Home মতামত শ্বেৰমান আলীক কিয় সমৰ্থন কৰিব নোৱাৰি

শ্বেৰমান আলীক কিয় সমৰ্থন কৰিব নোৱাৰি

445
0

:কমল কুমাৰ মেধি:

আমি হিন্দু-মুছলমানৰ একতাৰ সমাজখন বিচাৰোঁ। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে এই ভূমিলৈ অহা হিন্দু-মুছলমান সকলো বৈধ নাগৰিকৰ সমান অধিকাৰ আৰু মৰ্যাদা বিচাৰোঁ। উৎপাদন আৰু শ্ৰমৰ সৈতে জড়িতসকল সন্মানসহকাৰে এই দেশত জীয়াই থকাটো বিচাৰোঁ। তাৰ সমান্তৰালভাৱে বিচাৰোঁ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সকলোধৰণৰ সাংবিধানিক সুৰক্ষাও।
অসম আন্দোলনে অসমৰ হিন্দু-মুছলমানৰ সমাজখনলৈ সন্দেহ-সংশয় বিয়পাই দিছিল। বিশেষকৈ নেলী, গহপুৰ, চাউলখোৱা, মুকালমুৱা আদিত সংঘটিত ৰক্তাক্ত ঘটনাই হিন্দু-মুছলমানৰ মাজত এক আত্মঘাতী অবিশ্বাসৰ বাতাৱৰণ তৈয়াৰ কৰি দিছিল। অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত লাহে লাহে সমাজখন থানথিত লাগিছিল। অসম আন্দোলনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত হিন্দু-মুছলমানৰ মাজত সংঘাতময় পৰিৱেশৰ সূচনা হৈছিল যদিও আন্দোলনৰ সমাপ্তিত গঠিত প্ৰফুল্ল কুমাৰ মহন্তৰ অগপ চৰকাৰৰ দিনত ধৰ্মীয় সংখ্যালঘুসকল ভীতিগ্ৰস্ত হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ দুয়োটা কাৰ্যকালতে ধৰ্মীয় সংখ্যালঘু লোকসকল কোনো সংঘাতময় পৰিৱেশৰ মুখামুখি হ’বলগীয়া নাছিল। বৰং মহন্তৰ ৰাজনীতিৰ সৈতে সংখ্যালঘুৰ লোকসকলো সংপৃক্ত হৈ পৰিছিল। যাৰ কাৰণে অসম চুক্তিক ইছ্যু হিচাপে লৈ গঠিত ইউ এম এফ দল সংখ্যালঘুৰ মাজতেই লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছিল। মূল সুঁতিৰ ৰাজনীতিত হিন্দু-মুছলমানৰ ব্যৱধান লাহে লাহে কমি আহিছিল। ৰাজ্যত তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পুনৰুত্থান ঘটে যদিও সাম্প্ৰদায়িক ৰাজনীতিয়ে ইমান চল পোৱা নাছিল। কিন্তু দীৰ্ঘদিন ক্ষমতাত থকাৰ পিছতো কংগ্ৰেছে সংখ্যালঘুসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে যিমান কৰাৰ সুযোগ আছিল— সেইমতে একো নকৰিলে। বিশেষকৈ চৰ-চাপৰিবাসী মুছলমান সমাজৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বহুত সুযোগ পায়ো কংগ্ৰেছে বৰ বিশেষ একোৱেই নকৰিলে। যাৰবাবে বাৰে বাৰে কংগ্ৰেছক ভোট দিও নিজৰ আচল সমস্যাক লৈ কক্‌বকাই থকা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত একধৰণৰ খং আৰু ক্ষোভ পুঞ্জীভূত হ’বলৈ ধৰিলে। আই এম ডি টি আইন বাতিলৰ পিছত সংখ্যালঘুসকলৰ এই খং আৰু ক্ষোভৰ পূৰ্ণ সুযোগ ল’লে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে। ধৰ্মীয় সংখ্যালঘুসকলক উচটাই জোল খাবলৈ এইবাৰ ৰাজনীতিৰ মৈদামত শক্তিশালী ৰূপত আৱিৰ্ভাৱ ঘটিল আজমল চাহাবৰ। এগৰাকী ধৰ্মীয় গুৰু হোৱাৰ সুযোগ ৰাজনীতিত ভালদৰেই গ্ৰহণ কৰিলে আজমল চাহাবে। কিন্তু সংখ্যালঘুসকলৰ কাৰণে আটাইতকৈ ডাঙৰ Îট্ৰজেডীটো হ’ল এই যে বদৰুদ্দিন আজমল চাহাবেও চৰ-চাপৰিৰ মুছলমান সমাজৰ প্ৰকৃত মৌলিক সমস্যাক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি বেহেস্তৰ সুখী জীৱনৰহে সপোন দেখুৱাবলৈ ধৰিলে। ধৰ্মীয় সংখ্যালঘুৰ মৌলিক সমস্যাবোৰ আগৰ দৰেই থাকি গ’ল। চৰ-চাপৰিৰ মুছলমান সমাজৰ বাবে মাটিৰ অধিকাৰ প্ৰধান বিষয়। গৰাখহনীয়াত ঘৰ-মাটি হেৰুৱাই অ’ত-ত’ত বসতি কৰিবলৈ যোৱা চৰ-চাপৰিৰ লোকসকলৰ জীৱন অতি বেদনাদায়ক। অপমান, লাঞ্ছনা-গঞ্জনা