনাক্ত কৰাটো উজু হব।

কিন্তু প্ৰথমৰ পৰাই দেখা গৈছে যে এইখন এন আৰ চিক লৈ বৰ্তমানৰ শাসক দলটো চৰম অসন্তুষ্ট। ইয়াৰ কাৰণ কোনেও নুবুজাকৈ থকা নাই। এন আৰ চি ৰ পৰা মুছলমান মানুহৰ নাম কমকৈ বাদ পৰাটোৱেই তেওঁলোকৰ অশান্তিৰ মূল কাৰণ। গতিকে মুছলমানৰ নাম যাতে বেছিকৈ বাদ পৰে তাৰ বাবে তেওঁলোকে এশ শতাংশ পুনৰীক্ষণ বিচাৰিছে বা ১৯৫১ চনলৈকে ভিত্তি বছৰ আগুৱাই নিব বিচাৰিছে। 

৩. বৰ্তমানৰ চূড়ান্ত এন আৰ চি খন ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসম চুক্তি অনুসৰি প্ৰস্তুত কৰা হৈছে। কিন্তু ১৯৭১ চনৰ পিছত অহা আৰু এন আৰ চিত নাম নথকা মানুহখিনিক কি কৰা হব সেইটো চৰকাৰে বোধকৰোঁ নিজেও নাজানে। সেই মানুহখিনি যদি বাংলাদেশৰ পৰা অহা প্ৰমাণিত হয় তেন্তে কি হব? অমুছলমান মানুহখিনিক নাগৰিকত্ব দিবৰ বাবে ইতিমধ্যে “কা” আইন গ্ৰহণ কৰা হৈছে। মুছলমান মানুহখিনিৰ ক্ষেত্ৰত কি হব? তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠাবৰ বাবে ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে আজিলৈকে কোনো প্ৰত্যৰ্পণ চুক্তি কৰা নাই আৰু ভৱিষ্যতে যে কৰিব সেই সম্ভাৱনাও নাই। সেই ক্ষেত্ৰত ১৯৭১ চনটোক ১৯৫১ চনলৈকে আগুৱাই নি নতুন এটা ভিত্তি বৰ্ষ কৰিলে যেনিবা আন কিছু নতুন মানুহৰ নাম এন আৰ চি ৰ পৰা বাদ পৰিব। কিন্ত সেই অতিৰিক্ত মানুহখনি আহিছিল  পূব পাকিস্তানৰ পৰা যিখন দেশ এতিয়া আৰু নাই। তেনেহলে সেই অতিৰিক্ত মানুহখিনিক কলৈ পঠিয়াব? যি ভাৰত চৰকাৰে ১৯৭১ চনৰ পিছত অহা মানুহখিনিক ঘূৰাই নিবলৈ বাংলাদেশক আজিলৈকে সন্মত কৰিব পৰা নাই, সেই ভাৰত চৰকাৰে ১৯৫১ৰ পৰা ১৯৭১ লৈকে অহা মানুহখিনক ঘূৰাই নিবলৈ কোনখন দেশৰ লগত চুক্তি কৰিব? তাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ২০১৯ চনত চূড়ান্ত এন আৰ চি প্ৰকাশৰ সময়ত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘক প্ৰতিশ্ৰুতি দি থৈছে যে যিসকল মানুহৰ নাম এন আৰ  চিত অন্তৰ্ভুক্ত নহয়, তেওঁলোকৰ কোনো ধৰনৰ অধিকাৰ কৰ্ত্তন কৰা নহয়। তেওলোকৰ সকলো ক্ষেত্ৰতে সমান অধিকাৰ থাকিব। যদি সেইটোৱেই হয়, তেন্তে এন আৰ চিত নাম থকা আৰু  নথকাৰ মাজত কিবা প্ৰভেদ থাকিব নে? সেই ক্ষেত্ৰত ভিত্তিবৰ্ষটো যেনিবা ১৯৭১ পৰা আগুৱাই ১৯৫১ চনেই কৰা হল, তাতে কাৰ কি আহে যায়? আমি জানো যে ভিত্তি বৰ্ষ ১৯৫১ নে ১৯৭১ সেই লৈ উচ্চতম ন্যায়ালয়ত বহুদিন ধৰি এটা গোচৰ চলি আছে। এই গোচৰ সংক্ৰান্তত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ একে দলৰ ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাত এই চৰকাৰ দুখনে ভিত্তি বছৰ হিচাপে ১৯৭১ চনৰ সপক্ষেই  মত পোষণ কৰিছে বুলি জানিব পৰা গৈছে। এই দুয়োখন চৰকাৰে নিশ্চয় সকলোবোৰ আইনগত দিশ পৰীক্ষা কৰিহে এই স্থিতিটো গ্ৰহণ কৰিছে। তেনেক্ষেত্ৰত সেই দলৰে নেতা বা মন্ত্ৰীসকলে মাজে মাজে ১৯৫১ চন ভিত্তি বৰ্ষ কৰাৰ কথা মানুহক শুনাই থাকে কিয়? ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে এটা বিশেষ শ্ৰেণীৰ মানুহক সন্তুষ্ট কৰা আৰু “কা” আইনৰ বিৰেধিতাৰ পৰা অসমৰ মানুহৰ দৃষ্টি অন্য ফালে ঘূৰাই নিয়া। 

