Home মতামত আজানপীৰ উপেক্ষিত কিয়?

আজানপীৰ উপেক্ষিত কিয়?

370
0

ড০ ভূৱনেশ্বৰ ডেকা

মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ পিছতে অসমৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ পথাৰখনত সুনাম অৰ্জন কৰা ব্যক্তি হিচাপে হজৰত আজান পীৰক স্থান দিয়াত বোধহয় কাৰো আপত্তি নাই। ড০ মহেশ্বৰ নেওগে কৈছিল— ‘বাৰকুৰি বৰগীত, তেৰকুৰি ফঁকাৰ-যোজনাৰ দৰে আঠ কুৰি জিকিৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ।’ এই আঠ কুৰি জিকিৰৰ লেখকজনে হ’ল আজান পীৰ। সাহিত্য তথা জিকিৰৰ যোগেদি পীৰ জনাই সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰিছিল। জিকিৰত এনে অনেক উদাহৰণ আছে। সেইবোৰৰ অন্যতম এটা হ’ল—

                ‘মোৰ মনত ভেদ ভাৱ নাই ঐ আল্লা, মোৰ মনত আন ভাৱ নাই।

                হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, আখেৰত একে আল্লাৰ নাম।’

জিকিৰবোৰৰ ভাষা, ছন্দ, অলংকাৰ, উপমা, সাঁথৰ, জঁটুৱা ঠাচ আদি অতি উচ্চ মানৰ সম্পদ। সুৰো হৃদয় পৰশা। চুফীবাদী আদৰ্শৰে প্ৰভাৱিত জিকিৰ  গীতৰ যোগেদি মানুহে আধ্যাত্মিক জ্ঞান সহজে আয়ত্ত কৰিব পাৰে। অসমৰ থলুৱা বৰগীত, লোকগীত, দেহ বিচাৰৰ গীত, টোকাৰী গীত, বিহু গীত, হুঁচৰি, বিয়া গীত, দিহা নাম, আই নাম আদিৰ সামঞ্জস্যত ৰচিত জিকিৰবোৰে অসমীয়া সংস্কৃতিকো প্ৰতিনিধিত্ব কৰিছে। জিকিৰ শিল্পীয়ে পৰিধান কৰে অসমীয়া সাজ-পোচাক। শিল্পীসকলে আসন গ্ৰহণ কৰে কঠত। লোকবাদ্য গ্ৰহণ কৰে— বাঁহী, দোতোৰা-তাল আদিত। নাম-কীৰ্তনৰ দৰে হাত চাপৰি বজায়। হুঁচৰিৰ দৰে ব’হাগ বিহুত ঘৰে ঘৰে গৈ জিকিৰ পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। গৃহস্থইয়ো শৰাই, চাকি-বন্তি, ধূপ-ধুনা, নৈবদ্য আদিৰে জিকিৰ গোৱা দলক আদৰণি জনায়। এনে সুন্দৰ সংস্কৃতি শংকৰ-আজানৰ দেশতহে পোৱা যায়। অথচ এই মহান পীৰজন অসমত ৰজাঘৰ-প্ৰজাঘৰত বহু পৰিমাণে উপেক্ষিত যেন আমাৰ অনুভৱ হয়।

প্ৰমাণ হিচাপে ক’ব পাৰো অসমত নাই আজান পীৰ ক্ষেত্ৰ, নাই আজান পীৰৰ নামত বিশ্ববিদ্যালয় তথা সুকীয়া আসন, কেবাবছৰো বন্ধ হৈ আছে ৰজাঘৰে দিয়া আজান পীৰ বঁটা, জিকিৰৰ ওপৰত গৱেষকধৰ্মী আলোচনা আদিৰ ব্যাপকভাৱে গুৰুত্ব পোৱা নাই। সুখৰ বিষয় মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ আদি গুৰুসকলক ৰজাঘৰে যথাযথ সন্মান প্ৰদৰ্শন কৰা দেখা গৈছে। তাৰ বাবে অসম চৰকাৰক আমি ধন্যবাদ দিবই লাগিব। আমি আশাবাদী, অসম চৰকাৰৰ হৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ড০ হিমন্ত বিশ্ব শৰ্মাই আজান পীৰৰ ধৰ্ম, দৰ্শন, সাহিত্য আদি যথাযথভাৱে প্ৰচাৰ-প্ৰসাৰৰ এক ইতিবাচক পদক্ষেপ অতি সোনকালে গ্ৰহণ কৰি অসমৰ ৰাইজৰ উদাৰ নীতি বিশ্ব দৰবাৰত দাঙি ধৰিব। জিকিৰ গীতৰ এজন সাধাৰণ গৱেষক ছাত্ৰ হিচাপে আমাৰ হৃদয়ত পুঞ্জীভূত হৈ থকা অনুভৱখিনি প্ৰতিজন অসমীয়াই নিশ্চয় গভীৰভাৱে অনুভৱ কৰিব বুলি আশা কৰিলো।

দূৰভাষ ঃ ৭৮৯৬৮২৪৭৬৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here