Home স্থানীয় পেঙেৰীৰ নলনিত নিশা বন্যহস্তীৰ তাণ্ডৱ , লণ্ড-ভণ্ড কৰিলে বাসগৃহসহ ভঁৰাল

পেঙেৰীৰ নলনিত নিশা বন্যহস্তীৰ তাণ্ডৱ , লণ্ড-ভণ্ড কৰিলে বাসগৃহসহ ভঁৰাল

188
0


গণ বাৰ্তা, ডিগবৈ, ২৭ এপ্ৰিল: সম্প্ৰতি ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই থকাৰ সময়তে যোৱা নিশা পেঙেৰীৰ এক নম্বৰ নলনি গাঁৱত এটা অকলশৰীয়া বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰে৷ ডুমডুমা বন সংমণ্ডল খাটাংপানী ৰেঞ্জৰ অন্তৰ্গত তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা অকলশৰীয়া বনৰীয়া হাতীটোৱে নিশা প্ৰায় ১১ বজাৰ পৰা ৩:৩০ বজালৈ সন্ত্ৰাস চলাই প্ৰমোদ মৰাণ নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহৰ কাষতে থকা ভড়াল ভাঙি ধান ভক্ষণ কৰি বিস্তৰ ক্ষতি সাধন কৰে ৷আনহাতে, চলিত সপ্তাহৰে সোমবাৰে পেঙেৰী ডিগবৈ সংযোগী পথত অকস্মাতে বন্যহস্তিৰ আক্ৰমণত দিপাংকৰ গগৈ নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিপাংকৰৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত নলনি ,তৰাণী,পুপুলাজান, লালমাটি, অম্বিকাপুৰ, দোৱাৰমৰা, খাটাংপানী আদি বৃহৎ অঞ্চলত সঘনাই ওলোৱা বনৰীয়া হাতীৰ তাণ্ডৱত জনসাধাৰণে শংকাত জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতি হৈ আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here