Home অসম নাৰী দিৱসৰ চিন্তা অৰ্ধ আকাশ ডাৱৰে আবৰা

নাৰী দিৱসৰ চিন্তা অৰ্ধ আকাশ ডাৱৰে আবৰা

183
0

দিলাল আহমেদ,৮ মাৰ্চ: ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস ৷ বিশ্বৰ বিভিন্ন দেশৰ লগত ভাৰতবৰ্ষতো উলহমালহেৰে পাগুলীত এটা দিৱস৷ নাৰী দিৱস দৰাচলতে পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ অধিকাৰ আৰু সুযোগক পুৰুষৰ সমানে সমুন্নত কৰাৰ আন্দোলনৰ প্ৰতীক৷ নাৰী দিৱসৰ বিভিন্ন আয়োজনত নাৰীৰ সম অধিকাৰ ও সমমৰ্যাদাৰ জয়গান গোৱা হয়৷ নাৰী মুক্তিৰ সাৰ্থকতা বিচৰা হয়— কবি নজৰুুল ইছলামৰ সিই অমৰ কবিতাত, ‘‘পৃথিৱীৰ যা কিছু কল্যাণকৰ, অৰ্ধেক তাৰ কৰিয়াছে নাৰী অৰ্ধেক তাৰ নৰ৷’’ সঁচা অৰ্থত সেয়া হোৱাৰ কথা৷ অথচ, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীয়ে সমমৰ্যাদাৰ মৌখিক প্ৰশস্তি পালেও বাস্তৱত পৃথিৱীজুৰি এখন বিপৰীত ছবিহে পৰিস্ফুট হয়৷ ১৯১১ৰ পৰা ১৯৭৫ আৰু ১৯৭৬১ পৰা ২০২২ এই সুদীৰ্ঘ পৰিক্ৰমাত নাৰী মুক্তিৰ লক্ষ্যত বিশ্ব পৰিস্থিতি কি? বৈশ্বিক প্ৰেক্ষাপটত ভাৰতৰ অৱস্থান কত? নাৰী দিৱসৰ বৰ প্ৰাসংগিক প্ৰশ্ন৷ এই কথা অনস্বীকাৰ্য আজিৰ বিশ্বত বিভিন্ন ক্ষেত্ৰত নাৰী প্ৰতিনিধি স্বমহিমায় ভাস্বৰ ৷ কিন্তু ইয়াৰ বাবে তেওঁলোকে কম ঘাম পেলাব লগা হোৱা নাই ৷ বৃত্তিগত প্ৰত্যাহ৩ানৰ মোকাবিলা কৰাৰ লগতে সুত হিচাপে পুৰুষতান্ত্ৰিক মেজাজৰ ৰক্ষণশীলতাৰ গোড়ামিৰ মোকাবিলা কৰি তেওঁবিলাক আগুৱাব লাগে৷ সামাজিক মঞ্চত আমি যিমানেই নাৰী মুক্তি আৰু নাৰী বন্দনাত মুখৰিত নহওঁ কিয় মানসিকভাৱে আমিবোৰ সেই গোড়া প্ৰাচীনপন্থী৷ মুখত ৰাম পেটত গৰল৷ সেয়ে দেশে দেশে নাৰী অধিকাৰ অধ্যয়নৰ পৰিসংখ্যা লজ্জাজনক৷ ভাবিলে অবাক হব লাগে যে বিশ্বৰ ১২৩খন দেশত জনসংখ্যাত নাৰী সংখ্যাগৰিষ্ঠ আৰু তাৰে বেছিভাগ দেশত নাৰী সমাজ অকল্পনীয় নিৰ্যাতনৰ চিকাৰ৷ নাৰীৰ সাম্য আন্দোলনৰ আৰম্ভণি ১৮৫৭ চনৰ জ্জ্ব মাৰ্চ৷ ইতিহাস ৰচনা কৰে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ এটি কাৰখানাৰ নাৰী শ্ৰমিকৰ এটি দলে৷ কাৰখানাত উন্নত কৰ্ম পৰিৱেশ, সম কামৰ সম মজুৰি আৰু দীৰ্ঘ কৰ্ম সময়ৰ অৱসান বিচাৰি নাৰী শ্ৰমিকসকলে এক প্ৰতিবাদী সমদল উলিয়ায়৷ আৰম্ভ হয় দমন, উৎপীড়ন৷ নাৰী শ্ৰমিকেও হাৰ নামানি আৰু অধিক সংঘৱদ্ধ হৈ ১৮৬০ চনৰ জ্জ্ব মাৰ্চত মহিলা শ্ৰমিক ইউনিয়ন গঠন কৰে৷ সেয়াই আৰম্ভণি৷ মহিলা