Home স্থানীয় বছৰটোৰ তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ক’ত-কেতিয়া হ’ব লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন

বছৰটোৰ তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ক’ত-কেতিয়া হ’ব লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন

89
0

তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ১ জুলাইঃ চৰকাৰ গ’ল৷ আকৌ আহিল। তথাপিও লাইকা-দধিয়াবাসীৰ কোনো সমস্যাৰ সমাধান নহ’ল। নহ’ল পুনঃসংস্থাপন৷ চৰকাৰৰ নেতা-পালিনেতাৰ আশ্বাসবোৰ-আশ্বাস হৈয়ে আছে৷ লাইকা-দধিয়াবাসীৰ আশাবোৰ আশা হৈয়ে ৰৈছে৷ অতিমাৰী কৰোনাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশখনৰ লগতে অসমটো ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বছৰটোৰ তৃতীয়টো বানত সম্পূৰ্ণকৈ ডুব গৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বনগাঁও লাইকা-দধিয়াৰ বৃহৎ অঞ্চল। কেবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান লাইকা-দধিয়াবাসীৰ অৱস্থা অতি দুখজনক। উল্লেখযোগ্য যে ১৯৯৯ চনতে চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁও সমূহৰ পুনঃসংস্থাপনৰ আশ্বাস দিছিল৷ যদিও আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহ’ল৷ চৰকাৰৰ লগত কেবা লানিও আলোচনা হল৷ আলোচনাবোৰত বহু আশ্বাস দিলে, চৰকাৰৰ আশ্বাসবোৰ মৰিচীকাত পৰিণত হল৷ আজিলৈকে চৰকাৰে কোনো সু সিদ্ধান্ত গ্ৰহণ নকৰিলে। সেয়ে পুনৰবাৰ বানত ক্ষতিগ্ৰস্ত লাইকা-দধিয়াবাসীয়ে বানৰ সময়ত উচিত সাহায্যৰ দিয়াৰ উপৰিও পুনৰ সংস্থাপনৰ কাৰ্য সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here