Home শিৱসাগৰ জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ ঐতিহাসিক মহা-শিৱৰাত্ৰীৰ পূজা মেলা

জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ ঐতিহাসিক মহা-শিৱৰাত্ৰীৰ পূজা মেলা

561
0

গণ বাৰ্তা, শিৱসাগৰ, ২ মাৰ্চ:– ঐতিহাসিক শিৱসাগৰ শিৱদৌলৰ প্ৰাংগণত আজি মহাশিৱৰাত্ৰি মেলা আৰু পূজা জনসমুদ্ৰত পৰিণত হল। মহা শিৱৰাত্ৰিৰ আজি তৃতীয় দিনা জিলা প্ৰশাসনে স্হানীয় বন্ধ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা নিশা পৰ্যন্ত জনসমুদ্ৰলৈ ৰূপান্তৰ ঘটিল শিৱদৌলৰ চৌপাশ।আজি তৃতীয় দিনা কৌশিক কুমাৰ সন্দিকৈয়ে শিৱবন্দনা কৰাৰ পিছতেই উদ্যোগতাই স্হাপন কৰা মঞ্চত ৰাষ্ট্ৰীয়-আন্তৰাষ্টীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা নৃত্য শিল্পী কাকলি দুৱাৰাই উদিচি নৃত্য পৰিৱেশনেৰে জীপাল কৰি তোলে অনুষ্ঠানটোৰ।সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰৰ আধ্যাত্মিক গীতৰ অনুষ্ঠানে শিৱৰাত্ৰি মেলা আৰু পূজাক প্ৰাণৱন্ত কৰি তোলে। কালিলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা শিৱৰাত্ৰি মেলা আৰু পূজাৰ সামৰণি পৰিব। নিশা ১১ বজালৈকে মেলা বহিব বুলি উদ্যোগতাই জানিবলৈ দিয়াৰ লগতে কালিলৈ অনুষ্ঠানৰ মূখ্য আকৰ্ষণ হব ভাৰতৰ ৩০ টা ভাষাত কণ্ঠদান কৰা জনপ্ৰিয় শিল্পী অসমৰ কল্পনা পাটোৱাৰীয়ে। ইফালে, পূৰ্বতকৈ ভক্তপ্ৰাণ ৰাইজৰ সমাগম বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে এইবাৰ নিৰাপত্তাৰ দিশত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰি এইবাৰ প্ৰথমবাৰৰ বাবে এশগৰাকী গাওৰক্ষী বাহিনীৰ সদস্য নিয়োগ কৰাৰ লগতে ২৫০০ গৰাকী স্বেচ্ছাসেৱকক নিয়োগ কৰিছে। আনকি, ঐতিহাসিক শিৱদৌল, দেৱীদল আৰু বিষ্ণুদলৰ চৌপাশত ২৮ টা আৰু মেলাৰ চৌদিশে ৭০ টা উচ্চক্ষমতা সম্পন্ন চি চি কেমেৰা সংযোগ কৰাত এইবাৰ অপৰাধ প্ৰৱণতা কম হোৱাৰ পৰিলক্ষিত হয়। ইয়াৰোপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিপনীসমূহত অগনন ৰাইজৰ ভিৰ হোৱা দেখাৰ লগতে আজি মেলাৰ এটা কোণত দেখা গল এক ব্যতিক্ৰমী দৃশ্য। মেলাৰ বাবে আৰক্ষী প্ৰশাসনে স্হাপন কৰা নিয়ন্ৰণ কক্ষৰ সমীপতে গুৱাহাটীৰ ছয়গাৱৰ বাবু আলি নামৰ এগৰাকী অন্ধ যুৱকে আধ্যাত্মিক গীত গাই গাই ৰাইজৰ পৰা সহায় বিচৰা দৃশ্যই ভক্তপ্ৰাণ ৰাইজক আৱেগিক কৰি তুলিছিল।ইফালে, কালি সন্ধিয়া অনুষ্ঠিত হৈ যোৱা মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ ভাওনা প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰিছিল। ধিতাই পুখুৰী পুৰ্ব ৰংগ সাংস্কৃৰ্তিক গোষ্ঠীৰ দ্বাৰা ৰূপায়িত ভাওনা খনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে গড় গাও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ড: সব্যসাচী মহন্তই৷ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে বিধায়ক পুত্ৰৰ লগতে অসমবাসীৰ মংগল কামনাৰ্থে আগবঢ়োৱা ভাওনা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি দিয়া ভাষণত ড: সব্যসাচী মহন্তই কয় যে, এক হৰণ হৰি নাম ধৰ্মৰ মূল বাণী সমুহ হৰি সেৱাৰ মহত্ব চহা অনাক্ষৰি ৰাইজক উপলদ্ধি কৰাবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে ভাওনা সৃষ্টি কৰিছিল৷ যাৰ বাবে মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱৰ অপুৰ্ব সৃষ্টিৰাজী ভাওনাত পোৱা যায় পৰিবেশ্য কলাৰ আটাই কেইটা উপাদান৷ গুৰুজনাই ভাওনাৰ জৰিয়তে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সমাজ খনৰ সকলো শ্ৰেণীকে একত্ৰিত কৰি এখন সুষম, সমতাপুৰ্ণ, বৃহত্বৰ অসমীয়া সমাজ গঢ়িবলৈ প্ৰয়াস কৰিছিল৷এই ক্ষেত্ৰত মহাপুৰুষজনা এশ শতাংশই সফল হৈছিল৷ সেই বাবেই এক বিংশ শতিকাৰ দুটা দশক অতিক্ৰম কৰাৰ পিছতো ভাওনাৰ প্ৰাসংগিকতা জনপ্ৰিয়তা দিনক দিনে অধিক বৃদ্ধি পাবলৈ ধৰিছে৷ নিজৰ তত্বগধুৰ উদ্বোধনী ভাষণত ড:মহন্তই পুনৰ কয় যে, সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত আমি ভাওনাক সমাজত ঐক্য, সংহতি, সম্প্ৰিতী আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ এক উৎকৃৰ্ষ্ট মাধ্যম হিচাবে ব্যৱহাৰ কৰিব পাৰো৷ দল মুখ চাৰিআলিৰ সু বিশাল মঞ্চ আৰু লোকাৰাণ্য হৈ পৰা হাজাৰ হাজাৰ ভাওনা প্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত তথা অভ্যৰ্থনা দত্ত, দেৱযানী দীক্ষিতা শাণ্ডিল্যই আতঁ ধৰা উদ্ধোধনী অনুষ্ঠানটোতেই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, বিধায়ক গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ লগতে উদ্বোধক ড: সব্যসাচী মহন্তক আয়োজক সমিতিৰ তৰফৰ পৰা বিশেষ ভাৱে আদৰণী জনোৱা হয়৷ কালিলৈ সামৰণি পৰিল শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলা আৰু পূজাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here