Home Main Stories হিংসা নহয়, অসমত চলিছে শান্তি-প্ৰগতিৰ ধাৰা: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ...

হিংসা নহয়, অসমত চলিছে শান্তি-প্ৰগতিৰ ধাৰা: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

61
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ ঃ
ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে আজি সম্পূৰ্ণ কৰিলে এটা বছৰ৷ বিগত ২০২০ চনৰ আজিৰ দিনটোতেই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত দ্বিতীয়বাৰলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পিছত বিগত বৰ্ষৰ আজিৰ দিনটোতেই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল৷ এটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি খানাপাৰাত বিশাল এবছৰীয়া অসংখ্য লোকৰ সমাগম হয়৷ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়– ২০১৪ চনত অসমত বিজেপিৰ আছিল কেৱল প্তখন আসন৷ ২০১৪ত বিজেপিৰ অধ্যক্ষৰূপে যেতিয়া দায়িত্ব গ্ৰহণ কৰি অসম ভ্ৰমণলৈ আহোঁ সেই সময়ছোৱাত বিজেপিৰ আসনৰ সংখ্যা অতিকৈ সীমিত৷ অৰ্থাৎ পাঁচখন আসন আছিল৷ কিন্তু ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত আৰু তেওঁৰ নেতৃত্বত ৬০খন আসন লাভ কৰোঁ আৰু অগপৰ সৈতে মিত্ৰজোঁট গঢ়ি চৰকাৰ গঠন কৰোঁ৷ ২০২১ত বিজেপিয়ে অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু চৰকাৰ গঠন কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে আজি এবছৰ সম্পূৰ্ণ কৰিলে৷ নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী ইস্তাহাৰত যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেইসমূহ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হৈছে৷ এবছৰৰ ভিতৰতেই বহু প্ৰতিশ্ৰুতি পূৰণ হৈছে আৰু যিসমূহ পূৰণ হোৱা নাই, সেইসমূহ অতি শীঘ্ৰেই পূৰণ হ’ব৷ কিনকিনীয়া বৰষুণৰ মাজতো অসংখ্য লোকৰ সমাগমৰ মাজত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়াই আৰু কয় যে বৰষুণকো নেওচি অসংখ্য জনগণৰ উপস্থিতিয়ে ইয়াকে বুজায় যে অসমত এতিয়া প্ৰগতিৰ ধল বৈছে৷ মা কামাখ্যাৰ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বে উগ্ৰপন্থী, অনুপ্ৰৱেশকাৰী, আন্দোলন, হিংসা আদিয়ে বিৰাজ কৰি আছিল৷ কিন্তু যোৱা ছবছৰত অসমত শান্তি, প্ৰগতি আৰু শিক্ষাৰ ধাৰা চলিছে৷ এবছৰৰ কাৰ্যকালতেই অসমত প্ৰতিশ্ৰুতি অনুসৰি গো সৰবৰাহ বন্ধ কৰা হৈছে৷ গো সৰবৰাহৰ বাবে অসমৰ সকলো দুৱাৰ এতিয়া বন্ধ হৈছে৷ অসমৰ গো-ধন বাংলাদেশলৈ সৰবৰাহ বন্ধ হৈছে৷ সত্ৰৰ ভূমিসমূহ বেদখলমুক্ত কৰা হৈছে৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এই কাম কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সত্ৰসমূহ সুৰক্ষা দিয়াৰ বাবে কাম কৰা হৈছে৷ বৰপেটা সত্ৰৰ চল্লিশ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে৷ অসমৰ সত্ৰসমূহৰ পৰা মুঠ ১০,৭০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে৷ অসমত অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ্ৰাস পাইছে৷ যোৱা ছবছৰত