Home স্থানীয় এপিজে টি লিমিটেডৰ ডাঙৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

এপিজে টি লিমিটেডৰ ডাঙৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

426
0

গণ বাৰ্তা, ডুমডুমা, ২৫ ফেব্ৰুৱাৰী: এপিজে টী লিমিটেডৰ তিনিচুকীয়া জিলাৰ ডাঙৰী চাহ বাগিচাত পুণৰ চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ চাহ শ্ৰমিকৰ পষেকীয়া দৰমহাৰ টকা মোকলাই নিদিয়া বহুজাতিক চাহ কোম্পানীটোৰ মালিক পক্ষৰ বিৰুদ্ধে চাহ বাগিচাখনৰ সহস্ৰাধিক চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত কপি উঠিল ডাঙৰী চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়৷ চাহ শ্ৰমিকক কৰা শোষণ বঞ্চনাৰ প্ৰতিবাদত বহুজাতিক চাহ কোম্পানীটোৰ বিৰুদ্ধে শ্ৰমিক সংগঠন সমূহৰ প্ৰতিবাদ আজিও বাহাল আছে৷ দৈনিক মজুৰী কৰা সাধাৰণ শ্ৰমিকৰ প্ৰাপ্য বেতন সময়মতে দিব নোৱাৰি কোম্পানীটোৱে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি এক প্ৰকাৰ শ্ৰমিকসকলক ঠগ প্ৰৱঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বহুজাতিক চাহ কোম্পানীটোৰ ডাঙৰী চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘ গোট আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি বহুজাতিক চাহ কোম্পানীটোৰ মালিক পক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰী, উপকৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা মোকলাই নিদিয়া বহুজাতিক কোম্পানীটোৰ কতৃৰ্পক্ষক ক্ষুব্ধ শ্ৰমিসকলে ক্ষুৰধাৰ সমালোচনা কৰি চাহ শ্ৰমিকৰ নাৰ্য প্ৰাপ্য শীঘ্ৰে মোকলাই দিয়াৰ দাবী জনায় ৷ অন্যথা বহুজাতিক চাহ কোম্পানীটোৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষুব্ধ চাহ শ্ৰমিকসকলে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here