Home অসম নামনি সোৱণশিৰী জলবিদুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ,

নামনি সোৱণশিৰী জলবিদুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ,

235
0


গণ বাৰ্তা, যোৰহাট, ৬ ছেপ্তেম্বৰ : দেশৰ প্ৰগতিৰ বাবে বিদ্যুৎ আৱশ্যক যদিও ২,০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্প কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিবিচাৰে। নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্প ৰাজ্যখনৰ বাবে কোনো উন্নয়নমূলক প্ৰকল্প নহয়। ই  উত্তৰ অসমৰ বিশেষকৈ মাজুলী, লখিমপুৰ, ধেমাজিকে ধৰি অঞ্চলসমূহৰ বাবে এই মানৱসৃষ্ট জলবোমাসদৃশ প্ৰকল্প নিৰ্মাণ কৰি উত্তৰ অসমৰ লক্ষ লক্ষ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এই প্ৰকল্প বন্ধৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা সমগ্ৰ ৰাজ্যৰ লগতে লগতে  পৰিষদৰ যোৰহাট জিলা সমিতিয়েও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।  যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ দুই শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ বৃহৎ নদীবান্ধ বন্ধ কৰক, এনএইচপিচি গ’ বেক, মিছলীয়া বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত অংশ লয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জাকিৰ হুছেইন আৰু অসীজ্যোতি শইকীয়াৰ লগতে পৰিষদৰ যোৰহাট জিলা সমিতিৰ  উপদেষ্টা নৃপেন ৰাজখোৱা।  কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই জনায় যে জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’লে উত্তৰ অসমৰ ৰাইজ এক জলবোমাৰ আতংকত থাকিব লাগিব। ভৱিষ্যতে হ’ব পৰা ভয়ংকৰৰ কথা চিন্তা কৰিয়েই অসমবাসী ৰাইজে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আন্দোলন  কৰি আহিছে। আৰু এই আন্দোলনৰ সপক্ষে থিয় দি বৰ্তমানৰ বিজেপি চৰকাৰৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুতৰ নিৰ্মাণৰ কাম বন্ধ কৰিব, কিন্তু শাসনলৈ অহাৰ পাছত অসমবাসীৰ অজ্ঞাতেই প্ৰকল্পৰ কাম আগবঢ়াই নিছে। এয়া এক অসমবাসীক কৰা চৰম প্ৰতাৰণা। উল্লেখ্য যে চলিত বছৰৰ আগষ্ট মাহৰ বানপানীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল ভাগি যোৱা আৰু জল সংৰক্ষণৰ ওপৰেদি পানী বাগৰি নামনি অঞ্চল বিশেষকৈ ধেমাজি, লখিমপুৰ মাজুলী, তেজপুৰ আদিত বানপানী সৃষ্টি হৈ নৈপৰীয়া ৰাইজৰ কৃষি পশুধন ধ্বংস কৰাৰ লগতে খহনীয়া সৃষ্টি হৈ ৰাইজ এতিয়া সৰ্বস্বান্ত হৈ পৰিছে। সেয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰক নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্প নিৰ্মাণ অতিশীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here