Home নগাঁও চামগুৰিৰ বিভিন্ন স্থানত বনৰীয়া হাতীৰ উপদ্ৰৱ : পদুমনি শিলপুখুৰী হাইস্কুল ভাঙি লণ্ডভণ্ড...

চামগুৰিৰ বিভিন্ন স্থানত বনৰীয়া হাতীৰ উপদ্ৰৱ : পদুমনি শিলপুখুৰী হাইস্কুল ভাঙি লণ্ডভণ্ড বনৰীয়া হাতীৰ

94
0


গণ বাৰ্তা, চামগুৰি, ১৯ ছেপ্টেম্বৰ: খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পদুমণি ভৰাগুৰি অঞ্চলত এক আংতকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ যোৱানিশা পদুমণি শিলপুখুৰী হাইস্কুলখনত বনৰীয়া হাতী প্ৰৱেশ কৰি বিস্তৰ ক্ষতি কৰাৰ লগতে পদুমণি আৰু ভৰাগুৰি অঞ্চলৰ কে’বাজনো লোকৰ ঘৰ ভঙাৰ লগতে বহুকেইখন দোকান লণ্ডভণ্ড কৰে৷ জানিব পৰা মতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ- খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ভৰাগুৰি পদুমণি আৰু বৃহত্তৰ শিঙিয়া অঞ্চলত বনৰীয়া হাতীয়ে বহু কেইজন লোকৰ ঘৰ ভাঙি ক্ষতি কৰাৰ লগতে বাৰীৰ কলগছ, নাৰিকল গছকে ধৰি বিভিন্ন খেতি মোহাৰি নষ্ট কৰিছে৷ যোৱানিশাও পদুমণি শিলপুখুৰী হাইস্কুলত এটা বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি উপদ্ৰৱ চলায়৷ বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ এটা কোঠা আৰু এখন বাৰাণ্ডা ভাঙি মধ্যাহ্ন ভোজনৰ চাউল খাই লণ্ডভণ্ড কৰাৰ লগতে কম্পিউটাৰ আৰু আলমিৰা ভাঙি বিস্তৰ ক্ষতি কৰে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷ বিগত সময়ত বনৰীয়া হাতীয়ে বিদ্যালয়খনত পাঁচবাৰকৈ প্ৰৱেশ কৰি বিস্তৰ ক্ষতি কৰি আহিছে যদিও বৰ্তমানলৈকে বন বিভাগৰ পৰা কোনোধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷ লগতে যোৱানিশা বনৰীয়া হাতীৰ জাকটোৱে পদুমণি অঞ্চলত বহুকেইখন দোকান আৰু কে’বাটাও ঘৰ লণ্ডভণ্ড কৰে৷ আনহাতে, বনৰীয়া হাতীৰ জাকটোৱে ভৰাগুৰি অঞ্চলৰ হৰেন গায়নৰ পাকঘৰ আৰু তিলক জমিদাৰৰ দোকানঘৰ ভাঙি বিস্তৰ ক্ষতি কৰে৷ উল্লেখ্য যে বিগত বহুদিন ধৰি পদুমণি ভৰাগুৰি গেন্ধালী শিঙিয়া ভকত গাঁও কেঁকোৰাচুক দিলকাবস্তি আদিকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰাৰ লগতে খেতি-বাতি খাই নষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ ভাঙি বিস্তৰ ক্ষতি কৰি আহিছে৷ উক্ত অঞ্চলসমূহত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সময়ত বন বিভাগৰ লোক উপস্থিত হৈ হাতী খেদিবলৈ চেষ্টা কৰে যদি বিফল হোৱা পৰিলক্ষিত হৈছে৷ কাৰণ উক্ত অঞ্চলসমূহত প্ৰতিনিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে হাতীকেইটা পাহাৰলৈ খেদি পঠাবলৈ সক্ষম হোৱা নাই৷ যাৰ ফলত উক্ত অঞ্চলৰ ৰাইজে উজাগৰী নিশা কটাব লগাত পৰিছে৷ বনাঞ্চলৰ পৰা নামি অহা বনৰীয়া হাতীয়ে দিনতে উক্ত অঞ্চলসমূহত মুক্ত বিচৰণ কৰি থকাত ৰাইজ শংকিত হৈ পৰিছে৷ উক্ত অঞ্চলৰ ৰাইজে বনৰীয়া হাতীকেইটা জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠাবলৈ বন বিভাগক দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here