Home স্থানীয় যোৰহাটত বিশ্ব পৰিবেশ দিৱস উদযাপন , বিভিন্ন অনুষ্ঠানৰ

যোৰহাটত বিশ্ব পৰিবেশ দিৱস উদযাপন , বিভিন্ন অনুষ্ঠানৰ

76
0

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৫ জুন : বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে যোৰহাটত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে নগৰৰ বিভিন্ন অঞ্চলত গছ পুলি ৰোপণ কৰি পৰিবেশ দিৱসটি পালন কৰা দেখা যায় । যোৰহাট জিলা প্ৰশাসন, বন বিভাগৰ উদ্যোগত বৃক্ষ ৰোপনেৰে সুন্দৰ নিৰ্মাণ কৰা যোৰহাটৰ তৰুণ ৰাম ফুকন পথটোত
আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । এই বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে যোৰহাটত বন বিভাগ, জিলা প্ৰশাসন আৰু পথ উন্নয়ন সমিতিৰ উদ্যোগত যোৰহাটৰ তৰুণ ৰাম ফুকন পথৰ দুয়োকাষ আৰু ডিভাইদাৰৰ মাজত বৃক্ষ ৰোপণ কায্যসূচী ৰূপায়ন কৰা হয়। লোক নিৰ্মান বিভাগে সুন্দৰকৈ নিৰ্মান কৰা যোৰহাট নগৰৰ এই পথটোৰ উন্নয়নৰ লগত জড়িত আছে এখন উন্নয়ন সমিতি। যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী , অৱসৰপ্ৰাপ্ত অভিযন্তা মৃদুল ভূঞাৰ নেতৃত্বত এই পথত বিগত বৰ্ষৰ পৰা বৃক্ষ ৰোপণ কৰি অহা হৈছে। আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা উপায়ুক্তই বৃক্ষ ৰূপোনৰ শুভাৰম্ভ কৰে। একেটা অনুষ্ঠানতে যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী আনন্দ আগৰৱালাই তেওঁৰ পিতৃ বিছনলাল আগৰৱালাৰ সোঁৱৰণত এখন এম্বুলেঞ্চ ৰাইজৰ সেৱাৰ বাবে মাৰোৱাৰী যুৱ মঞ্চক অৰ্পণ কৰে।উক্ত অনুষ্ঠানটোত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন , আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহু গণ্য মান্য লোক উপস্থিত আছিল । আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যোৰহাট নগৰৰ লগতে জিলা খনৰ কাকজান, টীয়ক, বৰহোলা, মৰিয়নী,তিতাবৰ আদি অঞ্চলত গছ পুলি ৰোপণ কৰে । যোৰহাট লেখিকা সমাৰোহ সমিতিৰ কেইবাগৰাকী লেখিকাই নগৰৰ বিভিন্ন অঞ্চলত এজোপাকৈ বৃক্ষ ৰোপণ কৰে । আনহাতে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ যোৰহাটৰ বিষয়াকেইজনে কেইবাটাও সংস্থাৰ বিষয়াৰ লগতে প্ৰশাসনৰ কেইবাজনো বিষয়াক গছ পুলি উপহাৰ দি বিশ্ব পৰিবেশ দিৱস পালন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here