বিশেষ প্ৰতিবেদন, ৫ আগষ্ট ঃ চীনৰ পৰা সকলো ধৰণৰ ভাবুকিৰ মাজতো আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰে৷ ১৯ ঘণ্টা ধৰি পেলোছিয়ে টাইৱানৰ ৰাষ্ট্ৰপতি আৰু তাত থকা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ থাকিল আৰু এই বৈঠক চলি থকালৈকে চীন ঠাণ্ডা হৈ থাকিল৷ ভাবুকিৰ মাজতে পেলোছিৰ এই ভ্ৰমণে প্ৰমাণ কৰিছে যে চীনৰ সতৰ্কবাণীক আমেৰিকাই কেৰেপ নকৰে৷ পেলোছিয়ে টাইৱানক আশ্বাস দিয়ে যে আমেৰিকা তেওঁলোকৰ লগত আছে৷ পেলোছিৰ এই ভ্ৰমণত হতাশ হৈ চীনে টাইৱানৰ বহু ঠাইত নিজৰ যুদ্ধবিমান আৰু যুদ্ধজাহাজ মোতায়েন কৰে৷ ভাৰতত ৭০ কোটিতকৈ অধিক লোকে মোবাইল ব্যৱহাৰ কৰে৷ ২০ কোটিতকৈ অধিক লোকে লেপটপ আৰু গাড়ী ব্যৱহাৰ কৰে৷ কিন্তু আপুনি জানেনে যে এই যুদ্ধ হ’লে তেতিয়া মোবাইল, লেপটপ, অটোমোবাইলত আহি পৰিব গভীৰ সংকট৷ বন্ধ হৈ পৰিব পাৰে বিশ্বৰ হাজাৰ হাজাৰ কোম্পানী৷ শ শ কোম্পানীয়ে ভৰিবলগীয়া হ’ব পাৰে কোটি কোটি টকাৰ লোকচান৷ আচলতে ইলেক্ট্ৰনিক শ্বিপ বা অৰ্ধপৰিবাহী টাইৱানত নিৰ্মিত৷ বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে আৰু টাইৱানত যদি উৎপাদন বন্ধ হয়, তেন্তে সমগ্ৰ বিশ্বই সংকটত পৰিব পাৰে৷ ভূগোলৰ ফালৰ পৰা চীন বিশ্বৰ অন্যতম বৃহৎ দেশ আৰু টাইৱানক বিশ্বৰ আটাইতকৈ সৰু দেশৰ ভিতৰত গণ্য কৰা হয়৷ অৰ্থনীতি অনুসৰি দুয়োখন দেশৰ তুলনা কোনো দেশৰ লগত নহয়, কিন্তু ইয়াৰ পাছতো যেতিয়া এই দুখন দেশৰ মাজত যুদ্ধৰ ভাবুকি আহি পৰে, তেতিয়া বিশ্বত এক বেলেগ উত্তেজনাৰ সৃষ্টি হ’ব৷ পৰিস্থিতি অধিক বেয়া হ’লে টাইৱানৰ সংকট গভীৰ হৈ পৰিব৷ কাৰণ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত এই সৰু দেশখনেই হৈছে বিশ্বৰ কাৰখানা৷নেন্সীৰ ভ্ৰমণৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যদি সেই পৰিস্থিতি অব্যাহত থাকে আৰু যদি টাইৱানত আক্ৰমণ হয়, তেন্তে ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, স্মাৰ্টফোন, গাড়ীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত৷ বজাৰৰ পৰা নোহোৱা হ’ব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী৷ কৰ’না মহামাৰীৰ সময়ত যেতিয়া টাইৱানৰ সৈতে যোগান শৃংখলা ভংগ হৈছিল, তেতিয়া বিশ্বই উপলব্ধি কৰিছিল যে টাইৱান বজাৰত নথকাৰ অৰ্থ কি? বিশ্বৰ অৰ্ধপৰিবাহীৰ পৰা পোৱা মুঠ উপাৰ্জনৰ ৫৪ শতাংশ টাইৱানৰ কোম্পানীসমূহে লাভ কৰে৷ ইয়াত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াইছিল টাইৱানৰ কোম্পানী টি এছ এম চিয়ে [TSMC]৷ TSMC এতিয়াও বিশ্বৰ সৰ্ববৃহৎ অৰ্ধপৰিবাহী কোম্পানী৷ এপল, কোৱালকম, এনভিডিয়া, মাইক্ৰ’ছফ্ট, ছ’নী, আছুছ, ইয়ামাহা, পেনাছনিক আদি ডাঙৰ কোম্পানী ইয়াৰ ক্লায়েণ্ট৷ টাইৱান ছেমিকণ্ডাক্টৰ মেনুফেক্চাৰিং কোম্পানী, বিশ্বৰ ৯২ শতাংশ উন্নত ছেমিকণ্ডাক্টৰ উৎপাদন কৰে৷ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত চীন টাইৱানৰ পৰা বহু মাইল পিছপৰি আছে, আমেৰিকাই অৰ্ধপৰিবাহীৰ বজাৰ বুজি পাইছে আৰু চীনেও৷ সেইবাবেই দুয়োখন দেশেই এই সৰু দেশখনৰ বাবে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে৷ চীনে যদি টাইৱানক আক্ৰমণ কৰে, তেন্তে সমগ্ৰ বিশ্বৰ বাবে শ্বিপ বজাৰ বন্ধ হৈ পৰিব আৰু ইতিমধ্যে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা বিশ্বৰ সন্মুখত নতুন সংকটৰ সৃষ্টি হ’ব৷
Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ভাৰতকে ধৰি সমগ্ৰ বিশ্বই সন্মুখীন হ’ব লাগিব গভীৰ সংকটৰ চীন-টাইৱানৰ যুদ্ধই ৰূপ...