Home Editor's Pick বৰপেটা জিলাত চৰকাৰে উদ্যোগ স্থাপন নকৰে কিয় ?

বৰপেটা জিলাত চৰকাৰে উদ্যোগ স্থাপন নকৰে কিয় ?

161
0

খবিৰ আহমেদ

চলিত বিধান সভা অধিবেশনৰ যোৱা ১৫ জুলাই তাৰিখে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কেইটামান প্ৰশ্ন কৰিছিল। বিধায়ক জনে  জানিব বিচাৰিছিল যে চৰকাৰৰ ফালৰ বৰপেটা জিলাত আতজ বাজী, চুপাৰি, মৰাপাট আৰু কাঁহ পিতলৰ উদ্যোগ স্থাপন  কৰিব নে নাই। কাঁহ পিতলৰ উদ্যোগৰ ক্ষেত্ৰত উদ্যোগ মন্ত্ৰী পাটোৱাৰীয়ে উত্তৰ দিলে যে বৰপেটাৰ সৰ্থেবাৰী অঞ্চলত  যিহেতু মাটি পোৱা নাযায় গতিকে চৰকাৰে তাত তেনে  কোনো উদ্যোগ স্থাপন নকৰে। বাকীবোৰ উদ্যোগৰ ক্ষেত্ৰতো মন্ত্ৰী মহোদয়ৰ কোনো উৎসাহ জনক উত্তৰ পোৱা নগ‘ল। উদ্যোগ স্থাপনৰ কাৰণে বৰপেটাত মাটি নাই বুলি কোৱা মন্ত্ৰী মহোদয়ৰ কথাষাৰ আমি মানি কৰিবলৈ টান পাইছো। 

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যাতায়ত আৰু উদ্যোগ আদিৰ ফালৰ পৰা বৰপেটা জিলা ঐতিহাসিক ভাবেই পিছপৰা। যাৰ কাৰণে প্ৰচুৰ সম্ভাবনা  থকা স্বত্তেও অসমৰ আন আন জিলাৰ তুলনাত বৰপেটা জিলা এতিয়ালৈকে অৰ্থনীতিৰ ফালৰপৰা পিছ পৰি আছে। যাতায়ত ব্যৱস্থা হৈছে অৰ্থনীতিৰ জীৱন ৰেখা। যাতায়াতৰ ফালৰ পৰা বৰপেটা জিলাই প্ৰথম মাধমাৰ খাইছিল তেতিয়াই, যেতিয়া বৰপেটাৰ একাংশ মানুহে বৰপেটা চহৰক ৰেল লাইনেৰে সংযোগ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। তাহানিতে বৰপেটাক লৈ লিখা কবিতাত আমি পঢ়িছিলোঃ ‘তাহানিও দিয়া নাই বগা বঙালক/ এতিয়াও নিদিবি নিজক/ ৰেলগাড়ী চলাবলৈ পবিত্ৰ ভূমিত’। এনেদৰে বিৰোধিতা কৰাৰ কাৰণে বৰপেটা চহৰখন ৰেল সংযোগৰ পৰা চিৰদিনৰ বাবে বাদ পৰি গ’ল। ৰেল লাইন আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বিচ্ছিন্ন হৈ থকা ঐতিহ্য মন্ডিত বৰপেটা চহৰখনৰ লগত যোগোযোগ এতিয়াও আশা কৰা ধৰণে নহয়। এতিয়া বৰপেটাৰ মানুহবোৰে চহৰখনক ৰেল লাইনেৰে সংযোগ কৰিবৰ কাৰণে দাবী কৰি আছে যদিও সেইয়া হৈ উঠা নাই। মাজত এবাৰ কোনোবা পক্ষই দাবী উত্থাপন কৰিছিল যে বৰপেটা জিলাক উদ্যোগমুক্ত জিলা হিচাপে ঘোষণা কৰিব লাগে। এইবোৰ কি ধৰণৰ মানসিকতা আমি বুজি নাপাওঁ। এখন ঠাইৰ যদি যোগাযোগ ব্যৱস্থাৰ উন্নতি নহয় বা ঠাই খনত যদি কল-কাৰখানা, উদ্যোগ আদি স্থাপন নহয় তেনহলে তাৰ সাৰ্বিক উন্নতি জানো সম্ভব? একবিংশ শতাব্দীত পৃথিবীখন যেতিয়া এখন গোলকীয় গাওঁলৈ ৰূপান্তৰিত হৈছে, সেই সময়ত এনেকুৱা চিন্তা উভতনি যাত্ৰাৰ লেখীয়াই নহয়নে?।