শ্ৰমিক আন্দোলনে মহাদেশৰ পৰিধি পাৰ হৈ ইউৰোপৰ দেশে দেশে জাগৰণ সৃষ্টি কৰে৷ ৰাছিয়াৰ সমাজবাদী আন্দোলনে নাৰী মুক্তি আন্দোলনত আৰু বল যোগায়৷ ১৯০৫—০৭ লৈ ৰাছিয়াৰ মহিলা শ্ৰমিকে জাৰৰ বৈষম্যবাদী নীতিৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলে৷ ইফালে ১৯০৮ চনত নিউয়ৰ্কৰ বস্ত্ৰ শিল্পৰ নাৰী শ্ৰমিক সকলে কৰ্মঘণ্টা ১৬ ৰ পৰা হ্ৰাস কৰাৰ দাবীৰ লগতে ভোটাধিকাৰৰ দাবীত নিউয়ৰ্কৰ ৰাজপথত বিশাল সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ ১৯১০ চনত আন্তৰ্জাতিক সমাজবাদী নাৰী আন্দোলনৰ সমাৱেশত জ্জ্ব মাৰ্চক নাৰী দিৱস হিচাপে পালন কৰাৰ সংকল্প গ্ৰহণ কৰা হয়৷পৰৱৰ্তী বৰ্ষ অৰ্থাৎ ১৯১১ চনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ জ্জ্ব মাৰ্চ নাৰী অধিকাৰ প্ৰতিষ্ঠা আন্দোলনৰ এটি মাইলৰ ফলক৷ সেয়ে ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত এই দিৱসটোক আন্তৰ্জাতিক নাৰী দিৱস ৰূপে স্বীকৃতি দি ১৯৭৫ বৰ্ষক আন্তৰ্জাতিক নাৰী বৰ্ষ আৰু ১৯৭৬—৮৫ক আন্তৰ্জাতিক নাৰী দশক হিচাপে ঘোষণা কৰে৷ বিশ্বৰ সৰ্বাধিক শক্তিমান দেশ আমেৰিকা যুক্তৰাজ্যৰ অৱস্থাও তথৈবচ৷ নিউয়ৰ্ক টাইমচ্‌ৰ তথ্যানুসৰি আমেৰিকাৰ উচ্ছতৰ শিক্ষাত অধ্যয়নৰত ছাত্ৰী সমাজৰ প্ত শতাংশ যৌন নিৰ্যাতনৰ মুখামুখি হয়৷ বিমান বাহিনীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত মহিলাৰ ১২ শতাংশ ধৰ্ষণৰ চিকাৰ৷ ৰাম্‌ ৰাম্‌ আমেৰিকাত যদি এই হাল বাকী আফ্ৰিকা বা মধ্য প্ৰাচ্যৰ ধৰ্মীয় গোড়ামিত পিষ্ট নাৰী সমাজৰ হকীকত সহজে অনুমেয়৷ বিশ্বত প্ৰতি আঠ চেকেণ্ডত এজনী নাৰী শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হয় আৰু প্ৰতি ছয় মিনিটত এজনী ধৰ্ষিতা হয়৷ বিশ্বব্যাপী নাৰী ঘৰোৱা হিংসাৰ সহজ চিকাৰ৷ আনকি ইউৰোপীয়ান ইউনিয়ন ভুক্ত উন্নত দেশসমূহৰ ২০ শতাংশ নাৰী সহিংসতাৰ ভুক্তভোগী৷ ২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে ধৰ্ষণ অপৰাধত আমেৰিকা পহিলা, ব্ৰাজিল দ্বিতীয় আৰু আমি ভাৰতীয়বোৰ সগৌৰৱে তৃতীয় স্থানত বিৰাজমান৷ হিংসাৰ সহজ বলি শিশু আৰু নাৰী৷ কেতিয়াবা প্ৰকাশ্য দিবালোকে ৰাজপথত মহিলাৰ সন্মান হানি আৰু কেতিয়াবা পৰিয়ালৰ বন্ধ কোঠাত বা কৰ্মস্থলত৷ মুঠতে নাৰী সৰ্বত্ৰে নিৰ্যাতিত৷ উদ্বেগজনক কথাটো হ’ল কন্যা শিশুৰ বাবে মাতৃগৰ্ভও সুৰক্ষিত নহয়৷ ভ্ৰূণ হত্যাৰ পৰাই