অভাৱনীয় হাৰত অনুপ্ৰৱেশকাৰী হ্ৰাস পাইছে৷ কিছু স্থানৰ পৰা অনুপ্ৰৱেশ হৈ আছে যদিও সেই স্থানত ছীল কৰাৰ পিছত সম্পূৰ্ণৰূপে অসমত অনুপ্ৰৱেশ নাইকিয়া হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে উত্তৰ-পূবক বিকাশৰ দিশলৈ লৈ যোৱা হ’ব৷ সেই অনুসৰি এতিয়া উত্তৰ-পূব বিকাশৰ দিশে আগবাঢ়িছে৷ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই এতিয়া বিকাশৰ মুখ দেখিছে৷ অসম চৰকাৰে ক’ভিড সংক্ৰমণ ৰোধত সফল হৈছে৷ ক’ভিডৰ সময়ছোৱাত অক্সিজেনকে ধৰি অন্যান্য চিকিৎসা সামগ্ৰী যেনেদৰে উপলব্ধ কৰিব লাগিছিল, সেইধৰণে উপলব্ধ কৰাত সফল হৈছিল৷ ভেকচিন নোলোৱাৰ পূৰ্বে যেনেধৰণে ক’ভিড যুঁজত নামি পৰিছিল অসম চৰকাৰ৷ ঠিক একেদৰে ভেকচিন প্ৰয়োগৰ পিছতো ভেকচিন গাঁৱে-ভূঞে প্ৰদানত সফল হৈছে৷ ক’ভিডৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২.প্ত কোটি পৰিয়াললৈ পাঁচ কেজিকৈ ৰেচন বিনামূলীয়াকৈ প্ৰদান কৰে৷ ইয়াৰ ফলত দৰিদ্ৰ লোকসকল উপকৃত হয়৷ ক’ভিডৰ জটিল সময়ছোৱাতো ভোকত থাকিবলগীয়া নহয়৷ অসমত উগ্ৰপন্থীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা হৈছে৷ এই নীতিৰ ফলতেই জ্ঝ,০০০তকৈ অধিক উগ্ৰপন্থীয়ে অস্ত্ৰ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই কাৰ্বি চুক্তি, বড়ো চুক্তি সম্পাদন হৈছে৷ ইয়াৰ ফলত শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে৷ ৩০ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ নৰেন্দ্ৰ মোদীৰ সময়ছোৱাতেই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বলৱতৰ স্থান হ্ৰাস কৰা হৈছে৷ পূৰ্বৰ চৰকাৰে এই আইনখনৰ ম্যাদ বৃদ্ধি কৰি আছিল, কিন্তু বৰ্তমান ৬০ শতাংশ অঞ্চলৰ পৰা আইনখন প্ৰত্যাহাৰ কৰা হৈছে৷ ইয়াৰ কাৰণ স্বৰূপে উত্তৰ-পূবত শান্তি ঘূৰি আহিছে৷ সেইবাবে এনে আইন এতিয়া উত্তৰ-পূবত প্ৰয়োজন নহয়৷ যিসমূহ স্থানত আইনখন বলৱৎ হৈ আছে, সেইসমূহ স্থানৰ পৰাও আগন্তুক সময়ছোৱাত প্ৰত্যাহাৰ কৰা হ’ব৷ অনুপ্ৰৱেশ ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে৷ অসম চৰকাৰৰ সমৰ্থন লাভ কৰি থকাৰ বাবে অনুপ্ৰৱেশ ৰোধত সফল হ’ব পৰা গৈছে৷ কিন্তু পশ্চিম বংগত অনুপ্ৰৱেশ ৰোধ কৰিব পৰা হোৱা নাই৷ কিয়নো পশ্চিম বংগ চৰকাৰে সমৰ্থন জনোৱা নাই৷ অসমত ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰা হৈছে৷ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে৷ পূৰ্বতে এশিঙীয়া গঁড় চোৰাংচিকাৰীয়ে হত্যা কৰি আছিল, কিন্তু এতিয়া চোৰাংচিকাৰীয়ে গঁড় হত্যা কৰাৰ সংখ্যা হ্ৰাস পাইছে৷ অসমবাসীয়ে বিজেপিক বিশ্বাসত লোৱাৰ বাবে এবছৰৰ ভিতৰত ছটা নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে৷ উল্লেখ্য যে আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপৰি উপস্থিত আছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, সাংসদ পল্লৱলোচন দাস, বিটিচিপ্ৰধান প্ৰমোদ বড়ো, বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত পাণ্ডেকে ধৰি বহু গণ্য-মান্য লোক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here