মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’

ড্ৰাগছ, ধঁপাত, অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে হুংকাৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয়। বিশিষ্ট কবি, লেখক মুহাম্মাদ আফজালৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি খাইৰুল ইছলামে।

গীত আৰু কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে জ্যেষ্ঠ সাংবাদিক, কবি বদৰুজ জামান আকতাৰ, শিক্ষক জিন্নাতুল ইছলাম, কবি, লেখক খাইৰুল ইছলাম, কবি আশ্ৰাফুল হক আৰু কবি, লেখক মুহাম্মাদ আফজালে। লগতে কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে স্কুলীয়া বিদ্যাৰ্থী ক্ৰমে ৱাকিফা তাছৰিন, মুহাম্মাদ ফাহিম, মাহীন চুলতানা আৰু ফাৰহিন জাহানে। লক্ষণীয়ভাৱে উপস্থিত বাটৰ কবিসকলে আজি কবিতা আৰু বক্তব্যৰ মাজেৰে ড্ৰাগছ, ধঁপাত, অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ হুংকাৰ দিয়ে। সামাজিক ব্যাধিসমূহ শিপাৰ পৰাই নিৰ্মূল কৰি উঠি অহা প্ৰজন্মক ৰক্ষা কৰিবলৈ কবিসকলে ৰাইজক বিনম্ৰ আহ্বান জনায় আৰু এনে সমাজ সংস্কাৰমূলক কামত সকলো দল-সংগঠনৰ সহযোগিতা একান্তভাৱে কামনা কৰে।

স্মৰ্তব্য যে তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

Uncategorized
Comments (0)
Add Comment