Home অসম নিমাতি মাজুলী ফেৰী সেৱাত ছিণ্ডিকেট ৰাজ উৎখাত কৰাৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

নিমাতি মাজুলী ফেৰী সেৱাত ছিণ্ডিকেট ৰাজ উৎখাত কৰাৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

301
0

গণ বাৰ্তা, যোৰহাট, ১৬ ছেপ্টেম্বৰ: যোৱা আঠ ছেপ্টেম্বত  যোৰহাটৰ নিমাতি ঘাটত যি শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হল ই অতি মৰ্মান্তিক। এই ঘটনা চৰকাৰী পক্ষই হওঁক কোনো ব্যক্তিগত পক্ষই হওঁক, কাৰোবাৰ ভুলৰ বাবেই সংঘটিত হবলৈ পালে। চৰকাৰে এই ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে যাতে ভৱিষ্যতৰ দিনত এনে কোনো মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হবলৈ নাপায়, তাৰ ব্যৱস্থা কৰক। এই মৰ্মান্তিক ঘটনাই ইতিমধ্যে বহুবোৰ গুৰুত্বপূৰ্ণ দিশ পোহৰলৈ অনাৰ লগতে নিমাতি মাজুলীৰ ফেৰী সেৱাত সৰ্বসাধাৰণ যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈও বহু প্ৰশ্নৰ উদয় হৈছে। আমাৰ প্ৰশ্ন হৈছে যে নিমাতি মাজুলীৰ মাজত যিসমূহ ফেৰী চলাচল কৰে, এই সমূহৰ ফিটনেছ পৰীক্ষা কৰা হয় নে? যদি কৰা হয় তেন্তে কোনে, কেতিয়া, আৰু কেনেদৰে পৰীক্ষা কৰে? জানিব পৰা মতে এই ফেৰী সমূহৰ কোনো ফিটনেছ পৰীক্ষা কৰা নহয়। তদুপৰি এই ফেৰী সমূহ কি কাঠেৰে বনোৱা হয় , কেনে মানদণ্ড ৰক্ষা কৰা হয় তাৰ কোনো ধৰণৰ পৰীক্ষা কৰা নহয়। তাৰ সলনি নাও এখন তৈয়াৰ কৰাৰ পাছত আলকাটাৰা মৰাৰ পাছতহে ফিটনেছ পৰীক্ষা কৰাৰ নাটক কৰা হয়। এই গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। আজি যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপিত কৰি পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই য়ে কয় যে, যোৱা ৮ ছেপ্টেম্বত  নিমাটিত যি দুৰ্ঘটনা সংঘটিত হল এই দুৰ্ঘটনা নাও খনৰ ফিটনেছৰ বাবে নে নাৱৰ ইঞ্জিন ৰ বিসংগতি বাবে হবলৈ পালে, সেইয়া চৰকাৰে ৰাজহুৱা কৰক। এই দুৰ্ঘটনা যদি ফেৰী খনৰ ফিটনেছৰ বাবে হল তেন্তে ইয়াৰ ইঞ্জিন সলনি কৰি কি লাভ? ইয়াৰ জৰিয়তে নাৱৰ ফিটনেছৰ দিশটো গাপ দিবলৈ চেষ্টা কৰা হৈছে যেন অনুভৱ হয়। নাও খনৰ ফিটনেছ ঠিক নাথাকিলে ইঞ্জিন ভাল হলেও দুৰ্ঘটনা সংঘটিত হব পাৰে। সেই বাবে কোনো অনুসন্ধান নকৰাকৈ কেৱল মেৰাইন ইঞ্জিন লগাবলৈ কোৱাৰ ৰহস্য কি? এই ৰহস্যৰ আঁৰত নিশ্চয় কমিচনৰ অংক থাকিব পাৰে বুলি আমাৰ সন্দেহ হৈছে। নিমাতি ঘাটৰ ছিণ্ডিকেটৰ লবীৰ হেঁচাতেই এই সিদ্ধান্ত লৈ প্ৰকৃত সত্য গাপ দিয়াৰ চেষ্টা কৰা যেন ধাৰণা হয়। কিন্তু নিমাতি মাজুলী নাৱৰ চালক সকলৰ লাইচেঞ্চৰ নামত একো ব্যৱস্থা লোৱা নহয়। বছৰৰ পাছত বছৰ কোনো বিভাগীয় প্ৰশিক্ষণ, পৰীক্ষা অবিহনেই যাকেই মন যায় তেওঁকে নাও চলাবলৈ দি নিৰীহ জনতাৰ জীৱনক লৈ হেতালি খেলি অহা হৈছে। তদুপৰি নিমাতি ঘাটত ছিণ্ডিকেট কোনে চলাইছে আৰু এই সকলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যাত্ৰীৰ জীৱন লোৱাৰ পাছতো এই সকলক গ্ৰেপ্তাৰ  কৰা হোৱা নাই কিয়? নিমাতি মাজুলী ফেৰী সেৱাত বিয়াগোম কেলেংকাৰী সংঘটিত হৈ আহিছে। ইয়াত জড়িত হৈ আছে বিভাগীয় কৰ্মচাৰী, আৰু লেছি তথা ব্যক্তিগত নাৱৰ মালিক। এই সকল মিলি নিমাতি ঘাটক ছিণ্ডিকেটৰ ভু স্বৰ্গ কৰি তুলিছে। ইয়াত চৰকাৰী ফেৰীৰ নামত আবন্তিত তেলৰ কমিচনৰ পৰা সংগ্ৰহ হোৱা ৰাজহ গো গ্রাসে গিলালৈকে ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে যদিও এই ক্ষেত্ৰত বৰ্তমানো কোনো ব্যৱস্থা গ্ৰহণ নকৰাতো  অতি পৰিতাপৰ বিষয়। সংবাদমেলত সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে লগতে কয় যে, নিমাতি অফলা মুখ ঘাটৰ প্ৰতি যদি চাওঁ তেন্তে দেখোঁ যে অফলামুখ ঘাটত মুঠ ছয় খন ব্যক্তিগত নাও চলে। প্ৰতিখন নাৱৰ দুটা টিপ কৈ মুঠ ১২ টা টিপ চলে।  ব্যক্তিগত নাৱত প্ৰতি টিপত বি এল চি পায় ৭৮৩ টকা। অৰ্থাৎ  দৈনিক সংগ্ৰহ হয় ৯৩৯৬ টকা। সেইদৰে এটা বছৰত ব্যক্তিগত নাৱৰ পৰা সংগ্ৰহ হয় ৩৩,৮২,৫৬০ টকা। ইয়াত বছৰত ৬ টা দিন বিভিন্ন কাৰণত নাও বন্ধ থকা বুলি ধৰা হৈছে। অফলামুখত চৰকাৰী নাও দৈনিক চাৰি টিপ চলে। এটা টিপত সংগ্ৰহ হয় প্ৰায় ন হাজাৰ টকা। অৰ্থাৎ এটা দিনত মুঠ আয় হয় ৩৬ হাজাৰ টকা। সেই হিচাপত এটা বছৰত সংগ্ৰহ হয় ১,২৯,৬০,০০০ টকা। আনহাতে দৈনিক মালবাহী নাও চলে তিনি টিপ। এটা বছৰত সংগ্ৰহ হয় ৮,৪৫,৬২০। আনহাতে দৈনিক ৰিজাৰ্ভ নাও চলে এখন। তেনেদৰে চৰকাৰী নাৱৰ দৈনিক ডিজেলৰ খৰছ ৭২০০ টকা। আনহাতে দৈনিক কৰ্মচাৰীৰ খোৰাকী ৩০০ টকা। সেই হিচাপত এটা বছৰত ডিজেল আৰু খোৰাকী ৰ নামত খৰছ হয় ২৭ লাখ  টকা। আনহাতে এখন চিৰিৰ দাম আঠ হাজাৰ টকা। সেই হিচাপত দুই পাৰে মুঠ ৮ খন চিৰি আছে। এটা ৰেম্পত খৰছ হয় দহ হাজাৰ টকা। দুয়োপাৰে ৰেম্প লাগে মুঠ চাৰি টা। বাৰিষা খৰালি মুঠ ৰেম্প লাগে ৮ টা। উল্লেখযোগ্য যে ইমান পৰিমাণৰ ধন ৰাজকোষলৈ যোৱাৰ সলনি অফলাঘাটৰ দৰেই বিভাগীয় নীতি নিয়ম উলংঘা কৰি অন্যান্য খৰছৰ নামত অধিকাংশ ধনেই লুণ্ঠন চলাই আহিছে। কমলাবাৰী ঘাটটো নাৱৰ ডিজেল নথকাৰ  অজুহাত দেখুৱাই ব্যক্তিগত নাও চলাই বি এল চি নকটাকৈ ছিণ্ডিকেট চলাই আহিছে প্ৰভাৱশালী চক্ৰটোৱে। এই চক্ৰটো ইমানেই শক্তিশালী যে, কোনো বিভাগীয় কৰ্মচাৰীৰ সৈতে ছিণ্ডিকেট চক্ৰৰ অংক নিমিলিলেই দুৰ্নীতিৰ অভিযোগ দেখুৱাই চাকৰিৰ পৰা নিলম্বন বা বদলি কৰোৱাই অহা হৈছে। সেইবাবে যুৱ ছাত্ৰ পৰিষদে দাবী  কৰিছে যে, নাও সমূহৰ ফিটনেছ পৰীক্ষাৰ বাবে দুয়োপাৰৰ ৰাইজক লৈ এখন সমিতি গঠন কৰিব লাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here