Home Main Stories আক্রমন কৰা অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে বিলাসীপাৰা আৰক্ষীৰ বিৰুদ্ধে ভুক্তভূগি জহিৰুল ইছলাম...

আক্রমন কৰা অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে বিলাসীপাৰা আৰক্ষীৰ বিৰুদ্ধে ভুক্তভূগি জহিৰুল ইছলাম সৰকাৰৰ অভিযোগ

139
0

বিলাসীপাৰা, 14 জুলাই: বিলাসীপাৰা বাঙালীপাৰা নতুন ফলিমাৰী ১ম খণ্ড গাঁওৰ জহিৰুল ইছলাম সৰকাক যোৱা ৪ জুলাই ৰবিবাৰৰ দিনা ৪ মান বজাত নিজৰ গৃহৰ পৰা বাঙালীপাৰা বজাৰলৈ আহি থকা অৱস্থাত একে খন গাঁওৰ ময়নাল হক নামৰ অভিযুক্ত গৰাকীয়ে জহিৰুল ইছলাম সৰকাৰক আগভেটি ধৰি থিয় কৰায়। তাৰ পিছত অভিযুক্ত ময়নাল হকৰ লৰা গুডু আলী,সাইনুৰ ইছলাম,আমজাদ আলীৰ লগতে আস্কৰ আলী নামৰ কেইবা গৰাকী অভিযুক্তই পিছ ফালৰ পৰা আহি লাঠি,চোকা অস্ত্ৰ আদিৰে কোৱাই হাত ভৰি ভাঙি শৰীৰৰ বিভিন্ন স্থানত গুৰুত্ব ভাৱে আঘাত প্ৰাপ্ত কৰি অচেতন অৱস্থাত পেলাই থৈ যায় জহিৰুল ইছলাম সৰকাৰক। মুঠৰ উপৰত গুৰুত্বপূৰ্ণ ভাৱে আঘাত প্ৰাপ্ত জহিৰুল ইছলাম সৰকাৰক অভিযুক্ত কেইবা গৰাকীয়ে প্ৰাণে মাৰাৰ চেষ্টা চলাইছিল। যদিও জহিৰুল ইছলাম সৰকাৰে চিঞৰ -বাখৰ কৰাত ঘটনা স্থলীত বাটৰুৱা দুগৰাকী ব্যক্তিয়ে উপস্থিত হোৱাত আৰু মুৰত হেলমেট পৰিধান থকাৰ বাবে কোনো মতে প্ৰাণ ৰক্ষা পৰিছে, সৰকাৰৰ। পিছত ঘটনা স্থলীত আৰক্ষীয়ে উপস্থিত হৈ জহিৰুল ইছলাম সৰকাৰক চিকিৎসাৰ বাবে বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে,আৰক্ষীয়ে। যদিও গুৰুত্ব ভাৱে আঘাত প্ৰাপ্ত জহিৰুল ইছলাম সৰকাৰৰ সংকট জনক অৱস্থা থকাৰ ফলত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে সৰকাৰক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সমগ্ৰ ঘটনা সন্দৰ্ভত জহিৰুল ইছলাম সৰকাৰৰ পত্নীয়ে বিলাসীপাৰা আৰক্ষী নিৱেশত ৫৯৩ নন্বৰ ৩৪১/৩২৫/৩২৬/ ৩৪ আই,পি,ছি এখন গোচৰ ৰুজু কৰি আহিছে,যদিও এসপ্তাহ উকলি যোৱাৰ পিছতো জহিৰুল ইছলাম সৰকাৰক আক্রমন কৰা অভিযুক্ত কেইবা গৰাকীয়ে গিজ গিজাই ফুৰি থকাৰ ফলতো অভিযুক্ত কেইবা গৰাকীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই,বুলি সংবাদ মাধ্যমৰ অভিযোগ তুলিছে, ভূক্তভূগি জহিৰুল ইছলাম সৰকাৰে। এসপ্তাহ উকলি যোৱাৰ পিছতো গুৰুত্বপূৰ্ণ ভাৱে আক্রমন কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাৰ কাৰন কি ? বিলাসীপাৰা আৰক্ষীৰ। ইয়াৰ আঁৰৰ ৰহস্য কি ? আৰক্ষীৰ,এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে,আক্রমন হোৱা ভূক্তভূগি জহিৰুল ইছলাম সৰকাৰৰ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here