Home অসম বৰপেটাৰ নিৰলাচৰত বন্যহস্তীৰ তাণ্ডৱ , হাতীৰ আক্ৰমণত নিহত যুৱক

বৰপেটাৰ নিৰলাচৰত বন্যহস্তীৰ তাণ্ডৱ , হাতীৰ আক্ৰমণত নিহত যুৱক

124
0


গণ বাৰ্তা, নগৰবেৰা, ৩০ নৱেম্বৰ
: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত নিচানৰচৰত আজি বনৰীয়া হাতীৰ গচকত এজন যুৱক নিহত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ জানিব পৰা মতে, আজিপুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ পাৰহৈ চেঙাৰ চৰাঞ্চলত দুটা বনৰীয়া হাতী প্ৰৱেশ কৰাত ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ চেঙাৰ চৰাঞ্চলত বনৰীয়া হাতী মুক্তভাৱে বিচৰণ কৰাৰ খবৰ পাই ঘটনাস্থলীত যথেষ্টসংখ্যক লোকৰ ভিৰ হয়৷ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এদল বনকৰ্মী গৈ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি বনৰীয়া হাতী দুটা বন বিভাগৰ দলটোৱে কৰায়ত্ত কৰিবলৈ চেষ্টা চলায় যদিও ব্যৰ্থ হয়৷ ইপিনে, বনৰীয়া হাতী দুটা খেদিবলৈ যাওঁতে নিৰলাচৰৰ জয়দৰ আলীৰ পুত্ৰ আমিনুল ইছলাম [চ্ছ] নামৰ যুৱকজন হাতীৰ গচকত গুৰুতৰভাৱে আহত হয়৷ আহত যুৱকজনক চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথতে আদবাটতে মৃত্যুক আঁকোৱালি লয় যুৱকজেন৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here