৪. গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কিছুদিন আগতে এটা গুৰুত্বপূৰ্ণ ৰায় যোগে কৈছে যে  যিসকলৰ মানুহৰ নিজৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে অথচ তেওঁলোকে আন কোনোবা ভাৰতীয় নাগৰিকৰ সৈতে নিজৰ সম্বন্ধ (linkage) প্ৰমাণ কৰিব পৰা নাই তেনেকুৱা মানুহক বিদেশী ন্যায়াধীকৰণে “বিদেশী” বুলি ঘোষণা কৰিব নোৱাৰিব। অৰ্থাৎ ভোটাৰ তালিকাত নাম থকাটোৱেই  ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ । কেই বছৰ মানৰ আগতে ভাৰতত নিৰ্বাচনী আয়োগেও একে ধৰনৰ কথা এটা কৈ থৈছে । যদি সেইটোৱেই হয়, তেন্তে অসমৰ এন আৰ চি ৰ পৰা খুব কম সংখ্যক মানুহৰ নামহে বাদ পৰিব। কিয়নো ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈ থকাটোৱেই যদি নাগৰিকত্বৰ মাপকাঠি হয়, তেন্তে ভিত্তি বৰ্ষ বোলা কথাটোৰ কিবা তাৎপৰ্য আছেনে? ২০১৫ চনত যেতিয়া এন আৰ চি ৰ বাবে আবেদন জমা লোৱা হৈছিল তেতিয়া সেই আবেদনৰ লগত ভোটাৰ পৰিচয়পত্ৰৰ ফটোকপি আৰু প্ৰত্যেকৰে মোবাইল নম্বৰ জমা দিব লগা হৈছিল। এই কথা সকলোৱে জানে যে মোবাইল ছিম কাৰ্ড উলিয়াবৰ বাবে বৈধ নথি পত্ৰৰ প্ৰয়োজন হয়। ইয়াৰ পৰা এটা কথা স্পষ্ট যে ভোটাৰ তালিকাত নাম নথকা বা কোনো ধৰনৰ বৈধ নথিপত্ৰ নথকা কোনো পৰিয়ালৰ পক্ষে এন আৰ চিত আবেদন দাখিল কৰাটোৱেই সম্ভৱ হোৱা নাছিল। কাৰণ নথিপত্ৰ নথকা কোনো আবেদন এন আৰ চি সেৱা কেন্দ্ৰই গ্ৰহণ কৰা নাছিল। গতিকে অকল ভোটাৰ তালিকাত নাম থকা পৰিয়ালেহে  এন আৰ চিত আবেদন কৰিছে। ভোটাৰ তালিকাত নাম নথকা পৰিয়ালে এন আৰ চিৰ বাবে আবেদনেই কৰিব পৰা নাই।