নিৰ্যাতনৰ আৰম্ভণি৷ কন্যা শিশুৰ ভ্ৰূণ হত্যাতো পৰিয়ালৰ গণ্ডীত সু-চিন্তিত আৰু সু-পৰিকল্পিত অপৰাধ৷ বিশ্ব লীংগ বৈষম্য সূচকত লজ্জাজনক স্থানত ভাৰত অৱস্থিত৷ ২০২০ত ১৫৩ টি দেশৰ নিৰিখত ভাৰতৰ স্থান ১১২তম ৷ অথচ্‌ ২০০৮ত এই স্থান আছিল ১০৮ তম৷ এক দশকে উত্তৰণৰ বিপৰীতে চ্ছ্ৰ স্থান অৱনমিত৷ কৰ্মক্ষেত্ৰতো নাৰীৰ উপস্থিতি এই দেশত ক্ৰমহ্ৰাসমান৷ সময়ে সময়ে হোৱা অৰ্থনৈতিক সমীক্ষাত শ্ৰম খণ্ডত ভাৰতীয় নাৰীৰ অংশীদাৰিত্ব ক্ৰম হ্ৰাসমান৷ ২০০৭ চনৰ ৩৩°৩৪ শতাংশৰ বিপৰীতে ২০১৬ত চ্ছ°৯১ শতাংশ৷ নাৰীৰ ৰাজনৈতিক প্ৰতিনিধিত্বও আশাব্যঞ্জক নহয়৷ সপ্তদশ লোকসভাত নাৰীৰ অংশীদাৰিত্ব ১৪-৩৯ শতাংশ৷ মহিলা সংৰক্ষণ বিল ২০১০ ৰ পৰা সংসদত ওলমি আছে৷ এই ক্ষেত্ৰত একমাত্ৰ ইতিবাচক কথাটো হৈছে যে স্থানীয় নিকায় সমূহৰ নিৰ্বাচিত পদ সমূহত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা৷ সি যিয়েই নহওক, নাৰী দিৱসক মহা আড়ম্বৰেৰে পালন কৰি নাৰী সমাজক প্ৰতীকী সন্মান জনালেও নাৰীৰ সবলীকৰণৰ দিশত আমি বিশেষ আগবাঢ়িব পৰা নাই৷ বাস্তৱত নাৰীৰ সবলীকৰণৰ বাবে যিবোৰ কাম কৰা প্ৰয়োজনীয় সেইবোৰৰ বহু কৰণীয় এতিয়াও বাকী ৷ নাৰীৰ আৰ্থ-সামাজিক নিৰাপত্তা অবিহনে নাৰীমুক্তি এটি অভিলাষী ’গান হৈয়ে থাকিব৷ অৱশ্যে এই ক্ষেত্ৰত অকল চৰকাৰক জগৰীয়া কৰাটোও সমীচীন নহব৷ সমাজ আৰু চৰকাৰৰ ঐক্যবদ্ধ প্ৰচেষ্টাতহে ঈস্পিত লক্ষ্যত উপনীত হ’ব পৰা যাব৷ভাৰতৰ সংবিধানৰ বিভিন্ন ধাৰা উপধাৰাত নাৰী পুৰুষৰ বৈষম্যহীন সমানাধিকাৰৰ কথা বাৰংবাৰ উল্লেখিত হৈছে৷ নাৰী মুক্তিৰ গালভৰা প্ৰতিশ্ৰুতিৰ বাহিৰে অৱস্থাৰ বিশেষ কোনো পৰিৱৰ্তন আজিও হোৱাগৈ নাই৷ প্ৰতিদিনে বাতৰি কাকতৰ পৃষ্ঠা শুৱনি কৰা নাৰী নিৰ্যাতনৰ খবৰবোৰে তাকেই কয়৷ সমাজৰ মন-মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই৷ সমাজৰ মন-মানসিকতা এতিয়াও প্ৰস্তৰ যুগীয়৷ ভুতৰ ওপৰত দানহ পৰাদি আছে জাত-জাত আৰু সম্প্ৰদায়িকতা৷ জাত-পাতৰ বিচাৰত নিৰ্যাতনৰ খবৰ এই দেশত বৰ সুলভ৷ কেতিয়াবা প্ৰতিবাদী নাৰীক জনসমক্ষে বিবস্ত্ৰা কৰি কৰা নিৰ্যাতনৰ ঘটনা গ্ৰামাঞ্চলতো বাদেই দেশৰ খোদ ৰাজধানীৰ লগতে বিভিন্ন প্ৰাদেশিক চহৰতো ঘটাৰ খবৰ সৰ্বজনবিদিত৷ সেয়া গুৱাহাটীৰ লক্ষী ওৰাংএই হওক বা দেশৰ ৰাজধানী দিল্লীৰ কোনোবা দলিত পৰিয়ালেই হওক৷ উদাহৰণ অলেখ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here