১২ ৰাজ্যৰ ১২৪ টা সমষ্টি দখলৰ পৰিকল্পনা বিজেপিৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। পুনৰবাৰ দিল্লীৰ মছনদ দখলৰ ৰণনীতি প্ৰস্তুত কৰিছে মোদী চৰকাৰে। প্ৰতিখন ৰাজ্যতেই এতিয়া বিজেপিয়ে শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সর্বোচ্চ উজাৰি দিয়াই নহয়, সাংগঠনিক ভেটি পূৰ্বৰ তুলনাত মজবুত কৰি বিৰোধী দলসমূহক থানবান কৰি দিয়াৰ পৰিকল্পনা প্রস্তুত কৰিছে। আগন্তুক লোকসভা নির্বাচনক লৈ ইতিমধ্যে বিজেপিয়ে দেশক পাঁচটা মণ্ডলত ভাগ কৰিছে। অইন ৰাজ্যৰ লগতে এইবাৰ বিজেপিয়ে পূব প্ৰান্তৰ ১২ খন ৰাজ্যৰ ১২৪টা লোকসভা সমষ্টি দখলৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত পূব মণ্ডলৰ পৰা প্ৰায় ১০০খন আসন দখলৰ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে। সেই অনুসৰি আজি পূব প্ৰান্তৰ ১২৪খন আসন দখলৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে পূব মণ্ডলৰ প্ৰথমখন বৈঠক বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হয়। গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পাঁচটা মণ্ডলৰ ভিতৰত পূব মণ্ডলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ চখন ৰাজ্যৰ লগতে বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ বিজেপিৰ সভাপতি আৰু প্ৰভাৰীসকল উপস্থিত থাকে। বৈঠকত কেবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত পূব প্ৰান্তৰ ১২খন ৰাজ্যৰ ১২৪টা লোকসভা সমষ্টি কিদৰে দখল কৰিব পৰা যায়, সেই সন্দৰ্ভত বিতংভাৱে ৰণনীতি প্ৰস্তুত কৰা হয়। উল্লেখ্য যে পূব অঞ্চলত বিহাৰ, ঝাৰখণ্ড, ওড়িশাৰ উপৰি পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, অসমক অন্তৰ্ভুক্ত কৰা হৈছে। পূব মণ্ডলৰ এই ৰাজ্যসমূহত গৰিষ্ঠসংখ্যক লোকসভাৰ আসন দখলৰ বাবে বৈঠকত কেতবোৰ ৰণনীতি প্ৰস্তুত কৰে। বৈঠক সন্দৰ্ভত ৰাষ্ট্ৰীয় মুখপাত্র নলিন কোহালিয়ে কয় যে দলৰ সাংগঠনিক ভেটি সন্দৰ্ভত আলোচনা কৰা হয়। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূব ক্ষেত্ৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। বিৰোধী লগ হ’ব পাৰে, কিন্তু মোদীক আঁতৰ কৰিব নোৱাৰে।

ইপিনে, মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে গৃহমন্ত্ৰী তিনিবাৰকৈ আহিছে, কিন্তু একাংশই শান্তি বিচৰা নাই। ইয়াৰ বিপৰীতে একাংশই জ্বলা জুইত ঘি ঢালিছে। মণিপুৰৰ ইচ্যুৱে লোকসভা নির্বাচনত একো প্ৰভাৱ নেপেলায় বুলি ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে দাবী কৰে। ইপিনে, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সাংবাদিকৰ আগত কয় যে বৈঠকখন আছিল সম্পূর্ণ সাংগঠনিক ভিত্তিত। অহা ৮ জুলাইত অনুষ্ঠিত হ’ব বিষয়ববীয়াৰ বৈঠক। বৈঠকত লোৱা পৰামৰ্শসমূহ আগবঢ়াই নিয়া হ’ব। বিৰোধীৰ ১২ নহয়, ২২টা দল লগ লাগিলেও মোদীক আঁতৰ কৰিব নোৱাৰে বুলি ভৱেশ কলিতাই দাবী কৰে। মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচনক লৈ একপ্ৰকাৰ তৎপৰ হৈ পৰিছে বিজেপি দল । পুনৰবাৰ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপিয়ে কৌশল অৱলম্বন কৰিছে। আনকি, দেশখনত পাঁচটা মণ্ডলত বিভক্ত কৰিছে। প্ৰতিটো মণ্ডলৰ অধীনৰ লোকসভা সমষ্টিসমূহৰ দখলৰ লক্ষ্যৰে পৰ্যায়ক্রমে কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ব্লুপ্ৰিণ্ট ৰচনা কৰিব। তাৰেই অংশ হিচাপে আজি গুৱাহাটীত পূব মণ্ডলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত পূব মণ্ডলৰ ১২ জিলাত ১২৪ খন আসন দখলৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়।

Assambjpnews
Comments (0)
Add Comment