এতিয়া আহো একেবাৰে শেষৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ। যি ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে এন আৰ চি ত বাদ পৰা মানুহৰ কোনোধৰনৰ অধিকাৰ কৰ্ত্তন কৰা নহয়, তেওঁলোকে আন নাগৰিকৰ দৰে সমান সুযোগ সুবিধা লাভ কৰিব, সেই ক্ষেত্ৰত ইতিমধ্যে ১২০০ কোটি টকা খৰছ কৰি ৫৫০০০ কৰ্মচাৰীৰ চাৰি বছৰৰ অমানুষিক পৰিশ্ৰমক ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এইখন চূড়ান্ত এন আৰ চিৰ পুনৰীক্ষণ বিচৰাৰ অৰ্থ কি? হয়তো অসম চৰকাৰে পোনছাটেই এশ শতাংশ পুনৰীক্ষণ বিচৰা নাই হয়, কিন্তু ১০ শতাংশ পুনৰীক্ষণৰ পিছত যদি দুই এটা আসোঁৱাহও ওলায় তেতিয়াই  লগে লগে অসম চৰকাৰেও হয়তো এশ শতাংশ পুনৰীক্ষণ বিচাৰিব নতুবা এন আৰ চি খন সম্পূৰ্ণ নতুনকৈ প্ৰস্তুত কৰিব বিচাৰিব। নহ’লে হয়তো বৰ্তমানৰ এন আৰ চি খন সম্পূৰ্ণভাবে null and void বা ৰদ কৰি পেলাব। কিয় তেওঁলোকে এইখন এন আৰ চিৰ ঠাইত এখন নতুন এন আৰ চি বিচাৰে? ইয়াৰ জৰিয়তে তেওঁলোকে দুটা উদ্দেশ্য সাধন কৰিব বিচাৰে যেন লাগে । প্ৰথমতে, ধৰ্মীয় সংখ্যালঘূ মানুহখিনিৰ মনত এটা চিৰস্থায়ী শংকা জীয়াই ৰাখি তেওঁলোকক হাৰাশাস্তিৰ মাজেৰে অৱদমিত কৰি ৰখা। দ্বিতীয়তে, ২০১৫ চনত যিখিনি মানুহে নথিপত্ৰৰ অভাৱত এন আৰ চিত আবেদন কৰিবলৈ সক্ষম হোৱা নাছিল বুলি প্ৰদীপ ভূঞাদেৱে উল্লেখ কৰি থৈ গৈছে সেই মানুহখিনিৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিৰ পথ প্ৰশস্ত কৰা। কিয়নো বৰ্তমানৰ এন আৰ চিখনক চূড়ান্ত এন আৰ চি হিচাপে মানি ললে ২০১৫ চনত আবেদন কৰিব নোৱৰা মানুহখিনিৰ নাম ইয়াত অন্তৰ্ভূক্ত কৰাৰ কোনো সুবিধাই নাথাকিব। কাৰণ সেই মানুহখিনিক বৰ্তমানৰ এন আৰ চিত পুনৰ আবেদন কৰাৰ সুযোগ দিয়াৰ কোনো ব্যৱস্থা নাই। একমাত্ৰ ২০১৫ চনৰ পিছত জন্ম গ্ৰহণ কৰা শিশুসকলৰ নামহে এইখন এন আৰ চিত নতুনকৈ আবেদনৰ বাবে বিবেচনা কৰা হব। গতিকে, কি উদ্দেশ্য লৈ চূড়ান্ত এন আৰ চি ৰ পুনৰীক্ষণ বিচৰা হৈছে সেইটো বুজিবলৈ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই। (প্ৰকাশিত মতামত লেখকৰ ব্যক্তিগত)। 
লেখকৰ :ফোন নং ৯৪৩৫৫১৩৪২৪

LEAVE A REPLY

Please enter your comment!
Please enter your name here