Home অসম বৰ্ধিত মূল্যবৃদ্ধিক লৈ সৰব কংগ্ৰেছ : মিঠাতেলৰ বটল, গেছৰ চিলিণ্ডাৰ লৈ মহিলা...

বৰ্ধিত মূল্যবৃদ্ধিক লৈ সৰব কংগ্ৰেছ : মিঠাতেলৰ বটল, গেছৰ চিলিণ্ডাৰ লৈ মহিলা কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

151
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ জুলাই ঃ গুড়, পাপৰ আদিকে ধৰি কেবাটাও নিত্য ব্যৱহাৰ্য সামগ্ৰীক জি এছ টিৰ অধীনলৈ অনাৰ পিছত কালি ঘৰুৱা ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰাৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজে এতিয়া মূল্যবৃদ্ধিৰ বাবে জ্বলাকলা খাবলৈ আৰম্ভ কৰিছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে মূল্যবৃদ্ধিত ইন্ধন যোগোৱাত এতিয়া সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ কমিটী৷ আজি নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী, বিভিন্ন সেৱা আদিত জি এছ টি আৰোপ কৰি সৰ্বসাধাৰণ ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰা আৰু ৰন্ধন গেছৰ মূল্য পুনৰ ৫০ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ আহ৩ানক্ৰমে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সন্মুখত মিঠাতেলৰ বটল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ ৰাজীৱ ভৱন চৌহদত শতাধিক মহিলা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে উদাত্ত শ্লোগান দি চৰকাৰৰ এনে জনবিৰাধেী আৰু দুৰাচাৰী নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে মহিলা কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ উপৰি প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদ্মাৱতী দাস, বজালী জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী মমী দত্ত, কামৰূপ [গ্ৰাম্য]ৰ সভানেত্ৰী দীপালি তালুকদাৰ, গুৱাহাটী মহানগৰ সমিতিৰ সভানেত্ৰী গীতালি দাস, নলবাৰী জিলাৰ সভানেত্ৰী বিজুলী তালুকদাৰ, মৰিগাঁৱৰ সভানেত্ৰী শ্বাহনাজ খানম প্ৰমুখ্যে বিভিন্ন জিলাৰ মহিলা নেত্ৰীসকলৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা দি তাৎক্ষণিকভাৱে চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ উপস্থিত প্ৰতিবাদী মহিলাসকলক উদ্দেশ্যি সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে সমগ্ৰ ৰাজ্যখনৰ মানুহক অভূতপূৰ্ব বানে জুৰুলা কৰি অৰ্থনৈতিকভাৱে কোঙা কৰি দিয়াৰ সময়তে জি এছ টি আৰোপে আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে বিজেপি চৰকাৰে সৰ্বসাধাৰণ মানুহৰ জীৱন প্ৰণালী শেষ কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ ইয়াৰ বিৰুদ্ধে মহিলাসকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত৷ ইফালে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে চমু বক্তব্য দাঙি ধৰি এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ জিলাই জিলাই মহিলা কংগ্ৰেছৰ নেতৃত্বত জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here