Home স্থানীয় যোৰহাটলৈ কভিড প্ৰট’কল ভংগ কৰি ধুবুৰীৰ পৰা দৈনিক আহিছে শ্ৰমিক, যোৰহাট আৰক্ষী...

যোৰহাটলৈ কভিড প্ৰট’কল ভংগ কৰি ধুবুৰীৰ পৰা দৈনিক আহিছে শ্ৰমিক, যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল

131
0

গণবাৰ্তা বিশেষ, যোৰহাট, ৯ জুন : কভিডৰ গণ সংক্ৰমন ৰোধৰ বাবে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ কৰা পিছতো একাংশ দুৰ্নীতি পৰায়ন আৰু ধুৰন্ধৰ ব্যৱসায়ীয়ে সকলো নীতি নিয়ম ধোৱাচাংত তোলা পৰিলক্ষিত হৈছে| যোৰহাটৰ জৈন উপাধিৰ এজন ভূমাফিয়াই যোৰহাটত এটা ফ্লেট নিৰ্মানৰ বাবে ধুবুৰীৰ পৰা কভিড প্ৰট’কল ভংগ কৰি শ্ৰমিক আনি কামত লগোৱাৰ তথ্য পোহৰলৈ আহিছে| জানিব পৰা মতে আজি পুৱা ৭-৩০ বজাত যোৰহাটলৈ এখন বাছত ১৮ জনকৈ শ্ৰমিকক তৰাজান সঞ্জিৱনী হস্পাটালৰ সন্মূখৰ বিশেষ ফ্লেটটো নিৰ্মানৰ বাবে অনা হয়| এই শ্ৰমিক সকলে কোনো ধৰণৰ কভিড টেষ্ট নাইকৰা বুলিও জানিব পৰা গৈছে| যাৰ ফলত শ্ৰমিক সকলৰ পৰা স্থানীয় ৰাইজৰ দেহলৈ কভিড সংক্ৰমন হোৱা আশংকাত এতিয়া এক আতংকময় পৰিবেশ বিৰাজ কৰিছে অঞ্চলটোত| আজি এই ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা উক্ত নীতিশ জৈন নামৰ ভূ মাফিয়া জনৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে| উল্লেখযোগ্য যে যোৰহাটলৈ ধুবুৰীৰ পৰা দৈনিক ৫০ ৰ পৰা ৭০ জনলৈকে শ্ৰমিক দৈনিক অহা যোৱা কৰে| কালি যোৰহাটৰ সাংবাদিকৰ তথ্যৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে ধুবুৰীৰ পৰা অহা এ এছ ০১ ই চি ৪০৩০ নম্বৰৰ “মায়েৰ আৰ্শীবাদ” নামৰ বাছখনত কাকডোঙাত যোৰহাট জিলাত প্ৰৱেশ কৰিবলৈ লোৱা সময়ত জব্দ কৰিবলৈ সক্ষম হয়| বাছ খনৰ কৰ্মচাৰী জনৰ ভাষ্য অনুসৰি ধুবুৰীৰ পৰা গোলাঘাটলৈকে আৰক্ষীৰ বিভিন্ন তালাচী চকীত ধন দি সাৰি আহে বাছ খন| বাহিৰৰ পৰা একো নেদেখিবলৈ বাছখনৰ গ্লাচ সমুহ জপায় দিয়াৰ লগতে পৰ্দা সমূহো পেলাই দিয়া হয়| কালি দিনৰ প্ৰায় ১২ বজাত যোৰহাট সোমাবলৈ লোৱা বাছখন পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া জনৰ তৎপৰতাত ৰাখিবলৈ সক্ষম হয় যদিও আজিও পুনৰ একেদৰেই শ্ৰমিক অনা হয় যোৰহাটলৈ| কেৱল তৰাজান অঞ্চলতে নহয় যোৰহাট চহৰৰ চোলাধৰা চাৰিআলিৰ সমীপতো এনে বহু শ্ৰমিক কালি সোমাইছে বুলি জানিব পৰা গৈছে| বাছ সমূহত ধুবুৰী জিলা প্ৰশাসনৰ অনুমতি থাকে যদিও সেই অনুমতি কিমান সত্য তাক লৈও প্ৰশ্ন উত্থাপন হৈছে| কিয়নো বিগত বৰ্ষত লকডাউনৰ সময়চোৱাত এনে বহু ভূৱা অনুমতি পত্ৰ লৈ অবৈধ ভাৱে বিভিন্ন জিলালৈ শাক পাচলি মাছ আদি সৰবৰাহ কৰা হৈছিল| শ্ৰমিক সকলক অনা নিয়াৰ ক্ষেত্ৰত দেৰগাঁওৰ এটা বাছৰ কাউন্টাৰ আৰু বাছৰ মালিক জনৈক আলি প্ৰত্যক্ষ ভাৱে জড়িত বুলিও এক সুত্ৰত প্ৰকাশ| জানিব পৰা মতে কালি জব্দ কৰা বাছ খনৰ মালিক আজি যোৰহাটত উপস্থিত হৈ বিভিন্ন পক্ষক মেনেজ কৰিবৰ বাবে চেষ্টা চলাই আছে| এনে সন্ধিক্ষনত জিলা সমূহৰ সীমান্তৱৰ্তী এলেকা সমূহত আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহন নকৰিলে কভিডৰ বিৰুদ্ধে চলি থকা যুজত জয়ী হোৱাটো অসম্ভৱ হৈ পৰিব|

LEAVE A REPLY

Please enter your comment!
Please enter your name here