Home অসম হত্যাকাৰীক কিয় অসম চৰকাৰে টকা দিব , ইয়াৰ উত্তৰ দিব লাগিব :...

হত্যাকাৰীক কিয় অসম চৰকাৰে টকা দিব , ইয়াৰ উত্তৰ দিব লাগিব : মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ভাৰত জোড়ো যাত্ৰাত সভাপতি ভূপেন বৰা

151
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ অসম-মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পাকে-প্ৰকাৰে একপ্ৰকাৰ অসম আৰক্ষীকে দোষাৰোপ কৰে৷ নতুন দিল্লীত আজি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল৷ অসম আৰক্ষীয়ে অলপমান নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইটো অসম-মেঘালয়ৰ সীমা সমস্যা নহয়৷ এখন গাঁৱৰ লোক আৰু অসম আৰক্ষীৰ মাজত সংঘাত৷ অসম আৰক্ষীয়ে প্ৰয়োজনতকৈ অধিক গুলীচালনা কৰা যেন লাগে৷ ছজন লোকৰ মৃত্যু হোৱাটো সকলোৰে বাবে দুখৰ বিষয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি বন সুৰক্ষা দিয়া বনকৰ্মীক হত্যা কৰা আততায়ীক অসম চৰকাৰে পুৰস্কৃত কৰে, তেন্তে বনকৰ্মীসকলে কাৰ সাহসত, কাৰ প্ৰেৰণাত অসমৰ বন সুৰক্ষা কৰিব? বনকৰ্মীৰ হত্যাৰ তদন্ত হোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে কিয় হত্যাকাৰীক টকা দিলে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মৰিগাঁৱত আজি ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰে৷ আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জিলা কংগ্ৰেছ ভৱনৰ পৰা জালুগুটিলৈকৈ ‘ভাৰত জোড়ো যাত্ৰা’ত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে গুৱাহাটী বৰ্তমান চোৰ-ডকাইতৰ কণ্ট্ৰ’লত আছে৷ গুৱাহাটীক চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ লগতে অসমৰ সীমাত থকা মানুহকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ বনকৰ্মীক হত্যা কৰা হত্যাকাৰীক অসম চৰকাৰে টকা দিয়া কাৰ্যক প্ৰদেশ কংগ্ৰেছে চকু মুদি কোনো কাৰণতেই বহি নাথাকে বুলি সংবাদ মাধ্যমৰ আগত সভাপতি ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰাৰ উপৰি তেওঁ পুনৰ কয় যে মেঘালয়ত হোৱা সংঘাত বিজেপি চৰকাৰৰ অদূৰদৰ্শী আৰু অপৰিকল্পিত সিদ্ধান্তৰ বাবেই অসমৰ সম্পৰ্ক ব্যাহত হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ ওচৰত অক্ষমণীয় অপৰাধ কৰিছে৷ কিয় হত্যাকাৰীক অসম চৰকাৰে টকা দিব, ইয়াৰ উত্তৰ অসম চৰকাৰে প্ৰদেশ কংগ্ৰেছক দিব লাগিব বুলি সভাপতি ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰে৷ তদুপৰি সভাপতিগৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়, নাগালেণ্ড, মিজোৰামৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ কিয়নো তেওঁক নেডাৰ আহ৩ায়ক হৈ থাকিব লাগে৷ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বেয়া পালে, তেওঁ নেডাৰ আহ৩ায়কৰ পৰা আঁতৰিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নেডাৰ আহ৩ায়ক পাতিব৷ সেয়েহে অসম তথা অসমৰ সীমাত থকা মানুহক আততায়ীয়ে হত্যা কৰিলেও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই টকা দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি সভাপতি ভূপেন বৰাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি তেওঁ পুনৰ কয় যে আততায়ীক পাঁচ লাখকৈ এককালীন ধন দিয়াৰ বিৰুদ্ধে আহি থকা দিনত তীব্ৰ প্ৰতিবাদ হ’ব আৰু আততায়ীক মুখ্যমন্ত্ৰীয়ে দিয়া ধন ঘূৰাই ল’ব লাগিব বুলি আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে৷ মৰিগাঁও চহৰৰ মাজেৰে আৰম্ভ হোৱা প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ লৈ নগাঁও লোকসভাৰ সাংসদ প্ৰদু্যৎ বৰদলৈয়ে কয় যে অসম পুলিচৰ বৰমূৰীয়াসকলে অসমখন অশান্ত হোৱাৰ সময়ত দিল্লীত গৈ বাহৰ পাতি থকা কোনো যুক্তিসংগত নহয় বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শশীমোহন বিশ্বাসে আঁত ধৰা ভাৰত জোড়ো যাত্ৰাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী ড॰ অংকিতা দত্ত, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰকে ধৰি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ক্ৰমে মইদুল ইছলাম খান, সীমান্ত হাজৰিকা আৰু শ্ৰৱণ ডেকাৰজাৰ উপৰি জিলা কংগ্ৰেছৰ বহু নেতা-কৰ্মীৰ লগতে সাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷ ইপিনে কালি পুৱা মৰিগাঁও জিলাৰ জালুগুটিৰ পৰা বটদ্ৰৱালৈকে কংগ্ৰেছৰ উদ্যোগত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here