গণ বাৰ্তা, লক্ষীপুৰ, ১৪ জুলাই ঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বন্যহস্তীৰ সন্ত্ৰাস। লক্ষীপুৰৰ আঙঠিহাৰাত ৪২ বছৰীয়া মহিলা এগৰাকীক গচকি মাৰিলে বন্যহস্তীয়ে। হয়, চাৰি সন্তানৰ মাতৃ ফুলভানু খাতুনক গচকি মাৰিলে হাতীয়ে। সন্ধিয়া ছায়েদ আলীৰ পত্নী ফুলভানু খাতুনে বাহিৰত শব্দ শুনি বাৰীৰ পাছফালে গৈছিল। তাত লুকাই থকা বন্যহস্তীৰ জাক এটাই ফুলভানুক বিবস্ত্ৰ কৰি নিৰ্মমভাৱে ভৰিৰে গচকি মাৰে। এনেদৰে গচকি মাৰে যে তাইৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ বিভিন্ন স্থানত ছিটিকি পৰি থাকে। লক্ষীপুৰত বন্যহস্তীৰ জাকটোৱে এজনৰ পিছত এজন মুঠ পাঁচজন ব্যক্তিক গচকি মাৰিলে। বহু সা-সম্পত্তি বিনষ্ট কৰিলে। প্ৰায় এমাহৰ পৰা সন্ত্ৰাস চলাই থকা বন্যহস্তীয়ে অঞ্চলটোৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। বন্যহস্তীৰ সন্ত্ৰাসক লৈ চৰকাৰৰ নাই গুৰুত্ব। হাতীৰ জাকটোক মেঘালয়লৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত লোৱা নাই কোনো বিশেষ পদক্ষেপ। লক্ষীপুৰ আঞ্চলিক বন সংমণ্ডলৰ বিষয়ববীয়াসকলেও ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে মৃতকৰ পৰিয়াললৈ দহ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ বাবে চৰকাৰক দাবী জনাইছে।