 যোৱা শতিকাৰ নব্বৈৰ দহকত কেন্দ্ৰীয় চৰকাৰে বৰপেটাৰ চহৰৰ নিচেই কাষত থকা ধানবান্ধা ৰিজাৰ্ভত এটা ধান গৱেষণা কেন্দ্ৰ মঞ্জুৰ কৰিছিল। তাৰ বাবে মাটিও আবন্টন হৈছিল আৰু  তেতিয়াই তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙে সেই ধান গৱেষণা কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৰিছিল। পিছে সেই ধান গৱেষণা কেন্দ্ৰৰ কাম আগ নাবাঢ়িল। ১৯৯৫ চনত আকৌ অগপ চৰকাৰ ক্ষমতালৈ আহিল আৰু চন্দ্ৰমোহন পাটোৱাৰী কৃষি মন্ত্ৰী হ’ল। চন্দ্ৰমোহন পাটোৱাৰী কৃষি মন্ত্ৰী থকা কালতেই  আৰু তেওঁৰ উদ্যোগতেই বৰপেটাৰ ধান গৱেষণা কেন্দ্ৰ কামৰূপ জিলাৰ চেচালৈ স্থানান্তৰিত কৰা হৈছিল। অথচ বৰপেটা জিলাত প্ৰচুৰ ধান উৎপন্ন হয় আৰু বৰপেটা জিলাখনেই আছিল ধান গৱেষণা কেন্দ্ৰৰ বাবে অতিকৈ উপযুক্ত ঠাই। এনেদৰে বৰপেটা জিলাৰ এটা বিৰাট সম্ভাৱনা কলিতেই মৰহি গ’ল। এতিয়া আকৌ চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্যোগ মন্ত্ৰী হৈ কৈ দিলে যে মাটিৰ অভাবত বৰপেটাত কোনো চৰকাৰী উদ্যোগ স্থাপন নহ’ব। এই মন্ত্ৰী মহোদয়ে বৰপেটা জিলাক বেয়া পায় নেকি? 

কেৱল বৰপেটা জিলাতেই নহয়, সমগ্ৰ নামনি অসমতেই কৰ্ম সংস্থাপন সৃষ্টি কৰিব পৰাকৈ কোনো বৃহৎ উদ্যোগ প্ৰতিষ্ঠান নাই। ধুবুৰীৰ দিয়াচলাইৰ উদ্যোগ আৰু বৰপেটা গুৱাগছাৰ মৰাপাট উদ্যোগৰ অস্বাভাবিক মৃত্যু হ’ল। অথচ এই জিলা দুখনত আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰয়োজনীয় কেচাঁ মালৰ অভাব নাছিল। লক্ষ্য কৰিলে দেখা যায় যে পৃথিবীৰ ভিতৰতেই নামনি অসমতেই বোধকৰো আটাইতকৈ কম মজুৰিত শ্ৰমিক পোৱা যায়। পৃথিবীৰ উন্নত দেশবোৰত শ্ৰমিকৰ মজুৰি আৰু উৎপাদন ক্ষমতা মাত্ৰাধিক বেছি হোৱাৰ কাৰণে, সেই দেশবোৰৰ কোম্পানীবোৰে তুলনামূলক বাবে উন্নয়নশীল দেশবোৰত আহি উদ্যোগ স্থাপন কৰি আছে। কিয়নো এনেবোৰ দেশত শ্ৰমিকৰ মজুৰি আৰু উৎপাদন খৰচ কম হোৱা কাৰণে লাভৰ পৰিমান বেছি হয়। উদাহৰণ স্বৰূপে বাংলাদেশৰ ৰেডিমেড গাৰমেন্টচ উদ্যোগৰ কথাই ক’ব পাৰি।  বাংলাদেশত শ্ৰমিক সকলে কম মজুৰীত কাম কৰে। তাৰ ফলত কোম্পানীবোৰৰো বেছি লাভ হয়, আৰু শ্ৰমিক সকলেও জীৱিকাৰ সমল বিচাৰি পায়। কোৱা বাহুল্য যে গাৰমেন্টচ ফেক্টৰীয়ে বাংলাদেশৰ অৰ্থনীতিক আজি বহু ওপৰলৈ লৈ গ’ল। আমেৰিকা আৰু ইউৰোপৰ বহু উন্নত দেশবোৰেও আজি বাংলাদেশৰ ফেক্টৰীৰ পৰা গাৰমেন্টচ্ ৰপ্তানি কৰে।  বিচাৰিলে দেখা যাব যে আমাৰ বিধায়ক সকলে যিবোৰ পেন্ট-চোলা  ব্যৱহাৰ কৰি থাকে সেইবোৰৰো বেছিভাগ বাংলাদেশৰ ফেক্টৰীতেই তৈয়াৰী।  

