Home Main Stories তেজপুৰত জুবিনে ক’লে- ‘জোৰজৱৰদস্তিকৈ লোৱা চান্দা বন্ধ কৰিব লাগে’ : সাংবাদিকৰ...

তেজপুৰত জুবিনে ক’লে- ‘জোৰজৱৰদস্তিকৈ লোৱা চান্দা বন্ধ কৰিব লাগে’ : সাংবাদিকৰ বীমাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ বাবে চৰকাৰলৈ আহ্বান

199
0

ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৬ ডিচেম্বৰ : তেজপুৰস্থ নেম কেয়াৰ হস্পিতালত নেমকেয়াৰ ফাউণ্ডেচনৰ তৰফৰ পৰা  আজি সাংবাদিক সকলক “হেল্থ কাৰ্ড “ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷ নেমকেয়াৰৰ সঞ্চালক ডাঃ হীতেশ বৰুৱাৰ উপস্থিতিত এই কাৰ্ড  প্ৰদান  কৰে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে৷ উল্লেখ্য যে , এই  কাৰ্ডৰ জৰিয়তে সংবাদমাধ্যমৰ লোকৰ লগতে তেওঁলোকৰ পৰিয়াল-আত্মীয়ই চিকিৎসালয়খনত চিকিৎসাজনিত ব্যয়ত লাভ কৰিব ২০% ৰেহাই৷ ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনটোত তেজপুৰ জ্যোতী ভাৰতীত শিল্পী- সাহিত্যিকক প্ৰদান কৰা হ’ব এই হেল্থ কাৰ্ড৷ চৰকাৰে চান্দা আৰু বন্ধ সংস্কৃতি নিষিদ্ধ কৰাৰ বাবে চিন্তাচৰ্চা কৰাৰ সন্দৰ্ভত আজি  সাংবাদিকে সোধা প্ৰশ্নোত্তৰত জনপ্ৰিয় শিল্পী জুবিনে কয়- বিহুসন্মিলনৰ অনুষ্ঠিত কৰিবলৈ ৰাইজে মনেৰে আগ্ৰহেৰে দিয়া দুশ, পাচঁশ টকা আদি  দান- বৰঙনিক চান্দা বুলি ধৰিব নালাগে৷ কিন্তু জোৰজৱৰদস্তিকৈ লোৱা চান্দা মই সমৰ্থন নকৰোঁ, এইয়া বন্ধ হ’ব লাগে৷ উল্লেখ্য যে, সাংবাদিকৰ জীৱন বীমাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জুবিনে প্ৰসংগক্ৰমে নদী বান্ধৰ সন্দৰ্ভতো নিজৰ অভিমত ব্যক্ত কৰে৷ চীনে যদি হোৱাংহো নদীত বান্ধ নিৰ্মাণ কৰিব পাৰে তেন্তে ইয়াতো  নোৱাৰাৰ কাৰণ নাই বুলি মত প্ৰকাশ কৰি জুবিন গাৰ্গে নিজকে এই ক্ষেত্ৰত বিশেষজ্ঞ নহয় যদিও ক্ষতিসাধন নোহোৱাকৈ বিজ্ঞানসন্মত ভাৱে বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব পাৰে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, সাংবাদিকক হেল্থ কাৰ্ড বিতৰণৰ অন্তত ডাঃ হীতেশ বৰুৱাৰ সহযোগত তেজপুৰ নেমকেয়াৰত চিকিৎসাধীন ৰোগী সকলৰ মাজত ফলমূল আৰু ফুল যাচি স্বাস্থ্যৰ খবৰো লয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here