সহ্য কৰি ইঠাইৰ পৰা সিঠাইলৈ বসতিৰ ঠাই বিচাৰি ঘূৰি ফুৰা গৰাখহনীয়াপীড়িত চৰ-চাপৰিৰ লোকৰ মৰ্মবেদনা পুঁজিপতি ব্যৱসায়ী বদৰুদ্দিন আজমলে উপলব্ধি কৰিব নোৱাৰিলে। চৰ-চাপৰি অঞ্চলত ৰাস্তা-ঘাট, দলং, চিকিৎসালয় নিৰ্মাণৰ সলনি জৰা-ফুকাৰ দৰে অন্ধবিশ্বাসতহে মুছলমান সমাজক ব্যস্ত ৰাখিলে। পাঁচটা বছৰ বিদেশত বিলাসী জীৱন কটাই পুনৰ নিৰ্বাচনৰ সময়ত ৰাইজক ধৰ্মীয় উন্মাদনাৰ মন্ত্ৰ দি, কান্দি কান্দি দোৱা দি দি ভোট আদায়ৰ কিটিপটোৰে নিজৰ ৰাজনীতি চলাই গ’ল। কঠোৰ শ্ৰম কৰি সকলো প্ৰতিকূলতাক নেওচি উৎপাদন কৰা ফচলৰ উচিত বজাৰ মূল্য নাপাই যেতিয়া চৰ-চাপৰিৰ খেতিয়কে হাহাকাৰ কৰি থাকে, তেতিয়া প্ৰতিটো এয়াৰপ’ৰ্টত ‘আজমল পাৰফিউম’ৰ শ্ব’ৰূম খুলিবৰ বাবে আজমল চাহাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ লগত গোপন মিতিৰালি কৰে। তাতকৈ ভয়ংকৰ কথাটো হ’ল— নিজৰ ৰাজনৈতিক স্বাৰ্থত ‘অতি মুছলমান’ৰ ৰাজনীতি কৰিবলৈ গৈ বদৰুদ্দিন আজমল আৰু তেওঁৰ এ আই ইউ ডি এফ দলে ‘অতি হিন্দু’ৰ ৰাজনীতি কৰাসকলক পৰোক্ষভাৱে সহায় কৰি থাকিল। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক অসমত গজ্‌গজীয়া কৰাত বদৰুদ্দিন আজমলৰ দলটোৰ বিশেষ অৰিহণা আছে। হিন্দু-মুছলমানৰ বিপৰীতমুখী সাম্প্ৰদায়িক প্ৰতিক্ৰিয়াৰ ৰাজনীতিক বিজেপি আৰু এ আই ইউ ডি এফ— এই দুয়োটা দলে অতি কৌশলেৰে আগবঢ়াই নিছে। সেয়েহে বিজেপিৰ ৰাজনীতিক প্ৰতিহত কৰাৰ স্বাৰ্থত বদৰুদ্দিন আজমল আৰু তেখেতৰ দল এ আই ইউ ডি এফকো সমানেই দূৰত্বত ৰখাটো মংগল বুলি আমি বিবেচনা কৰোঁ। সেই একেটা কাৰণতে আমি বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ স্থিতিকো সমৰ্থন কৰিব নোৱাৰোঁ। বিধায়ক হিচাপে শ্বেৰমান আলী আহমেদৰ যোগ্যতাক লৈ কাৰো সন্দেহ নাই। তেখেত এগৰাকী মেধাসম্পন্ন আৰু কাম-কাজ জনা বিধায়ক। বহুত সীমাবদ্ধতাৰ মাজতো বাঘবৰৰ দৰে সমষ্টিত আহমেদে বহুত কাম কৰিছে। এই কথা স্বীকাৰ নকৰিলে পক্ষপাতদুষ্টতাৰ দোষে চুব। কিন্তু অতি সম্প্ৰতি বিধায়কজনে যিধৰণৰ ভূমিকা গ্ৰহণ কৰি আহিছে, ইয়ে হিন্দু-মুছলমানৰ সমাজখনৰ মাজত দূৰত্ব বঢ়াই তুলিব। ইয়াৰ পৰা অসমৰ ধৰ্মীয় সংখ্যালঘু লোকৰ দীৰ্ঘম্যাদী কোনো লাভ নাই। বৰং লাভ হ’ব শাসকীয় বিজেপি দল আৰু চৰকাৰৰ। ‘অতি মুছলমান’ৰ ৰাজনীতিয়ে লাভান্বিত কৰিব ‘অতি হিন্দু’ৰ ৰাজনীতিক। নিজৰ মানুহখিনিক উচটাই হয়তো পুনৰ বিধায়ক বা অহাবাৰলৈ সাংসদো হ’ব পাৰিব— কিন্তু তাৰ দ্বাৰা হিন্দু-মুছলমানৰ একতাৰ সমাজখন ক্ষতিগ্ৰস্ত হ’ব।
হয়। ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰকাশ নোহোৱা বহুত দুখ-বেদনা আছে। আছে বহুত অব্যক্ত খং আৰু ক্ষোভ। কিন্তু তাক ধৰ্মীয় উন্মাদনাৰ সৈতে একাকাৰ কৰি প্ৰকাশ কৰিবলৈ গ’লে লোকচান ভৰিব লাগিব বৃহত্তৰ সমাজখনে। আমি অসমৰ পৰা বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক বিদায় দিব খোজোঁ। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিৱৰ্তে গণতান্ত্ৰিক মূল্যবোধসম্পন্ন ৰাজনীতিক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰোঁ। সেয়ে বিজেপিৰ বিৰোধিতাৰ লগতে বদৰুদ্দিন আজমল, আমিনুল ইছলাম আৰু শ্বেৰমান আলী আহমেদৰ ভূমিকাৰো আমি বিৰোধিতা কৰোঁ।
গুৱাহাটী, দূৰভাষ ঃ ৯৮৬৪০-৭৮১৭৫

LEAVE A REPLY

Please enter your comment!
Please enter your name here