আমাৰ কথা হৈছে অকল বৰপেটাই নহয়, সমগ্ৰ নামনি অসমতেই বৃহৎ উদ্যোগ আৰু কল কাৰখানা স্থাপনৰ বাবে অনুকূল পৰিবেশ আছে। যিবোৰে হয়তো অসমৰ অৰ্থনীতিলৈ অযুত সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। কিন্তু কিয় যেন এই ক্ষেত্ৰত আমি চৰকাৰৰ সদিচ্ছা দেখা নাই। বৰপেটাৰ বিধায়ক মহোদয়ে দাবী কৰিছিল যে যিহেতু আতচ বাজী উদ্যোগ, চুপাৰি উদ্যোগ, মৰাপাট উদ্যোগ আৰু কাঁহ পিতলৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাবনা আছে, গতিকে জিলাখনৰ সামগ্ৰিক উন্নয়ণৰ কাৰণে চৰকাৰী খন্ডত এই উদ্যোগবোৰ স্থাপন হ’লে সকলো ফালৰ পৰাই ভাল হ’ব। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পই চৰকাৰী সাহায্য আৰু আধুনিক প্ৰযুক্তিৰ অবিহনে মৃত্যুখন গণি আছে। গুৱাগাছাত মৰাপাট কল আছিলেই, চৰকাৰী অৱহেলাৰ বাবে সেয়া ধ্বংস হ’ল। আনহাতে, বৰপেটা চহৰত আতচ বাজী উদ্যোগ আৰু হাউলিত চুপাৰি উদ্যোগ বেচৰকাৰী ভাবে চলি আছে। কয়াকুছিত চলি আছে বিখ্যাত বাহৰ ধাৰা(পাটি) উদ্যোগ।  পুঁজি, পৰিকল্পনা আৰু দক্ষ পৰিচালনাৰ অভাৱত সেইবোৰে ঠন ধৰি উঠিব পৰা নাই। চৰকাৰী ভাবে এইবোৰ উদ্যোগ স্থাপন কৰিলে সেইবোৰ লাভ জনক হ’ব লগতে বহুতো নিবনুৱা যুৱক যুতীয়ে তাত কৰ্ম সংস্থাপন পাব। বৰপেটা জিলাৰ বিধায়ক সকলে জিলাখনত আৰু দুখন অনুষ্ঠান স্থাপনৰ বাবে উদ্যোগ ল’ব পাৰে—বিলাতী আলুৰ সংৰক্ষণৰ বাবে এটা অত্যাধুনিক শীতল ভৰাল (Cold storage) আৰু এখন মিন মহাবিদ্যালয়। অসমৰ ভিতৰতেই বৰপেটাৰ মন্দিয়া অঞ্চলত অধিক পৰিমানৰ উন্নত মানৰ বিলাতী আলু উৎপাদন হয়। অথচ সেই বিপুল পৰিমানণৰ আলুৰ সংৰক্ষণৰবাবে এখন চৰকাৰী শীতল ভৰাল নাই। জনপ্ৰিয় ফাষ্ট ফুড চিপচ্ বনোৱাৰ কাৰণে বিলাতী আলুৰ প্ৰয়োজন। সংশ্লিষ্ট কোম্পানীবোৰৰ লগত টাই আপ্ কৰি বৰপেটা জিলাত আলুৰ পৰা চিপচ্ বনোৱা উদ্যোগৰ কথাও চিন্তা কৰিলে বহু মানুহে কৰ্ম সংস্থাপন পাব। 

