Home Uncategorized যোৰহাটত নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত যুৱ...

যোৰহাটত নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা প্ৰতিবাদ

245
0

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২৩ ছেপ্টেম্বৰ :    গণতান্ত্ৰিক আন্দোলন অন্যায় ভাবে দমন কৰা আৰু নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি যোৰহাট জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখত ধৰ্ণা – প্ৰতিবাদেৰে উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে । সংগঠনটোৰ প্ৰতিবাদী সদস্যসকলে কেন্দ্ৰীয় চৰকাৰ হায়, হায়, ৰাজ্য চৰকাৰ সুচিয়াৰ , নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰক , আদি বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰে ।  লগতে এই প্ৰকল্পৰ সন্দৰ্ভত সংগঠনটোৱে জিলা উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here