অভিনেত্ৰী জুনজুন বৰাৰ জীৱনৰ নতুন ইনিংছঃ যুগ্মজীৱনৰ পাতনি মেলিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে

গুৱাহাটী, ২৩ মে’: দীৰ্ঘদিনীয়া সফল প্ৰেমৰ পৰিসমাপ্তিত প্ৰেমিক তথা বিশিষ্ট ব্যৱসায়ী ৰবীন ৰাজৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী জুনজুন বৰাই। শনিবাৰে আঙুঠি পিন্ধোৱা পৰ্ব সুকলমে সম্পন্ন কৰিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে অভিনয়ৰ পথাৰত খোজ দিয়া জুনজুন বৰা বৰ্তমান অসমীয়া চলচ্চিত্ৰজগতৰ এটি বহু চৰ্চিত নাম। নিজ প্ৰতিভাৰে ভ্ৰাম্যমাণৰ উপৰি কেইবাখনো চলচ্চিত্ৰ, জনপ্ৰিয় ধাৰাবাহিক আৰু মিউজিক ভিডিঅ’ৰ যোগেদি দৰ্শকৰ মাজত উজ্জ্বলি উঠা জুনজুন সম্প্ৰতি “জোনাক” চেনেলত প্ৰচাৰ হৈ থকা “তোমাৰ উশাহতে” নামৰ ধাৰাবাহিকখনত দেখিবলৈ পোৱা গৈছে। সাৱলীল অভিনয়েৰে সকলোৰে মন মুহিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া প্ৰেমক সফল পৰিসমাপ্তি দিয়াৰ উদ্দেশ্যে প্ৰেমিক ৰবীন ৰাজৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সুকলমে সম্পন্ন কৰিলে। প্ৰতিগৰাকী অনুৰাগী তথা শুভাকাংক্ষীৰ পৰা তেওঁলোকে বিচাৰিছে আশীৰ্বাদ আৰু শুভকামনা।

Comments (0)
Add Comment