জিলাখনৰ গাওঁ অঞ্চলত প্ৰায় প্ৰত্যেক ঘৰে ঘৰে মাছ পোহা পুখুৰী আছে। বেছিভাগ অঞ্চল অতিকৈ দ ঠাই হোৱা বাবে মিন পালনৰ বাবে ঠাইবোৰ খুবেই উপযোগী। দেখা যায় যে এই জিলাৰ মানুহবোৰে মাছৰ খেতি খুউব উৎসাহেৰে কৰে। গুৱাহাটী চহৰলৈ যিখিনি স্থানীয় মাছ আহে তাৰ অধিকাংশই বৰপেটা জিলাৰ পৰা আহে। অথচ এইবোৰৰ বেচি ভাগেই হৈ আছে মানুহৰ ব্যক্তিগত উদ্যোগত।  তাত চৰকাৰী সহায়-সাহায্য আমি খুউব এটা দেখা পোৱা নাই। চৰকাৰে নীল বিপ্লবৰ কথা কয়, কিন্তু বৰপেটা জিলাত যে সেই নীল বিপ্লব বহুদিন আগৰ পৰাই চলি আছে সেই কথা বহুতেই লক্ষ্য কৰা নাই। মৎস্য পালনত শেহতীয়া অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ আৰু স্থানীয় মাছ পালনকাৰী সকলক নিয়মীয়াকৈ প্ৰশিক্ষণ দিব পাৰিলে বৰপেটাৰ এই মিন বিপ্লবে কেৱল অসমতেই নহয় অসমৰ বাহিৰলৈকেও মাছ ৰপ্তানি কৰিব পাৰিব। এই সময়ত জিলাখনৰ বাবে এখন মিন মহাবিদ্যালয় অতিকৈ জৰুৰী। 

দেশৰ তেত্ৰিছ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান সোতৰ। মুঠ জনসংখ্যাৰ হিচাপত ৬.৭% নিবনুৱাৰ হাৰেৰে অসমৰ স্থান পোন্ধৰ। ক’ভিড মহামাৰীৰ কাৰণে নিবনুৱাৰ সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। ১৮৯ খন দেশত চলোৱা সমীক্ষা মতে মানৱ উন্নয়ণ সূচাংকত ভাৰতৰ স্থান ১৩১ আৰু ভাৰতৰ ভিতৰত অসম আছে ৩০ নম্বৰ স্থানত। অসম খনক আগুৱাই লৈ যাব লগা হ’লে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব লাগিব আৰু ঘৰুৱা উৎপাদন বাঢ়িলে মানুহৰ উপাৰ্জন ক্ষমতা বাঢ়িব। উপাৰ্জন ক্ষমতা বাঢ়িলে মানুহৰ ক্ৰয় ক্ষমতাও বাঢ়িব। চাকৰি বাকৰি নাই, ব্যৱসায় বাণিজ্য কৰি খোৱাৰো পৰিবেশ ৰাজ্যখনত নাই। চলিত ক’ভিড পৰিস্থিতিৰ সময়ত ৰাজ্যখনৰ নিবনুৱা অবস্থাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। চৰকাৰী উদ্যোগত ৰাজ্যখনৰ চুকেকোণে সৰুসুৰা উদ্যোগ আদি স্থাপন কৰি এই ভয়াবহ নিবনুৱা সমস্যাৰ অবসান কৰিবই লাগিব। নহ’লে লাহে লাহে নিবনুৱা সমস্যা আৰু বিস্ফোৰক হৈ উঠিব।

যি সময়ত বিজেপি চৰকাৰে অসম খনক  দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজত এখন কৰিব বুলি ঢাক-ঢোল বজাই আছে, সেই সময়ত বৰপেটা জিলাত উদ্যোগ স্থাপনৰ বাবে মাটি নাই বুলি উদ্যোগ মন্ত্ৰীয়ে কোৱা কথাটো হাস্যস্পদ আৰু দুৰ্ভাগ্য জনক । এনেকুৱা দৃষ্টিভংগী দেশৰ উন্নয়নৰ পৰিপন্থী। মাটি যদি নাই তেনেহ’লে বহুতেই বেদখল কৰি থকা চৰকাৰী ভূমি উদ্ধাৰ কৰি হ’লেও উদ্যোগ স্থাপন কৰক।  উদ্যোগ স্থাপন কৰি মানুহক কাম দিয়ক । নিবনুৱাক সকাহ দিয়ক।  এনেকুৱা নেতিবাচক দৃষ্টিভংগী পৰিহাৰ কৰক। 

[ লেখকৰ ফোন নম্বৰ: 9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here